লণ্ডন,২৪ ডিচেম্বৰ: ইংলেণ্ডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে ১৬ জনীয়া দল ঘোষণা কৰে, যাৰ ভিতৰত আছে অলৰাউণ্ডাৰ জৰ্জ গাৰ্টনাৰ আৰু বাওঁহাতৰ বেগী বলাৰ ডেভিদ পেইন।ইয়ন মৰ্গানৰ নেতৃত্বত দলটোত এই বছৰৰ আৰম্ভণিতে আইচিচি টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰা সেই এঘাৰজন খেলুৱৈক এই ভ্ৰমণকাৰী দলত অন্তৰ্ভুক্ত কৰিছে।২২-৩০ জানুৱাৰীৰ ভিতৰত বাৰ্বাডোছত অনুষ্ঠিত হ’বলগীয়া পাঁচখন খেলৰ শৃংখলাৰ বাবে পল কলিংউডে ইংলেণ্ডৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিব। মাৰ্কাছ ট্ৰেস্কোথিক সহকাৰী প্ৰশিক্ষক হিচাপে মনোনীত কৰা হৈছে।মুখ্য প্ৰশিক্ষক কলিংউডে কয়, ‘অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগা টি-২০ বিশ্বকাপৰ পূৰ্বে আমাৰ প্ৰস্তুতিৰ পৰিপ্ৰেক্ষিতত আমি এটা শক্তিশালী দল বাছনি কৰিছো।বিশ্বকাপত এবছৰতকৈও কম সময় বাকী আছে আৰু এছেজ দলৰ সৈতে থকা খেলুৱৈসকলৰ অনুপস্থিতিত দলটোৰ বাবে সুযোগ বৃদ্ধি পাব। বাৰ্বাডোছত বিশ্বকাপ জিকাৰ মোৰ ভাল স্মৃতি আছে আৰু মই সঁচাকৈয়ে দলটোৰ সৈতে আগুৱাই যোৱাৰ বাবে অপেক্ষা কৰি আছোঁ।’