Home স্থানীয় যোৰহাটৰ চাংচোৱাত যোৰহাট জিলাৰ প্ৰথমটো যক্ষ্মাৰ পৰীক্ষা কেন্দ্ৰ প্ৰতিষ্ঠা

যোৰহাটৰ চাংচোৱাত যোৰহাট জিলাৰ প্ৰথমটো যক্ষ্মাৰ পৰীক্ষা কেন্দ্ৰ প্ৰতিষ্ঠা

198
0

চাংচোৱা চাহ বাগিছাৰ পৰা পংকজ কুমাৰ দাস ,পশ্চিম যোৰহাট,১৬ আগষ্ট: অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত পৰিচালিত হৈ থকা যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যালয়ৰ সহযোগত বৰুৱা এন এছ’চিয়েটৰ চাংচোৱা চাহ বাগিছাৰ চিকিৎসালয়ৰ এটা কোঠাত বাগিছাখনৰ কৰ্তৃপক্ষই যোৰহাট জিলাৰ প্ৰথমটো পৰীক্ষা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছে। এই পৰীক্ষা কেন্দ্ৰটোৰ ফিটা কাটি দ্বাৰ মুকলি কৰে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) দামোদৰ বৰ্মনে। যোৰহাট জিলা যক্ষ্মাৰ নিয়ন্ত্ৰণ বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই ধূপ-দীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা পৰীক্ষা কেন্দ্ৰৰ দ্বাৰ মুকলি অনুষ্ঠানৰ আঁত ধৰে বৰুৱা এন এছ’চিয়েটৰ ৯ খন চাহবাগিছাৰ মুখ্য চিকিৎসা বিষয়া ডাঃ প্ৰণৱ বৰদলৈয়ে। দ্বাৰ মুকলি কৰি অতিৰিক্ত উপায়ুক্ত দমোদৰ বৰ্মনে কয়, যক্ষ্মা সোচৰা ৰোগ। এই ৰোগ হ’লে প্ৰথমতে আক্ৰান্ত হোৱাৰ সম্পৰ্কত লুকুৱাই ৰাখে। ৰোগে পীড়া কৰাৰ পাছত চিকিৎসকৰ ওচৰলৈ পৰিয়ালৰ লোকে নিয়ে যদিও তেতিয়া চিকিৎসকসকলো বিমোৰত পৰে। যক্ষ্মাত আক্ৰান্ত লোকে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰাৰ লগতে ৰোগীৰ শৰীৰত শক্তি হ’ব পৰা খাদ্য খাব লাগে। ৰোগীক ঔষধ চৰকাৰী স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ দিয়াৰ ওপৰি শক্তিদায়ক খাদ্য ক্ৰয় কৰিবৰ বাবে ৰোগীগৰাকীৰ নামত বেংকত থকা হিচাপত প্ৰতি মাহতে ৫০০ টকাকৈ চৰকাৰে দিয়ে। যক্ষ্মাত আক্ৰান্ত হোৱাৰ প্ৰমাণ পালে চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ গৈ পৰীক্ষা কৰিবলগীয়া হৈছিল। কিন্তু বৰুৱা এন এছ’চিয়েট কৰ্তৃপক্ষই যক্ষ্মাৰ পৰীক্ষা কেন্দ্ৰটো চাংচোৱা চাহ বাগিছাৰ চিকিৎসালয়ত প্ৰতিষ্ঠা কৰিছে। যক্ষ্মাৰ পৰীক্ষা কৰা মেচিনটোৰ লগতে অক্সিজেন কনচেটৰ দুটা নতুনকৈ ক্ৰয় কৰি অনাৰ লগতে পৰীক্ষাগাৰটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত দুই লক্ষাধিকৰো অধিক টকা ব্যয় কৰিছে কেৱল চাহবাগিছা কেইখনৰ শ্ৰমিকসকলক যক্ষ্মা ৰোগ মুক্ত কৰি ৰখাৰ উদ্দেশ্যে। এই পৰীক্ষা কেন্দ্ৰত যক্ষ্মাৰ পৰীক্ষা সকলোৰে বাবে বিনামূলীয়াকৈ কৰা হ’ব আৰু ঔষধো বিনামূলীয়াকৈয়ে দিয়া হ’ব।