Home Main Stories ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পত দৰং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পত দৰং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

119
0


গণ বাৰ্তা, ছিপাঝাৰ, ২০ ছেপ্টেম্বৰ :
ছিপাঝাৰৰ প্ৰস্তাৱিত গৰুখুঁটি কৃষি প্ৰকল্পত দৰং জিলা প্ৰশাসনে আজি এক উচ্ছেদ অভিযান চলায়৷ কে’বা শতাধিক নিৰাপত্তাৰক্ষী লৈ প্ৰশাসনে উচ্ছেদ অভিযানত সহায়ক হোৱাকৈ ১০ জ’নত ভাগ কৰি ২৭০০ বিঘা বেদখলী ভূমিত উচ্ছেদ চলাবলৈ লৈ ৰ নং আৰু ৩ নং ধলপুৰৰ পৰা এই উচ্ছেদ অভিযান চলায়৷ ৭৭,৪২০ বিঘা বেদখলী ভূমি মুক্ত কৰি প্ৰস্তাৱিত কৃষি প্ৰকল্প ৰূপায়ণৰ বাবেই জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱা বুলি প্ৰকাশ৷ উল্লেখ্য যে চৰকাৰে উল্লিখিত গৰুখুঁটি কৃষি প্ৰকল্প ৰূপায়ণৰ বাবে ইতিমধ্যে জ্ঝ.৬০ কোটি টকাৰ এক আঁচনি গ্ৰহণ কৰি ৰূপায়ণ কাম আৰম্ভ কৰিছে৷ ইফালে আজি প্ৰশাসনৰ দ্বাৰা একাংশ উচ্ছেদিত লোকে নিজকে ভাৰতীয় নাগৰিক বুুলি দাবী কৰি তেওঁঁলোক ৩০-৪০ বছৰ ধৰি উক্ত ঠাইত বসবাস কৰি থকাৰো দাবী কৰে প্ৰশাসনৰ ওচৰত৷ যাৰ বাবে জিলা প্ৰশাসনে তেওঁলোকক থকাৰ অন্ততঃ জীয়াই থাকিবলৈ সুুবিধা কৰি দিবলৈ অনুৰোধ জনায়৷ অন্যথা তেওঁলোকক গুলীয়াই মাৰি পেলাবলৈ আহ৩ান জনায়৷ ইফালে, জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰব্ৰজিত লোকৰ দ্বাৰা ৭৭,৪২০ বিঘা বেলখলী ভূমি বেদখলমুুক্ত কৰি সেই ভূমিত প্ৰস্তাৱিত জ্ঝ.৬০ কোটি টকীয়া কৃষি প্ৰকল্প ৰূপায়ণ কৰিবলৈ সকলোখিনি আগবঢ়া বুলি প্ৰকাশ৷ উল্লিখিত কৃষি প্ৰকল্পৰ ভূমিত মাটি চহাবলৈ ৩০খন ট্ৰেক্টৰ সাজু কৰি ৰখা বুলি প্ৰকাশ৷ কৃষি প্ৰকল্পৰ অধ্যক্ষ, বিধায়ক পদ্ম হাজৰিকাই ৫০০ শিক্ষিত যুৱক যুৱতীয়ে বিশেষভাবে প্ৰশিক্ষণ লৈ কৃষিকৰ্মত জড়িত হ’ব বুলি প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here