Home অসম শিক্ষকৰ বাৰ্ষিক কৰ্মদক্ষতা মূল্যায়নৰ বাবে এপছ মুকলি শিক্ষামন্ত্ৰীৰ

শিক্ষকৰ বাৰ্ষিক কৰ্মদক্ষতা মূল্যায়নৰ বাবে এপছ মুকলি শিক্ষামন্ত্ৰীৰ

104
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ নৱেম্বৰ: শিক্ষকৰ বাৰ্ষিক কৰ্মদক্ষতাৰ মূল্যায়ন আৰু বিদ্যালয় নিৰীক্ষণৰ বাবে মুকলি কৰা হ’ল তিনিটাকৈ এপ্লিকেশ্বন৷ গুৱাহাটীৰ সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয়ত আজি এপ তিনিটা আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ আজি মুকলি কৰা এপ তিনিটা হৈছে– Teacher Performance Ahprasial Ahp, School Inspection Ahp, School Insfrastructure Servey Ahp৷ এপ তিনিটা মুকলি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এখন সংবাদ মেলৰ জৰিয়তে জানিবলৈ দি কয় যে এই তিনিটা এপ্লিকেশ্বনৰ জৰিয়তে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ পুনৰীক্ষণৰ লগতে পৰ্যালোচনা কৰা হ’ব৷ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটো ডাটাবেছ মেনেজমেণ্ট হিচাপে গঢ়ি তোলা হ’ব৷ একেদৰে এই এপ্লিকেশ্বনৰ জৰিয়তে বিদ্যালয়সমূহ পৰিদৰ্শন কৰাৰ বাবে মন্ত্ৰী, শিক্ষা বিষয়া তথা বিদ্যালয়ৰ শিক্ষকসকলক সংযুক্ত কৰা হ’ব৷ এই এপ্লিকেশ্বনৰ জৰিয়তে বিদ্যালয়ৰ সকলো তথ্য চাব পাৰিব৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে এই এপ্লিকেশ্বনৰ জৰিয়তে শিক্ষকৰ বাৰ্ষিক কৰ্মদক্ষতা মূল্যায়ন কৰা হ’ব৷ লগতে বিদ্যালয় নিৰীক্ষণ আৰু এপসমূহত শিক্ষানুষ্ঠানসমূহত শিক্ষক-শিক্ষয়িত্ৰী আৰু শৈক্ষিক পৰিৱেশ সম্পৰ্কীয় যাৱতীয় তথ্য সন্নিৱিষ্ট কৰা হ’ব৷ উক্ত তথ্যৰ ভিত্তিত প্ৰয়োজনসাপেক্ষে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ আনহাতে, এই এপ্লিকেশ্বনত সন্নিৱিষ্ট তথ্য অনুসৰি কোনো বিদ্যালয়ৰ শিক্ষকৰ ক্ষেত্ৰত অনিয়ম পালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দি কয় যে শিক্ষা বিভাগে বিদ্যা সমীক্ষা কেন্দ্ৰৰ পৰিকল্পনাৰ অংশ হিচাপে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ সমগ্ৰ শিক্ষা, অসমৰ অধীনত চৰকাৰী বিদ্যালয়সমূহত মুঠ ৩৫,৩১৮গৰাকী শিক্ষক কৰ্মৰত হৈ আছে৷ ইয়াৰে চ্ছ,০৬৪গৰাকী অস্থায়ী আৰু জ্ঝ,২৫৪গৰাকী স্থায়ী শিক্ষক আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here