Home অসম চিৰাং-কোকৰাঝাৰৰ সীমান্ত অঞ্চলত বন্যহস্তীৰ তাণ্ডব : হাতীৰ গছকত মৃত্যু বৃদ্ধৰ

চিৰাং-কোকৰাঝাৰৰ সীমান্ত অঞ্চলত বন্যহস্তীৰ তাণ্ডব : হাতীৰ গছকত মৃত্যু বৃদ্ধৰ

135
0

কাজলগাঁও ,২৬ নভেম্বৰ: চিৰাং আৰু কোকৰাঝাৰৰ জিলাৰ সীমান্ত অঞ্চলত বন্যহস্তীৰ তাণ্ডবে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে , আজি পুৱাই দুটা হাতীয়ে জন অৰণ্যত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে । হাতীৰ গছকত এজন বৃদ্ধ লোকে মৃত্যুক সাৱটি লবলগীয়া হয় । ঘটনাটি ঘটে কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত ২নং মূৰাবাৰী গাঁৱত । গাঁও খনৰ প্ৰশণ্ণ ব্ৰহ্ম ওৰফে বেদেলাং নামৰ ৬৫ বছৰ বয়সীয়া লোকজন আকস্মিক ভাৱে বনৰীয়া হাতী দুটাৰ মুখামুখি হয় । ভূটানৰ পাদদেশৰ অটব্য অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নামি আহোতে কেনেবাকৈ হাতী জাকৰ পৰা ফালৰি কাটি এটি হাতী জন অৰণ্যলৈ সোমাই আহে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে । শ্যামথাইবাৰীৰ কাষৰ মূৰাবাৰী, মানিকপুৰ, ৰাখাতলা, শিমলাগুৰি, ক্ষুদ্ৰবাসুগাঁও, লাটাগাঁও হৈ ছালাকাটি মূৰাবাৰীত প্ৰবেশ কৰে । কোনোদিন বনৰীয়া হাতী নেদেখা ৰাইজে চৰম আতংকিত হয় । গাঁৱত হাতীৰ প্ৰৱেশৰ কথা সৰ্বত্ৰে প্ৰচাৰ হোৱাত অঞ্চলৰ বিদ্যালয় সমূহ সোনকালে চুটি দিয়ে । ইফালে উক্ত বনৰীয়া হাতীৰ গছকত মৃত্যুক আকোৱালি লোৱা বৃদ্ধ গৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি শোঁক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে উচিত ক্ষতিপূৰণ দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় । স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী আৰু বি টি আৰ পৰিষদৰ বিৰোধী দলপতি তথা বি পি এফ দলৰ নেতা দেৰহাছাৎ বসুমতাৰীয়ে । উল্লেখ্য যে , ছালাকাটিৰ কাষৰ মূৰাবাৰী গাঁৱত বনৰীয়া হাতী দুটাক কলগছকে আদি কৰি খাদ্য যোগান ধৰি ফৰেষ্ট বিভাগ আৰু আৰক্ষী বিভাগ নিৰীক্ষণত ৰাখিছে । নিজে নিজে হাবিলৈ ঘূৰি নগলে ট্ৰেংকুলাইজ কৰাৰ যাবতীয় ব্যৱস্থা গঢ়ি তোলাৰ কথা জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here