Home বৰপেটা বৰপেটাত চিকিৎসক নাথাকিলেও ওলাই পৰীক্ষাৰ ৰিপ’ৰ্ট: এজন চিকিৎসকে একে সময়তে চলায় বহু...

বৰপেটাত চিকিৎসক নাথাকিলেও ওলাই পৰীক্ষাৰ ৰিপ’ৰ্ট: এজন চিকিৎসকে একে সময়তে চলায় বহু ঠাইত পৰীক্ষা

93
0

পুলেন্দ্ৰ দাস, বৰপেটা, ২০ অক্টোবৰ: বৰপেটা জিলাৰ বিভিন্ন ঠাইত গঢ়ি উঠিছে বিভিন্ন ৰোগ পৰীক্ষা কৰা পৰীক্ষাগাৰ ৷ একোটা পৰীক্ষাগাৰ কেন্দ্ৰ খুলিবলৈ যিমান খিনি নিয়ম মাফিক অনুজ্ঞা পত্ৰৰ দৰকাৰ হয় সেই বিলাক বহুতৰে ক্ষেত্ৰত নাই বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছে ৷ বৰ্তমান বৰপেটা জিলাৰ বহু সংখ্যক ফাৰ্মাচীত ফাৰ্মাচিষ্ট নথকাকৈয়ে ঔষধ বিক্ৰী কৰি আহিছে ৷ এই ক্ষেত্ৰত জিলাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ে দেখিও নেদেখাৰ ভাওঁ জুৰি অহা বুলি সচেতন ৰাইজে মত ব্যক্ত কৰিছে ৷ একোটা ৰোগৰ বাবে তেজ, প্ৰস্বাব, শৌচ,খেকাৰ আদিকে ধৰি বিভিন্ন নমুনা পৰীক্ষা কৰাৰ বাবে পৰীক্ষাগাৰ খুলিবলৈ হলে প্ৰতিখনতে একোজন ‘‘পেথ’লজিষ্ট’’ চিকিৎসক থাকিব লাগে যদিও বৰপেটা জিলাত যিমান সংখ্যক পৰীক্ষাগাৰ আছে সেই অনুপাতে চিকিৎসক নথকাত একেজন চিকিৎসকে বহু কেইটা পৰীক্ষাগাৰত কাম কৰি আহিছে ৷ কিন্তু সেই সমূহ পৰীক্ষাগাৰত চিকিৎসক নাহিলেও পৰীক্ষাগাৰৰ কাৰিকৰী লোকজনেই ৰিপোৰ্ট সমূহ দিয়ে বুলি অভিযোগ উত্থাপিত হৈছে ৷ পৰীক্ষাৰ প্ৰতিবেদনত পূৰ্বতেই তেনে চিকিৎসকে স্বাক্ষৰ কৰি থৈ দিয়া বাবেই পৰীক্ষাগাৰত যি কোনো ৰোগীৰ পৰীক্ষাৰ প্ৰতিবেদন তৎক্ষাণাত দি এক ৰমৰমীয়া ব্যৱসায় চলাই গৈছে ৷ জানিব পৰা মতে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটালত পেথ’লজিষ্ট হিচাপে কৰ্মৰত এজন চিকিৎসকে কলগাছিয়াত স্‌হাপিত বৰপেটা অসামৰিক চিকিৎসালয়ত এইছ এল এল কোম্পানীৰ লগত চুক্তি বদ্ধ হৈ তাত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্নায়ক সেৱাত অংশকালীন পেথ’লজিষ্ট হিচাপে কাম কৰি আহিছে ৷,সেই জন চিকিৎসকে তাত নাম মাত্ৰ সেৱা আগবঢ়াই জিলাখনৰ কলগাছিয়া, হাউলী, কয়াকুছি, বৰপেটা, বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ আশে পাশে কেবাটাও পৰীক্ষাগাৰত কাম কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ চৰকাৰী চিকিৎসক হিচাপে চৰকাৰী কৰ্তব্যলৈ পিঠি দি সেই জন চিকিৎসকে কেনেকৈ কেবাটাও প্ৰাইভেট পৰীক্ষাগাৰত কৰ্ম সম্পাদন কৰে তাক লৈ সচেতন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ৷ উত্থাপিত অভিযোগ অনুসৰি পূজাৰ সময়ছোৱাত চিকিৎসক জন ঘৰলৈ গৈছিল যদিও তেওঁৰ স্বাক্ষৰতেই কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় আৰু বৰপেটা জিলাৰ কেবাখনো প্ৰাইভেট পৰীক্ষাগাৰৰ পৰা চিকিৎসক জনৰ স্বাক্ষৰত পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায় ৷ আমাৰ হাতত থকা তথ্য অনুসৰি যোৱা ১৭ অক্টোবৰত বৰপেটাত চিকিৎসকজন নাছিল যদিওঁ সেই দিনা বৰপেটাৰ এটা পৰীক্ষাগাৰত তেজৰ পৰীক্ষা কৰিবৰ বাবে এক বজাত তেজ পৰীক্ষা কৰিব দিয়া হয় আৰু দুই বজাত উক্ত চিকিৎসক জনৰ স্বাক্ষৰত তেজৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায় ৷ জানিব পৰা মতে প্ৰায় ভাগ পৰীক্ষাগাৰত কাৰিকৰী সহায়কজনে সকলো পৰীক্ষা কৰি লোৱাৰ পিছত চিকিৎসকৰ স্বাক্ষৰটো সংগ্ৰহ কৰি ৰিৰোৰ্ট দিয়ে ৷ কিছু ক্ষেত্ৰত চিকিৎসকৰ স্বাক্ষৰ পূৰ্বতেই সংগ্ৰহ কৰি জনসাধাৰণক গিনিপিগ সজোৱাৰ লগতে পৰীক্ষাগাৰ সমূহৰ লগতে চিকিৎসকেও মুনাফা লুটি আহিছে ৷ এই ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনে যি পদক্ষেপ লব লাগিছিল সেয়া গ্ৰহণ নকৰাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ৷ জিলাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ক এই ক্ষেত্ৰত বিশেষ ব্যৱস্‌হা গ্ৰহণ কৰাৰ লগতে চিকিৎসক নথকাকৈ ৰোগ পৰীক্ষাৰ প্ৰতিবেদন দিয়া কাৰ্য বন্ধ কৰিবলৈ সচেতন মহলে দাবী জনাইছে৷ ইপিনে কেনেকৈ চৰকাৰী কৰ্তব্যৰ মাজতে জিলাখনৰ ভিন্ন স্‌হানত একে সময়তে পৰীক্ষাৰ প্ৰতিবেদন সমূহ কাৰ্যকৰী কৰে সেই লৈ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ একাংশ বিষয়াৰ আশীৰ্বাদত এনেদৰে জনসাধাৰণৰ চিকিৎসা চলাই যোৱা সকলৰ বিৰুদ্ধে ব্যৱস্‌হা গ্ৰহণ কৰিবলৈ ৰাইজে বিভাগীয় মন্ত্ৰীক দাবী জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here