তাৰবাবে প্ৰয়োজনীয় কৰ্মচাৰীও বাগিছা কৰ্তৃপক্ষই ইতিমধ্যে নিযুক্ত কৰি লৈছে।২০২৫ চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষখন যক্ষ্মা মুক্ত কৰাৰ চৰকাৰে পৰিকল্পনা কৰিছে। এই পৰিকল্পনা বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভাৰতীয়ই সহযোগিতা আগবঢ়ালেহে সফল ৰূপায়ণ হ’ব।বেচৰকাৰীভাৱে গ্ৰাম্যাঞ্চলত প্ৰতিষ্ঠা কৰা যক্ষ্মাৰ পৰীক্ষা কেন্দ্ৰ এইটোৱেই প্ৰথম বুলি অতিৰিক্ত উপয়ুক্তগৰাকীয়ে ভাষণত উল্লেখ কৰে। বাগিছাখনৰ পৰিচালক দিগন্তবিজয় বৰাই যক্ষ্মা কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণ ব্যাখ্যা কৰি কয় যে,কেৱল চাংচোৱা চাহ বাগিছা এলেকাতে ১৯ গৰাকী যক্ষ্মা ৰোগী আছে। এগৰাকী যক্ষ্মা ৰোগীয়ে ১০ গৰাকী ব্যক্তিলৈ প্ৰতিবছৰে ৰোগ বিয়পায়। বৰুৱা এন এছ’চিয়েটৰ ৯ খন চাহ বাগিছাত যক্ষ্মা ৰোগী আছে। সেইদৰে অন্যান্য চাহবাগিছা আৰু গাঁওসমূহতো পৰীক্ষা কৰিলে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ থকা লোক ওলাব।এই সকলোৰে পৰীক্ষা কৰাৰ বাবেই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছে। ডাঃ ভক্তিময় ভট্টাচাৰ্যই দেশ,ৰাজ্যৰ লগতে যোৰহাট আৰু মাজুলী জিলাত যক্ষ্মা নিয়ন্ত্ৰণৰ বাবে কৰি থকা কাম-কাজৰ উল্লেখ কৰি যক্ষ্মাত আক্ৰান্ত হোৱা আৰু সংবাদ দিয়া আৰু ৰোগীগৰাকীক নিয়মীয়াকৈ ঔষধ আৰু পুষ্টিকৰ আহাৰ খোৱাত সহযোগিতা কৰা সকলক নিজ নিজ বেংক হিচাপত চৰকাৰ তথা বিভাগৰ তৰফৰ পৰাও নিয়মীয়াকৈ ধন প্ৰদান কৰি থকা হয় বুলি ভাষণত উল্লেখ কৰে। যক্ষ্মা পৰীক্ষাৰ চৰকাৰীভাৱে নিযুক্ত অভিজ্ঞ ব্যক্তি সোণেশ্বৰ দাস, পল্লৱী দাস, যক্ষ্মা বিভাগৰ যোৰহাট জিলা সমণ্বয়ক বিজু কামান,পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া,সহকাৰী সম্পাদক পংকজ কুমাৰ দাস, চাংচোৱা চাহ বাগিছা চিকিৎসালয়ৰ চিকিৎসক, কৰ্মচাৰীৰ লগতে ভালেকেইগৰাকী লোক আৰু আটছাৰ স্থানীয় বিষয়ববীয়াসকল,যোৰহাট জিলাৰ চাহবাগিছা,গ্ৰাম্যাঞ্চলত প্ৰতিষ্ঠা কৰা প্ৰথমটো যক্ষ্মা পৰীক্ষা কেন্দ্ৰৰ দ্বাৰ মুকলি কাৰ্যত উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here