Home অসম তিনিচুকীয়াত বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে গঠিত জিলা টাস্ক ফ’ৰ্চৰ জৰুৰী সভা

তিনিচুকীয়াত বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে গঠিত জিলা টাস্ক ফ’ৰ্চৰ জৰুৰী সভা

43
0

মাইনু মৰাণ: গণ বাৰ্তা: ডুমডুমা: ২২ জুন : ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত বাহকজনিত ৰোগ যেনে জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া, ডেংগী আদি প্ৰতিৰোধৰ বাবে গঠিত জিলা টাস্ক ফ’ৰ্চৰ জৰুৰী সভা জিলা উপায়ুক্ত নৰসিং পৱাৰৰ সভাপতিত্বত আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বাহক জনিত ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰিবলৈ লবলগীয়া জৰুৰী পদক্ষেপসমূহৰ বিষয়ে আজিৰ এই বৈঠকত বিতংকৈ আলোচনা কৰা হয়। জিলা উপায়ুক্ত নৰসিং পৱাৰে বাহক জনিত ৰোগ বিয়পিব পৰা সম্ভাৱনীয় স্থানসমূহত ব্যাপক সজাগতা কাৰ্য্যসূচী চলোৱাৰ লগতে নিয়মিত স্বাস্থ্য পৰীক্ষণ শিৱিৰ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও জিলা উপায়ুক্তই আশা কৰ্মীসকলৰ লগতে এ.এন.এম সকলকো সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। নগৰ সমিতি আৰু পৌৰ এলেকাসমূহত নিয়মিত ফগীং কৰাৰ লগতে অন্যান্য যাৱতীয় ব্যৱস্থা লবৰ বাবে উপায়ুক্ত পৱাৰে নিৰ্দেশ দিয়ে। আনহাতে, গাহৰি পালন কৰা এলেকা সমূহত বিশেষ ব্যৱস্থা লবলৈয়ো সংশ্লিষ্ট বিভাগক উপায়ুক্তই নিৰ্দেশ দিয়ে। সভাত জিলা মেলেৰীয়া বিষয়া তথা এন. চি. ভি. বি. ডি. চি. ৰ জিলা প্ৰকল্প বিষয়া উজ্বলা বৰুৱাই তিনিচুকীয়া জিলাত বাহকজনিত ৰোগ যেনে জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া, ডেংগী সন্দৰ্ভত সম্পূৰ্ণ তথ্য সম্বলিত এখনি সচিত্ৰ উপস্থাপন কৰে।
আজিৰ সভাত স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ,স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড০ ৰমেন সোনোৱাল প্ৰমুখ্যে স্বাস্থ্য, কৃষি, পশু-চিকিৎসা, মীন, শিক্ষা, সমাজকল্যান, জনস্বাস্থ্য-কাৰিকৰী , গ্ৰামোন্নয়ন, জলসিঞ্চন আদি সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ লগতে তিনিচুকীয়া জিলাৰ কেওখন টাউন কমিতি তথা পৌৰসভাৰ বিষয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here