Home Main Stories ভাৰতত প্ৰতিদিনে পথ দূৰ্ঘটনাত ৩২৮ জনৰ মৃত্যু: ২০২০ ত পথ দূৰ্ঘটনাত প্ৰাণ...

ভাৰতত প্ৰতিদিনে পথ দূৰ্ঘটনাত ৩২৮ জনৰ মৃত্যু: ২০২০ ত পথ দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১.২০ লাখ লোকে

102
0



ভাৰতত প্ৰতিদিনে পথ দূৰ্ঘটনাত ৩২৮ জনৰ মৃত্যু:
২০২০ ত পথ দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে  ১.২০ লাখ লোকে২০২০ত দেশত ক’ভিডৰ প্ৰথমটো লহৰে আতংকৰ সৃষ্টি কৰি তুলিছিল। ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি লকডাউন ঘোষণা কৰিছিল আৰু সেই লকডাউনৰ পিছৰ পৰাই দেশৰ যাতায়াত ব্যৱস্থা স্থবিৰ হৈ পৰিছিল। আনলক ঘোষণাৰ পিছতো জনজীৱন স্বাভাৱিক হৈ উঠা নাছিল। ইমানৰ পিছতো কিন্তু বিগত বৰ্ষত পথ দুৰ্ঘটনাত প্ৰতিদিনেই ৩২৮জন লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল। লকডাউনৰ পিছতো ২০২০ত দেশজুৰি পথ দুৰ্ঘটনাত ১.২০ লাখ লোকৰ মৃত্যু ঘটিছিল। এই তথ্য প্ৰকাশ কৰিছে নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ (এনচিআৰবি)য়ে। এনচিআৰবিয়ে তেওঁলোকৰ ২০২০ৰ ‘ক্ৰাইম ইণ্ডিয়া’ প্ৰতিবেদনত উল্লেখ কৰিছে যে বিগত বৰ্ষত পথ দুৰ্ঘটনাত ১.২০ লাখ লোকে মৃত্যুক আঁকোৱালি লৈছে। অনিয়ন্ত্ৰিতভাৱে গাড়ী চলোৱাৰ ফলত ২০২০ত প্ৰতিদিনেই ৩২৮জন লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে। লকডাউনৰ পিছতো বহুসংখ্যক লোকে বিগত বৰ্ষত মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি যোৱা তিনিটা বছৰত পথ দুৰ্ঘটনাত ৩.৯২ লাখ লোকে মৃত্যুক আঁকোৱালি লৈছে। ২০২০ত ১.২০ লাখ লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ২০১৯ত ১.৩৬ লাখ আৰু ২০১৮ত ১.৩৫ লাখ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰা এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি দেশত ২০১৮ৰ পিছত ‘হিট এণ্ড ৰান’ৰ ঘটনা ১.৩৫ লাখ পঞ্জীয়ন হৈছে। কেৱল ২০২০তেই ‘হিট এণ্ড ৰান’ৰ ৪১,১৯৬টা ঘটনা পঞ্জীয়ন হৈছে। ২০১৯ত এই ঘটনা পঞ্জীয়ন হোৱাৰ সংখ্যা আছিল ৪৭,৫০৪ আৰু ২০১৮ত আছিল ৪৭,০২৮টা। তেওঁলোকৰ তথ্য অনুসৰি যোৱা এবছৰত দেশজুৰি প্ৰতিদিনেই গড়ে ‘হিট এণ্ড ৰান’ৰ ঘটনা ১১২টা পঞ্জীয়ন হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ অথবা আন ৰাজহুৱা পথত দ্ৰুতগতিৰে গাড়ী চলোৱা অথবা অনিয়ন্ত্ৰিত হৈ পৰাৰ ফলত ২০২০ত ১.৩০ লাখ লোক আহত হয়। ২০১৯ত পথ দুৰ্ঘটনাত আহত হোৱাৰ সংখ্যা আছিল ১.৬০ লাখ আৰু ২০১৮ত আছিল ১.৬৬ লাখ। আনহাতে, পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহতৰ সংখ্যা ২০২০ত আছিল ৮৫,৯২০। একেদৰে ২০১৯ত ইয়াৰ সংখ্যা আছিল ১.১২ লাখ আৰু ২০১৮ত আছিল ১.০৮ লাখ। বিগত বৰ্ষত দেশজুৰি ৰে’ল দুৰ্ঘটনাত ৫২গৰাকী লোকৰ মৃত্যু ঘটে। ইয়াৰ বিপৰীতে ২০১৯ত ৰে’ল দুৰ্ঘটনাত মৃত্যু ঘটা লোকৰ সংখ্যা আছিল ৫৫ আৰু ২০১৮ত আছিল ৩৫ জন। ‘এনচিআৰবি’য়ে ক্ৰাইম ইণ্ডিয়াৰ প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে যে ২০২০ত চিকিৎসকৰ হেমাহিৰ বাবে ১৩৩জন লোকৰ মৃত্যু ঘটে। ২০১৯ত চিকিৎসকৰ হেমাহিৰ বাবে মৃত্যু ঘটা লোকৰ সংখ্যা আছিল ২০১ আৰু ২০১৮ত আছিল ২১৮জন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here