Home স্থানীয় দহ লাখ টকা স্থায়ী পুঁজি লক্ষ্যৰে যোৰহাটত সাংবাদিক কল্যাণ নিধি গঠন

দহ লাখ টকা স্থায়ী পুঁজি লক্ষ্যৰে যোৰহাটত সাংবাদিক কল্যাণ নিধি গঠন

146
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৩ জুলাই : সদৌ অসম সাংবাদিক সন্থা (আজু)-ৰ যোৰহাট জিলা সমিতি উদ্যোগত জিলাখনৰ সাংবাদিকসকলৰ কল্যানাৰ্থে ইতিপূৰ্বে গঠন কৰা সাংবাদিক কল্যাণ নিধি পৰিচালনাৰ বাবে আজি এখন উপবিধিৰ খচৰা প্ৰস্তুত কৰাৰ লগতে ১০ লাখ টকাৰ এক পুঁজি গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে নিধি পৰিচালনাৰ বাবে ললিত বৰাক সভাপতি, নৱজ্যোতি বৰুৱাক সচিব হিচাপে লৈ গঠন কৰা সমিতিখনত আজি দিগন্ত বুঢ়াগোহাঁইক কোষাধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হয়। ঐতিহাসিক নিমাতীঘাটৰ চাংপো ৰিভাৰ ক্ৰুইজত আজি ললিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত এই গুৰুত্ব পূৰ্ণ সিদ্ধান্ত লোৱা হয়। নিধিৰ সদস্য সচিব নৱজ্যোতি বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত আজুৰ যোৰহাট জিলাৰ সভাপতি যোগেশ ওজা, ৰাজ্যিক প্ৰতিনিধি দেৱজিৎ বৰুৱা, সদস্য বিজু তনুৱাল, যোৰহাট জিলা সমিতিৰ উপদেষ্টা দিগন্ত বুঢ়াগোহাঁই, উপ-সভাপতি ৰমেন শইকীয়া, সম্পাদক দুলাল হাজৰিকা, সহকাৰী সম্পাদক শ্ৰীমন্তমাধৱ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য জগন্নাথ অগ্নিবৰাই নিধি পৰিচালনাৰ বাবে নৱজ্যোতি বৰুৱাই পাঠ কৰা খচৰাখনৰ প্ৰতিটো দফা বিতংভাৱে আলোচনা কৰে। আজুৰ যোৰহাট জিলা সমিতিৰ সৈতে জড়িতসকলে বাৰ্ষিক বৰঙণি দিয়াৰ লগতে শুভাকাংক্ষীৰ পৰা ধন সংগ্ৰহ কৰি নিধিৰ নামত বেংকত স্থায়ী হিচাপ খুলি জমা ৰখা হ’ব আৰু তাৰপৰা লাভ কৰা সুদ যোৰহাট জিলাখনৰ আৰ্থিকভাৱে শোচনীয়, দূৰ্গত সাংবাদিকসকলৰ বিপদৰ সময়ত সাহায্য হিচাপে প্ৰদান কৰাৰ লগতে সাংবাদিকজনৰ পিতৃ-মাতৃ আৰু আত্মীয়ৰো বিপদকালীন সময়ত আবেদনৰ জৰিয়তে বিচাৰিলে নিধি পৰিচালনা সমিতিয়ে সিদ্ধান্ত কৰি প্ৰদান কৰিবলৈ আৰু আৰ্থিকভাৱে শোচনীয় সাংবাদিকৰ সন্তানৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰৰ বাবে বিচাৰিলেও সাহায্য হিচাপে প্ৰদান কৰিবলৈ সভাখনত সিদ্ধান্ত কৰা হয়। মুঠ দহ লাখ টকা স্থায়ীকৈ জমা কৰি ল’বলৈ লক্ষ্য স্থিৰ কৰি লোৱা নিধিৰ ধন বেংকৰ জৰিয়তে লেনদেন কৰিব সভাপতি, সচিব আৰু কোষাধ্যক্ষৰ যিকোনো দুগৰাকীৰ স্বাক্ষৰত। যোৰহাটৰ স্থায়ী গৃহত থকা যিকোনো এটা ৰাষ্ট্ৰীয়কৃত বেংকত যোৰহাট জিলা সাংবাদিক কল্যাণ নিধিৰ নামত এটি হিচাপ খুলিবলৈ সিদ্ধান্ত কৰাৰ লগতে পঞ্জীয়ন কৰি ল’বলৈও সিদ্ধান্ত কৰা হয়। সাংবাদিক কল্যাণ নিধি হিচাপ খুলিবৰ বাবে প্ৰথমতেই প্ৰয়োজনীয় ধন দিবলৈ সভাতে ললিত বৰাই প্ৰতিশ্ৰুতি দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here