দক্ষিণ যোৰহাট, ০৬ জুলাই : যোৰহাটৰ N.J. Production ৰ বেনাৰত নয়নজ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি ‘অনীহা’ এইবাৰ Uruvatti International Film festival লৈ নিৰ্বাচিত হৈছে। যোৱা ৫ জুনত পৰিৱেশ দিৱসৰ সংগতিৰে মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা যোৰহাট Spring Dale High School ৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু যুৱ চিনে প্ৰযুক্তি মৃগাংক মাইনাৰ। চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সহযোগী পায়েল শৰ্মা।সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনৰ অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা। অহা ৯ জুলাইত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া মহোৎসৱত ছবিখন শ্ৰেষ্ঠ Cinematographer আৰু শ্ৰেষ্ঠ প্ৰযোজক শিতানত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে। ইতিমধ্যে অনীহাই ৰাষ্ট্ৰীয় বিদ্যালয় পৰ্য্যায়ৰ চুটি ছবি প্ৰতিযোগিতাত শ্ৰেষ্ঠ বঁটা আৰু ৰামেশ্বৰম আন্তঃ ৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। চুটি ছবি ‘অনীহা’ই এটাৰ পাছত আন এটা সন্মান বুলিবলৈ সক্ষম হোৱাত অসমৰ চিনেমা জগত উৎসাহিত হৈছে।
Home Popular অসমীয়া চুটি ছবিৰ উৎসাহজনক খবৰ : উৰুৱাটী আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেললৈ ‘অনীহা’ নিৰ্বাচিত