Home স্থানীয় বহিৰাগত সুৰাৰ কোম্পানীৰ নাভূত-নাশ্ৰুত কাণ্ড:ঢোল আৰু পেঁপা ব্যৱহাৰ কৰি বিলাতী সুৰাৰ বিজ্ঞাপন...

বহিৰাগত সুৰাৰ কোম্পানীৰ নাভূত-নাশ্ৰুত কাণ্ড:ঢোল আৰু পেঁপা ব্যৱহাৰ কৰি বিলাতী সুৰাৰ বিজ্ঞাপন চলোৱাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া

165
0


গণ বাৰ্তা, ধিং, ১৬ নৱেম্বৰ: বহিৰাগত সুৰা কোম্পানীয়ে পুনৰ সংঘটিত কৰিছে আন এক নাভূত-নাশ্ৰুত-কাণ্ড৷ ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনৰ তীব্ৰ সমালোচনা সুৰা কোম্পানীৰ বিৰুদ্ধে৷ বিলাতী সুৰাৰ সমপৰ্যায়ত ঢোল আৰু পেঁপাটিক ব্যৱহাৰ কৰি বিজ্ঞাপন চলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধিঙৰ সচেতন মহলে৷ উল্লেখযোগ্য যে ‘অ’ চি ব্লু’ নামৰ বহিৰাগত বিলাতী সুৰা কোম্পানিটোৱে নিজৰ মুনাফা লাভৰ বাবে জাতীয় থলুৱা লোকবাদ্য ঢোল আৰু পেঁপাটিক অপব্যৱহাৰ কৰাক লৈ ধিং শাখা সাহিত্য সভা শতদল, শিক্ষাবিদ আৰু আছুকে ধৰি বিভিন্ন দল-সংগঠনে আজি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে উক্ত সুৰা কোম্পানীটোক৷ সুৰাৰ বটলৰ লগত ঢোল আৰু পেঁপা সংযোগ কৰি বিক্ৰী বঢ়াবলৈ লিখিছে ‘আটাইতকৈ বেষ্ট অসম বিচাৰি যেতিয়া হৃদয় আকুল হৈ পৰে তেতিয়া অ’ চি ব্লু লওক’৷ জাতিৰ স্বাভিমানৰ প্ৰতীক জাতিৰ সত্তাক বিনষ্ট কৰিব বিচৰা বহিৰাগত কোম্পেনীটোৰ লগত জড়িত দুষ্ট চক্ৰটোক চিনাক্ত কৰি শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে বিভিন্ন মহলে৷ সস্তীয়া বিজ্ঞাপনেৰে অসমীয়াৰ জাতীয় জীৱনৰ আয়ুৰেখাক ভূ-লুণ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ উখাপিত হৈছে ছ’চিয়েল মেডিয়াত৷ এনে দুষ্কাৰ্যক কোনোপধ্যেই গ্ৰহণ নকৰো বুলি মত পোষণ কৰি শীঘ্ৰে উক্ত বিষয় সন্দৰ্ভত প্ৰশাসন তথা চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ধিঙৰ সচেতন মহলে৷ লগতে সুৰা কোম্পানীৰ কতৃৰ্পক্ষই শীঘ্ৰে বিজ্ঞাপন বন্ধ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছে বিভিন্ন মহলে৷ আৰু যদি সুৰা কোম্পানীয়ে শীঘ্ৰে বিজ্ঞাপন বন্ধ নকৰে তেন্তে আইনৰ কাষ চাপিব বুলিও হুংকাৰ দিছে সচেতন মহলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here