Home ক্ৰীড়া এছেজ শৃংখলাক লৈ ইংলেণ্ডৰ দল বাছনি

এছেজ শৃংখলাক লৈ ইংলেণ্ডৰ দল বাছনি

48
0

লণ্ডন, ১১অক্টোবৰঃ ইংলেণ্ডে এই শীতকালত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এছেজ ভ্ৰমণৰ বাবে ১৭ জনীয়া দল বাছনি কৰিছে। য’ত বহুকেইজন অভিজ্ঞ খেলুৱৈ আছে। মুখ্য প্ৰশিক্ষক ক্ৰিছ চিলভাৰউডে অভিজ্ঞ খেলুৱৈসকলৰ ওপৰত আস্থা দেখুৱাইছে।চিলভাৰউড আৰু অধিনায়ক জো ৰুটে আঘাতপ্ৰাপ্ত জোফ্ৰা আৰ্চাৰ, অলি ষ্টোন আৰু ছেম কাৰেনক দলত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে। আনহাতে তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছ দলত বাছনি হোৱা নাই। তেওঁৰ পূৰ্বৰে পৰা অগ্ৰাধিকাৰ হৈছে তেওঁৰ মানসিক স্বাস্থ্য আৰু আঙুলিৰ আঘাতৰ পৰা আৰোগ্য হোৱা। যাৰ বাবে তেওঁ দলত অনুপস্থিত হোৱাটো পূৰ্বৰে পৰা আশা কৰা হৈছিল। কিন্তু অষ্ট্ৰেলিয়াত, ভ্ৰমণ নিষেধাজ্ঞাৰ উদ্বেগৰ বাবে খেলুৱৈসকলে প্ৰত্যাহাৰ কৰাৰ আশংকা এতিয়াও আছে। অৱশ্যে, ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সৈতে আলোচনাৰ পিছত এতিয়ালৈকে কোনো খেলুৱৈয়ে ভ্ৰমণৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা নাই।এইটোৱে দলৰ কোনো আনকেপড টেষ্ট খেলুৱৈ বাছনি কৰা নাই। দলটো এনেধৰণৰ: জো ৰুট (অধিনায়ক), জেমছ এণ্ডাৰছন, জনাথন বেয়াৰষ্টো, ডম বেছ, ষ্টুৱাৰ্ট ব্ৰড, ৰনি বাৰ্ণছ, জছ বাটলাৰ, জেক ক্ৰাউলি, হাচিব হামিদ, ডন লৰেন্স, জেক লিচ, ডেভিড মালান, ক্ৰেগ অভাৰটন, অলি পোপ, অলি ৰবিনচন, ক্ৰিছ ৱ” আৰু মাৰ্ক উড।

LEAVE A REPLY

Please enter your comment!
Please enter your name here