Home স্থানীয় ৰঙিয়াত চি আই টি ইউৰ উদ্যোগত বিক্ষোভ

ৰঙিয়াত চি আই টি ইউৰ উদ্যোগত বিক্ষোভ

180
0

গণবাৰ্তা, ৰঙিয়া, ২৯ মাৰ্চ: সমগ্ৰ দেশৰ লগতে  আজি ৰঙিয়াতো  শ্ৰমিক সংগঠন সমূহে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থনত কেইবা শতাধিক কৰ্মীয়ে  প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াত চি আই টি ইউৰ  অন্তৰ্ভুক্ত সংগঠন আৰু নিখিল ভাৰত কৃষক সভাই যুতীয় ভাৱে  ১৩ টা দাবীৰ সমৰ্থনত ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।  প্ৰতিবাদকাৰী সকলে ৰঙিয়া হাইৱে  চ’কৰ পৰা মূল্যবৃদ্ধিৰ লগতে আন কেইবাটাও সমস্যাৰ দাবীত চৰকাৰ বিৰোধী শ্ল’গান দি সমদল উলিয়াই। প্ৰতিবাদকাৰী সকলে ৰঙিয়া থানাৰ সন্মুখৰে প্ৰতিবাদ সাব্যস্ত কৰি গৈ থকা অবস্থাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিচত দণ্ডাধিশৰ উপস্থিতিত প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰি থানা চৌহদৰ অস্থায়ী কাৰাগাৰত আবদ্ধ কৰি ৰাখে। উল্লেখযোগ্য যে, প্ৰতিবাদী কাৰ্য্যসুচীত অংগনবাড়ী কৰ্মী সহায়িকা সকলেও অংশ গ্ৰহণ কৰে। কাৰ্যসূচীত চি আই টি ইউ নেতা বিবেকানন্দ অধিকাৰী সহ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here