গণ বাৰ্তা,আগিয়া,১৪ নৱেম্বৰ: অসম সাহিত্য সভাৰ আগিয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাৰ লগতে শাখাৰ অষ্টাদশ সংখ্যক মুখপত্ৰ ৰ’দালি আজি উন্মোচন কৰা হয় ।যোগেন্দ্ৰ নাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা সভাখপত আগিয়া শাখা সাহিত্য সভাৰ সভাপতি পদ্মবাহাদুৰ গুৰঙে সভাপতিত্ব কৰে । ৰাতিপুৱা ১০ বজাত বিষয় বাছনি সভাত পুৰণি কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰি লোৱা হয় ।নতুন কমিটিৰ সভাপতি হিচাপে পুনৰ পদ্মবাহাদুৰ গুৰঙকে নিৰ্বাচিত কৰাৰ বিপৰীতে পুৰণি কমিটিৰ সম্পাদক সৈলেন বৰ্মনৰ সলনি জয়শ্ৰীদেৱী নাথক সম্পাদক/সম্পাদিকা হিচাপে সভাই সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে ।এনেদৰে মূল কমিটিত সাহিত্যৰ লগত জড়িত থকা ৯ গৰাকীলোকক বিষয়বাব দিয়াৰ লগতে ১৫ গৰাকী সদস্য/সদস্যাক নিৰ্বাচিত কৰে সভাই ।উপদেষ্টা চাৰিগৰাকী ৰখা হয় ।উক্ত বিষয় বাছনি সভা অন্ত পৰাৰ লগে লগে দিনৰ ১২ বজাত উন্মোচনী সভা অনুষ্ঠিত হয় । সাংস্কৃতিক সম্পাদক নাৰায়ণ দাসৰ তত্বাৱধানত চিৰ চেনেহী মোৰ ভাষা জননী চিৰযুগমীয়া আৰম্ভণি গীতেৰে আৰম্ভ হোৱা উন্মোচনী সভাত অৱসৰ প্ৰাপ্ত শিক্ষক তথা সমাজসেৱক হেমেন ৰায়ে উদ্বোধনী ভাষণ আগবঢ়ায় ।তেওঁ কয় যে—সাহিত্য সভাই সাহিত্য সৃষ্টি নকৰে পৰিৱেশহে সৃষ্টি কৰে ।এনে পৰিৱেশ আগিয়া শাখা সাহিত্য সভাই সৃষ্টি কৰিব পাৰিছে বুলি মত প্ৰকাশ কৰি গৌৰৱবোধ কৰে ।ইয়াৰ পিছত সভাই আমন্ত্ৰণ কৰি অনা সদৌ অসম লেখিকা সমাৰোহৰ উপ-সভানেত্ৰী তথা গোৱালপাৰা জিলা শাখাৰ সভানেত্ৰী গীতা দাসৰ জৰিয়তে আগিয়া শাখা সাহিত্য সভাৰ ১৮ সংখ্যক মুখপত্ৰ ৰ’দালি” আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় ।বিশিষ্টা লেখিকা গীতা দাসে মুখপত্ৰ ৰ’দালি’খন উন্মোচন কৰি কয় যে–মাতৃসকলেহে বুজি পায় সন্তান প্ৰসৱৰ যন্ত্ৰণা ।সেইদৰে পিতৃসকলে বুজি পায় সংসাৰৰ যাতনা ।এনে গূঢ়াৰ্থ বাক্য শাৰীয়েদি লেখিকাগৰাকীয়ে কয় আগিয়া শাখা সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানে অবিৰতভাবে বাৰ্ষিক মুখপত্ৰ ৰ’দালি প্ৰকাশ কৰি এটা চিনাকী দিবলৈ সক্ষম হোৱাৰ লগতে সমাজক সুন্দৰ পথ দেখুৱাইছে ।সেয়ে ৰ’দালিখন পঢ়ি চাবলৈ তেওঁ সাহিত্যপ্ৰেমী ৰাইজক আহ্বান জনায় ।আন এগৰাকী বক্তা আগিয়া জে এন মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জয়চন্দ্ৰ নাথে ১৯৮৪ চনত গঠন হোৱা আগিয়া শাখা সাহিত্য সভাৰ জন্ম ইতিবৃত্ত সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰে ।সভাত গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ ৰাভা প্ৰমূখ্যে সম্পাদক জীতুমনি দাস আৰু কেন্দ্ৰীয় প্ৰতিনিধি বাণীকান্ত ৰাভা উপস্থিত থাকি বহুমুলীয়া ভাষণ আগবঢ়ায় ।
Home Uncategorized আগিয়া শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাত অষ্টাদশ সংখ্যক মুখপত্ৰ ৰ’দালি উন্মোচন