Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ভোটাৰ তালিকাৰ বিসংগতি-অভিযোগ নিষ্পত্তি কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

ভোটাৰ তালিকাৰ বিসংগতি-অভিযোগ নিষ্পত্তি কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

74
0

নতুন দিল্লী, ২৩ নৱেম্বৰ : ভোটাৰ তালিকাসমূহত চলি থকা বিসংগতি আৰু নিৰ্বাচন আয়োগলৈ অহা অভিযোগসমূহ অতিশীঘ্ৰে নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে৷ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে সোমবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ নিৰ্বাচনী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত ভোটাৰ তালিকাৰ বিসংগতি, পুলিং ষ্টেচন, নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগ নিষ্পত্তি, ই ভি এম-ভি ভি পেড, পুলিং ষ্টাফ, মিডিয়া আৰু যোগাযোগ প্ৰশিক্ষণ বৃদ্ধিৰ বিষয় সম্পৰ্কে আলোচনা হয়৷ বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাই কয় যে ৰাজ্য-কেন্দ্ৰীয়শাসিত নিৰ্বাচনী বিষয়াসকলে ভোটাৰ তালিকাসমূহত চলি থকা বিসংগতিসমূহ শীঘ্ৰে নিষ্পত্তি কৰিব লাগে৷ একেদৰে ভোটদান কেন্দ্ৰসমূহত যাতে সুন্দৰভাৱে ভোটদান সম্পন্ন কৰিব পৰা যায়, তাৰ বাবেও উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ তেওঁলোকৰ তাত যিসমূহ গোচৰ দীৰ্ঘদিন ধৰি পৰি আছে সেইসমূহ তৎকালীনভাৱে নিষ্পত্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ বিশেষকৈ ভোটাৰ পঞ্জীকৰণ বিষয়টো নিয়াৰিকৈ চলাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ তেওঁ কয় যে ভোটাৰসকলে যাতে ভোটদান প্ৰদানৰ ক্ষেত্ৰত এক সুন্দৰ অনুভৱ লাভ কৰিব পাৰে তাৰ নি(য়তা কৰিব লাগে৷ লগতে নিৰ্বাচনী বিষয়াসকলে নিয়মীয়াভাৱে ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত বহিব লাগে৷ নিৰ্বাচনী বিষয়াসকলক ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত বহাৰ নিৰ্দেশ দি কয় যে ইয়াৰ দ্বাৰাহে ৰাজনৈতিক দলসমূহৰ অভাৱ-অভিযোগসমূহৰ বুজ ল’ব পৰা যাব আৰু সেইসমূহ দূৰ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব৷ বৈঠকত নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে নিৰ্বাচন আয়োগৰ আইনী পৰিকাঠামো অতি শক্তিশালী যদিও তৃণমূল পৰ্যায়ত আয়োগৰ বিভিন্ন নিৰ্দেশনা কাৰ্যক্ষেত্ৰত ব্যৱহাৰ কৰাটোহে অতি গুৰুত্বপূৰ্ণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here