Home Main Stories মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

78
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ অক্টোবৰ: পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে৷ ভোটাৰ ৰাইজক নিজৰ সমৰ্থনলৈ অনাপ বাবে শাসকীয় দল বিজেপিয়ে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে৷ একাধিক প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ৷ উক্ত অভিযোগৰ ভিত্তিতেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে৷ আজি প্ত বজাৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি আঁচনি ঘোষণা কৰিছিল৷
আনকি প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে সমষ্টিসমূহত দলং, পথ, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব৷ ভোটাৰক আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে৷ নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে চৰকাৰী আঁচনি ঘোষণা কৰি নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ উত্থাপন কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ উক্ত অভিযোগৰ ভিত্তিতেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে৷ যদি উক্ত জাননীৰ উত্তৰ নিদিয়ে তেন্তে নিৰ্বাচন আয়োগে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে৷ উল্লেখ্য যে ৰাজ্যৰ পাঁচটা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন৷ যাৰ বাবে ৰাজ্যৰ সকলো দলেই নিজ নিজ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানত নামি পৰিছে৷ এইক্ষেত্ৰত পিছ পৰি থকা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ঘোষণা কৰিছে বহু আঁচনি৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটাৰক আকৃষ্ট কৰিবলৈ আৰ্থিক সাহায্যৰ লগতে সমষ্টিত চিকিৎসা মহাবিদ্যালয়, দলং, বাট-পথ, শিক্ষানুষ্ঠান, ষ্টেডিয়াম নিৰ্মাণৰ কথা উল্লেখ কৰে৷ যাক লৈ বিৰোধী দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে আয়োগত অভিযোগ দাখিল কৰিছিল৷ যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ পৰা লাভ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ অনাৰ লগতে ইয়াৰ ভিডিঅ’ আৰু বাতৰি তথ্য প্ৰমাণ হিচাপে নিৰ্বাচনী আয়োগক দাখিল কৰে কংগ্ৰেছে৷ সকলো ভিডিঅ’ আৰু তথ্য প্ৰমাণ পৰীক্ষা কৰি নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে৷ আজি সন্ধিয়া প্ত বজাৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়ে নিৰ্বাচন আয়োগে৷ জাননীত উল্লেখ কৰা অনুসৰি, যদি মুখ্যমন্ত্ৰীয়ে সন্ধিয়া ৬ বজাৰ ভিতৰত কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়ে, তেন্তে আয়োগৰ ফালৰ পৰা তদন্ত কৰা হ’ব ৷ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে দলৰ প্ৰাৰ্থীৰ হৈ ভৱানীপুৰ, থাওৰা আৰু মৰিয়নী সমষ্টিত বিজেপিৰ ষ্টাৰ প্ৰচাৰক হিচাপে প্ৰচাৰৰ সময়ত ভোটদাতাসকলৰ আগত চিকিৎসা মহাবিদ্যালয়, দলং, বাট-পথ, শিক্ষানুষ্ঠান, ষ্টেডিয়াম নিৰ্মাণ কৰাৰ লগতে খেলৰ পৰিসৰ বৃদ্ধি কৰাৰ ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here