Home বিনোদন দহ হেজাৰ কিলোমিটাৰ পথ ভ্ৰমণৰ কৰাৰ লক্ষৰে তামিলনাডুৰ যুৱকজন ‘এনবালাগন’

দহ হেজাৰ কিলোমিটাৰ পথ ভ্ৰমণৰ কৰাৰ লক্ষৰে তামিলনাডুৰ যুৱকজন ‘এনবালাগন’

355
0

গণ বাৰ্তা, কলগাছিয়া ১১ মাৰ্চ : তামিলনাডুৰ কৃষ্ণাগিৰি জিলাৰ এনবালাগন নামৰ যুৱকজন শুক্ৰবাৰ দিনা উপস্থিত হয় বৰপেটা জিলাৰ কলগাছিয়াৰ চেনিমাৰিত। যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা যুৱক জনে তামিলনাডুৰ তেঁওৰ নিজৰ ঘৰৰ পৰা পদযাত্রা আৰাম্ভ কৰিছিল। যুৱক জন তামিলনাডুৰ কৃষ্ণাগিৰি জিলাৰ ‘এনবালাগন’। ভাৰতীয় ভাষা, সংস্কৃতি আয়ত্ত কৰি শাৰীৰিক দৃঢ়তা বঢ়াবলৈ এই উদ্দেশ্যেৰে যুৱক জনৰ এই পথযাত্রা। যুৱকজনে ইতিমধ্যে ৪১ দিন খোজকাঢ়ি প্ৰায় তিনি হাজাৰ কিলোমিটাৰ অতিক্রম কৰি চাৰিটা ৰাজ্য অতিক্ৰম কৰি আজি আবেলি অৱশেষত অসমৰ বৰপেটা জিলাৰ কলগাছিয়াৰ চেনিমাৰিত পদাৰ্পণ কৰে। আজি কলগাছিয়াৰ সাংবাদিকৰ সহযোগত যুৱক জনৰ দিনৰ খোৱা-লোৱাৰ যাৱতীয় ব্যবস্থা হাতত লয়। তিনি মাহৰ এই ভ্ৰমণৰ লক্ষৰে আজি ৪১ দিনত তিনি হেজাৰ কিলোমিটাৰ অতিক্ৰম কৰি কলগাছিয়াৰ চেনিমাৰিত উপস্থিত হৈছে আৰু ৭ হেজাৰ কিলোমিটাৰ পদযাত্ৰাৰে ভ্ৰমণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here