Home উত্তৰ পূৰ্বাঞ্চল আধাৰৰ সৈতে সংযোগ হ’ব ভোটাৰ কাৰ্ড:প্ৰতিবাদৰ মাজতেই নিৰ্বাচনী সংস্কাৰ বিধেয়ক লোকসভাত গৃহীত

আধাৰৰ সৈতে সংযোগ হ’ব ভোটাৰ কাৰ্ড:প্ৰতিবাদৰ মাজতেই নিৰ্বাচনী সংস্কাৰ বিধেয়ক লোকসভাত গৃহীত

287
0


নতুন দিল্লী, ২০ ডিচেম্বৰ: আধাৰ কাৰ্ডৰ সৈতে সংযোগ হ’ব ভোটাৰ কাৰ্ড৷ আজি ইয়াৰ সৈতে জড়িত এখন বিধেয়ক বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ মাজত গৃহীত হয়৷ নিৰ্বাচনী সংস্কাৰৰ সৈতে জড়িত বিধেয়কখন লোকসভাৰ মজিয়াত গৃহীত হোৱাৰ লগেলগে আধাৰৰ সৈতে ভোটাৰ কাৰ্ড লিংক হোৱাৰ কাৰ্যটো আৰু এখোজ আগুৱাইছে৷ এই বিধেয়কখন লোকসভাৰ মজিয়াত উত্থাপন কৰাৰ সময়ছোৱাত বিৰোধীয়ে প্ৰবল প্ৰতিবাদ কৰে৷ বিৰোধীৰ দাবী – ভোটাৰ কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিলে এনে বহু লোকে ভোটাধিকাৰ লাভ কৰিব, যিসকল দেশৰ নাগৰিক নহয়৷ এই বিধেয়কখন উত্থাপন কৰাৰ সময়ছোৱাত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ইয়াৰ বিৰোধিতা কৰি কয় যে আধাৰ আৱাসিক ঠিকনাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব লাগিছিল৷ কিন্তু চৰকাৰে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰক সংযোগ কৰিব বিচাৰিছে৷ ইয়াৰ ফলত বিদেশী নাগৰিকেও ভোটাধিকাৰৰ সুযোগ লাভ কৰিব৷ টি এম চিৰ সাংসদ সুগতো ৰায়ে কয় যে কেন্দ্ৰই নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিছে৷ সেইবাবে এই বিধেয়কৰ বিৰোধিতা কৰিছো বুলি উল্লেখ কৰে৷ এই বিধেয়কক লৈ বিৰোধী সাংসদসকলে লোকসভাৰ মজিয়া উত্তাল কৰা পৰিলক্ষিত হয়৷ যাৰ ফলত দুঘণ্টা সংসদৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়৷ এই বিধেয়কখনৰ পক্ষত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে চৰকাৰে ভুৱা ভোটাৰ আৰু ভুৱা ভোটদান বন্ধ কৰিব বিচাৰিছে৷ সেইবাবে বিৰোধী সাংসদসকলে চৰকাৰক সমৰ্থন কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here