Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ইলেকট্ৰিক বাহনৰ ষ্টিয়েৰিং এইবাৰ মহিলাৰ হাতত

ইলেকট্ৰিক বাহনৰ ষ্টিয়েৰিং এইবাৰ মহিলাৰ হাতত

135
0


বিশেষ প্ৰতিনিধি, ৮ আগষ্ট ঃ আমাৰ দেশত ক্ৰমাৎ ঠন ধৰি উঠিছে এক বিদু্যৎচালিত যান-বাহনৰ উদ্যোগে৷ দেশৰ আন যিকোনো উদ্যোগ বা আন কৰ্মসংস্থাপন ক্ষেত্ৰৰ তুলনাত এই বিদু্যৎচালিত যান-বাহনৰ [ইভি বা ইলেক্‌ট্ৰিক ভেহিকল] উদ্যোগলৈ মহিলাৰ আগমন ঘটিছে এক অভাৱনীয় আৰু উৎসাহজনক হাৰত৷ সেয়ে দেখা গৈছে যে অ’লা আৰু পিয়াগগিয়ৰ দৰে কোনো কোনো ইভি কোম্পানীত নিযুক্তি লাভ কৰিছে ৫০ শতাংশকৈ মহিলাই৷ এই মহিলাসকলে যে কেতবোৰ নিৰ্দিষ্ট পদতহে নিযুক্তি পাইছে তেনেকুৱাও নহয়, বৰং এটা কোম্পানীৰ সৰ্বোচ্ছ পদবী চিইঅ’ৰ পৰা আৰম্ভ কৰি ডিজাইনাৰ, ইঞ্জিনীয়াৰ, শ্বপ ফ্ল’ৰ ৱৰ্কাৰ সকলোতে মহিলাৰ উপস্থিতি ইমানেই চকুত লগা যে ভাৰতত ইভি উদ্যোগক মহিলাই নেতৃত্ব দিছে বুলিয়ে সকলোৱে কয়৷ অৱশ্যে সৌ সিদিনালৈকে যান-বাহন নিৰ্মাণ উদ্যোগ কেৱল ভাৰততেই নহয়, পৃথিৱীৰ সৰ্বত্ৰ আছিল এক পুৰুষ অধ্যুষিত খণ্ড৷ তেনে ভাৰতৰ ইভি উদ্যোগত মহিলাৰ এনেদৰে বিপুল সমাদৰৰ কাৰণ কি, ভাৰতৰ পৰা বিশ্বই কিবা শিকিবলগীয়া আছে নেকি, এই প্ৰশ্নও সংবাদ মাধ্যমকে ধৰি বিভিন্ন খণ্ডত উত্থাপিত হৈছে৷ ইভি উদ্যোগতে কাম কৰা এগৰাকী মহিলা হৈছে পুণেৰ ৩৫ বছৰীয়া, দুই সন্তানৰ মাতৃ প্ৰতিভা কুম্ভাৰ৷ প্ৰতিভাই শিকিছিল ছলডাৰিঙৰ কাম, প্ৰশিক্ষণো লৈছিল আৰু ভাবিছিল যে ইলেক্‌ট্ৰিচিয়ান হিচাপেই জীৱিকা নিৰ্বাহ কৰিব৷ কিন্তু প্ৰতিভাৰ স্বামীৰ আছিল এখন কাপোৰ চিলাই কৰা দোকান, প্ৰতিভাকো তাতেই কামত লগাই দিয়াত তেৱোঁ শাৰী হেম কৰা কামতে লাগি থাকিবলগীয়া হৈছিল৷ কিন্তু এদিন অকস্মাতে যে প্ৰতিভাই বিচৰা কামটো পুণেত পাইছিলহি, ইভিৰ কোম্পানী এটাত প্ৰতিভাও সোমাল৷ তাৰ আগলৈকে প্ৰতিভাই ৰাস্তাৰ কাষৰ সাধাৰণ ইলেক্‌ট্ৰিক দোকান এখনত কাম কৰিব পাৰিলেহেঁতেন যদিও সোয়া বৰ নিৰাপদ বুলি ক’ব নোৱাৰি, ইফালে ঘৰত ল’ৰা-ছোৱালীৰো লেঠা৷ কিন্তু আজি প্ৰতিভাৰ সপোন যে দিঠক হৈছে, পুণেৰ এটা ফেক্টৰীতে তেওঁ বিদু্যৎচালিত যানৰ স্পীডোমিটাৰৰ কাৰণে চাৰ্কিট এছেম্বল কৰাৰ কাম কৰে৷ তাতোকৈয়ো আনন্দৰ কথা, প্ৰতিভাৰ এয়াই প্ৰথম আনু্‌ষ্ঠানিক চাকৰি আৰু মজুৰিও নিৰ্ধাৰিত৷ উল্লেখ্য যে চৰকাৰে পৰিৱেশ নিকা কৰি ৰখাৰ উদ্দেশ্যে বিদু্যৎচালিত যান-বাহন উদ্যোগৰ বিকাশৰ হকে নীতি গ্ৰহণ কৰাৰ লগতে বিগত সময়ছোৱাত এনে যান-বাহনৰ আশাব্যঞ্জক বিক্ৰীয়ে ভালেমান মহিলাৰ বাবে নিয়োগ আৰু নিৰাপত্তাও সুনিশ্চিত কৰে৷ পোনতে ইভিৰ মান আৰু নিৰাপত্তাক লৈ অনেকে সন্দেহ প্ৰকাশ কৰিছিল, লগতে চাৰ্জিং চেণ্টাৰৰ অভাৱ হ’ব বুলিও আশংকা কৰা হৈছিল যদিও ভাৰতত ইভিৰ চাহিদা যোগানতকৈ অধিক হৈ পৰে, সেয়ে এনে বাহনৰ নিৰ্মাতাসকলেও উৎপাদন বৃদ্ধিত মনোনিৱেশ কৰিবলগীয়া হোৱাত সদায় পুৰুষে কৰি অহা অনেক কামৰ বাবে মহিলাকো সুযোগ দিবলৈ লয়৷ প্ৰতিভাই কাম কৰে কাইনেটিক গ্ৰnপৰ সহযোগী কাইনেটিক কমিউনিকেচন্‌ছৰ এক শ্বপ-ফ্ল’ৰত, য’ত সকলো কৰ্মচাৰীয়েই মহিলা৷ প্ৰতিভাৰ নিয়োগকৰ্তা কোম্পানীৰ শ্ৰমিক বাহিনীৰ পাঁচভাগৰ চাৰিভাগেই হৈছে মহিলা৷ আনহাতে ভাৰতৰ সৰ্বমুঠ শ্ৰমিক শক্তিৰ ২০ শতাংশহে মহিলা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here