Home গুৱাহাটী উৎকোচ লৈ গ্ৰেপ্তাৰ পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা

উৎকোচ লৈ গ্ৰেপ্তাৰ পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা

109
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ জুন ঃ ৰাজ্যৰ পৰা অপৰাধ তথা দুৰ্নীতি নিবাৰণ কৰিবলৈ কঠোৰ হৈছে আৰক্ষী তথা প্ৰশাসন৷ ইয়াৰ মাজতে এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে পৌৰ প্ৰশাসন সঞ্চালকালয় কাৰ্যালয়ৰ এগৰাকী কনিষ্ঠ অভিযন্তা৷ দেৱাশিস¸ দাস নামৰ অভিযন্তাজনে ৪০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই৷ ঘটনাৰ বিৱৰণী অনুসৰি, কনিষ্ঠ অভিযন্তা দেৱাশিস¸ দাসে তেজপুৰৰ কীৰ্তিকমল তামুলী নামৰ এজন লোকৰ পৰা বিচাৰিছিল ৪০ হাজাৰ টকাৰ উৎকোচ৷ অভিযোগ অনুসৰি ঠিকা আবKI×নৰ ধন মোকলাই দিয়াৰ নামত কীৰ্তিকমল তামুলীৰ পৰা কনিষ্ঠ অভিযন্তাজনে বিচাৰিছিল উৎকোচ৷ ২০২০ বৰ্ষত তেজপুৰ পৌৰসভাৰ অধীনৰ দুটা পথ নিৰ্মাণৰ নামত ৬০ লাখ টকাৰ ঠিকাৰ আবKI×ন পাইছিল কীৰ্তিকমল তামুলীয়ে৷ ২০২১ বৰ্ষৰ মাৰ্চত ইয়াৰে ৩০ লাখ টকা পাইছিল যদিও আৰু বাকী আছিল ৩০ লাখ টকা৷ বাকী থকা ধনখিনি মোকলাই দিয়াৰ বাবদ ৫০ হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল অভিযন্তাজনে৷ তাৰ পাছতেই অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলে কনিষ্ঠ অভিযন্তা দেৱাশিস¸ দাসক কৰিলে হাতে-লোটে গ্ৰেপ্তাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here