জয়ন্ত বৰা, বঢ়মপুৰ, ১০জুন : ১৮টা হাতীৰ অকাল মৃত্যুৰ কাহিনী মাৰ নৌ যাওতেই চীনৰ পৰা গোপনে এনাৰ্জি প্লেট আনিলে বিতৰ্কিত এজিউৰ পাৱাৰ ফৰ্টি প্ৰাইভেট লিমিটেডে। প্ৰায় ৩০০বিঘা মাটি অবৈধভাৱে ৰায়তী খতিয়ান থকা কৃষকৰ পৰা বেদখলী লোৱা কোম্পানীটোৱে অসম চৰকাৰৰ এছ অ’ পিক বৃদ্ধাংগুষ্ঠ দেখুৱাই আজি কেইবাখনো বহুচকীয়া বাহনেৰে মিকিৰ বামুণী অঞ্চলত উপস্থিত হয়। তাৰ লগে লগেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে। কোনো ধৰণৰ ক’ভিড নিয়ম নামানি বিভিন্ন ৰাজ্যৰ মাজেৰে অহাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দিপমনি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই সংবাদ মাধ্যমক জনাই যে এই কাৰ্য সম্পূৰ্ণৰূপে চৰকাৰী পৃষ্ঠপোষকতাত ঘটিবলৈ পাইছে। চৰকাৰে কোম্পানীৰ পক্ষ লৈ খোদ ন্যায়ালয়ৰ ৰায়ক অপমান কৰিছে।ক’ভিড সৃষ্ট পৰিৱেশত এঘৰ মানুহৰ পৰা আন এঘৰলৈ আলহী খাবলৈ নোযোৱা অৱস্থাত সূদূৰ চীনৰ পৰা বিভিন্ন দেশ,ৰাজ্য ,জিলাৰ লগতে বহু অঞ্চলৰ মাজেৰে মিকিৰ বামুণীৰ পাৱাৰ প্লেণ্টলৈ ইমান খিনি যন্ত্ৰাংশ আহি পোৱা কাৰবাৰটোত চৰকাৰ জড়িত থাকিবই লাগিব। চৰকাৰখন পক্ষপাতদূষ্ট হৈ প্ৰায় ৩০০ বিঘা মাটিৰ প্ৰকৃত কৃষকৰ পৰা কাঢ়ি লোৱা অভিসন্ধিত হাত উজান দিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে নেতাদ্বয়ে।ইফালে লকডাউনৰ সময়চোৱাত ক’ভিড প্ৰ’ট’কল নামানি এজিউৰ পাৱাৰে নিশালৈকে শ্ৰমিকৰ দ্বাৰা দ্ৰুত গতিত কাম-কাজ চলায়েই আছে বুলি মিকিৰ বামুণীৰ ৰাইজে অভিযোগ কৰিছে। ন্যায়ালয়ে শেষ ভৰষা হৈ পৰা কৃষক ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উঠিছে এইবাৰ শাওনমহীয়া শালি ধানৰ খেতি কৰিবলৈ ন্যায়ালয়ে ৰায়দান কৰিবনে?
