Home অসম উন্মোচিত হ’ল হাফিজ আহমেদৰ কু-চক্ৰান্ত, সভা বাতিল কৰিবলৈ নিকৃষ্ট ষড়যন্ত্ৰ

উন্মোচিত হ’ল হাফিজ আহমেদৰ কু-চক্ৰান্ত, সভা বাতিল কৰিবলৈ নিকৃষ্ট ষড়যন্ত্ৰ

840
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : উন্মোচিত হ’ল হাফিজ আহমেদৰ কু-চক্ৰান্ত। প্ৰতিটো ক্ষেত্ৰতেই লাঞ্ছনা, বঞ্চনাৰ বলি হৈ অহা বংগমূলীয় লোকসকলৰ উন্নয়নৰ দিশত হেঙাৰ হিচাপে থিয় দি নিকৃষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰিলে হাফিজ আহমেদে। আনকি, বংগমূলীয় লোকসকলৰ উন্নয়ন কিম্বা জনগোষ্ঠীটোক আগুৱাই নিয়াৰ বাবে এক ৰূপৰেখা তৈয়াৰ কৰিবলৈ আহবান জনোৱা সভাখন বাতিল কৰিবলৈ অহৰহ কু-চক্ৰান্ত কৰিছিল যদিও শেষ মুহূৰ্তত যেন ব্যৰ্থ হয় হাফিজ আহমেদ। একমাত্ৰ ব্যক্তি স্বাৰ্থত নিমজ্জিত হৈ বংগমূলীয় লোকসকলক পণবন্দী কৰি চৰ-চাপৰি সাহিত্য পৰিষদৰ স্বয়ম্ভু সভাপতি হিচাপে একচ্ছত্ৰী ৰাজ চলোৱা হাফিজ আহমেদৰ এই কু-চক্ৰান্ত ফাদিল হোৱাৰ পিছতেই বিভিন্নজনে ধিক্কাৰ দিছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়ে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন সমস্যাক লৈ মাত মাতি আহিছে। দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক জলপানি প্ৰদান কৰাৰ লগতে নেলীৰ দৰে অনগ্ৰসৰ অঞ্চলত বিদ্যালয় স্থাপন কৰি শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হৈছে। স্বাধীনতাৰ আগৰ পৰাই অসমত বসবাস কৰা বংগমূলীয় খিলঞ্জীয়া মুছলমানৰ নামকৰণৰ কেন্দ্ৰ কৰি সামাজিক মাধ্যমৰ  লগতে বিভিন্ন দিশত মতভেদ প্ৰকাশ পাই আহিছে। বৰ্তমানৰ যুৱ সমাজে আক্ষেপেৰে বহু সময়ত তেওঁলোকৰ মতামত ব্যক্ত কৰি আহিছে যে হাফিজ আহমেদ, খবিৰ আহমেদ, ইছমাইল হুছেইন  জনগোষ্ঠীটোৰ হকে বৌদ্ধিক দিশত নিজা নিজা দৃষ্টিভংগীৰে কাম কৰি গৈছে। ইজনৰ লগত সিজনৰ মতভেদ থাকিলেও জনগোষ্ঠীটোৰ হৈ কাম কৰি যোৱাৰ দৃষ্টিভংগী আছিল বেলেগে বেলেগ। এই তিনিগৰাকী সাহিত্যিক, লেখক, কবিৰ সৈতে ডাঃ ৰেজাউল কৰিমে যদি একত্ৰিত হৈ একেখন মঞ্চৰ জৰিয়তে জনগোষ্ঠীটোৰ হকে কাম কৰে তেন্তে এই জনগোষ্ঠীয় লোকসকলক বৌদ্ধিক দিশত বহুক্ষেত্ৰত আগবাঢ়ি যাব বুলি যুৱচামে ধাৰণা কৰিছে। যুৱ চামৰ এই উদ্দেশ্য সাৰোগত কৰি হাফিজ আহমেদ, ইছমাইল হুছেইন, খবিৰ আহমেদ আৰু ডাঃ ৰেজাউল কৰিমৰ ঘৰলৈ গৈ একেখন মঞ্চত আটাইকেইজনকে বহুৱাই জনগোষ্ঠীটোৰ ভৱিষ্যৎ পন্থা আৰু ৰূপৰেখা প্ৰস্তুত কৰাৰ বহল চিন্তা আগত ৰাখি সকলোৰে সন্মতি মৰ্মে এখন সভাৰ আয়োজন কৰা হৈছিল। ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত আজি গুৱাহাটীত আয়োজন কৰা হৈছিল জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত আৰু এটা সুস্থিৰ পৰিৱেশ গঢ়ি তোলাৰ হকে এখন বিশেষ সভা। সভাখনত চাৰিওগৰাকী সাহিত্যিককে আমন্ত্ৰণ জনোৱা হৈছিল। বৌদ্ধিক দিশত উন্নয়নৰ কথা চিন্তা কৰি ভিন্ন মত থকা সত্ত্বেও সাহিত্যিক, কবি খবিৰ আহমেদ, ইছমাইল হুছেইন আৰু ডাঃ ৰেজাউল কৰিম সভাত উপস্থিত থাকি নিজৰ নিজৰ মত ব্যক্ত কৰে। বংগমূলীয় খিলঞ্জীয়া লোকসকলৰ দুখ-দুৰ্দশাৰ কথা সুঁৱৰি আজিৰ সভাত সকলোৱে আবেগিক হৈ পৰে। আজিৰ সভাত তিনিগৰাকীকৈ সাহিত্যিক একেখন মঞ্চতেই উপস্থিত হৈ নিজৰ নিজৰ মত ব্যক্ত কৰাৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন বুলি সকলোৱে অভিহিত কৰে। কিন্তু ৰহস্যজনকভাৱে আৰু ব্যক্তি স্বাৰ্থৰ বাবে আজিৰ সভাখনত বিধি-পথালি দিবলৈ কু-অভিসন্ধি ৰচনা কৰে। সভাখনত উপস্থিত নাথাকি ছ’চিয়েল মিডিয়াত এটা প’ষ্টৰ জৰিয়তে উদ্যোক্তাসকলক আমন্ত্ৰণ-পত্ৰৰ পৰা তেওঁৰ নাম উঠাই ল’বলৈ একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে। আমন্ত্ৰণি-পত্ৰত তেওঁৰ নাম সন্নিৱিষ্ট থকাৰ বাবে একপ্ৰকাৰ উদ্যোক্তাসকলক কটু ভাষাৰে সমালোচনা কৰে। সভাখন আয়োজন কৰা হৈছিল বৃহত্তৰ জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত। কাৰো ব্যক্তি স্বাৰ্থৰ বাবে অনুষ্ঠিত কৰা হোৱা নাছিল সভাখন। মিছা অপপ্ৰচাৰ আৰু সভাখন যাতে সুচাৰুৰূপে অনুষ্ঠিত নহয় তাৰ বাবে হাফিজ আহমেদে কু-চক্ৰান্ত ৰচনা কৰি সভাখনলৈ অহা কেইবাজনো লোকক বাধা প্ৰদান কৰা বুলিও জানিব পৰা গৈছে। হাফিজ আহমেদৰ এনেধৰণৰ গৰ্হিত কামত সমাজবিৰোধী আখ্যা দিয়ে একাংশই। সভাখনত অংশগহণ কৰা একাংশই মুকলিভাৱে কয় যে হাফিজ আহমেদৰ দৰে ব্যক্তিয়ে একনায়কত্ববাদ চলাব খোজে জনগোষ্ঠীটোৰ ওপৰত। দীৰ্ঘ বছৰ ধৰি চৰ-চাপৰি সাহিত্য পৰিষদৰ স্বয়ম্ভু সভাপতি হিচাপে পদবী খামোচ মাৰি ধৰি একনায়কত্ববাদ চলাই গৈছে। জনগোষ্ঠীটোৰ দুৰ্যোগৰ সময়ত মাত মাতিবলৈ প্ৰয়োজনবোধ নকৰা এইগৰাকী স্বয়ম্ভু সভাপতিৰ কাম-কাজক এতিয়া সকলোৱে গৰিহণা দিছে আৰু ভৱিষ্যতে এনেধৰণৰ কু-চক্ৰান্তৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰে। যদি জনগোষ্ঠীটোৰ স্বাৰ্থত কাম কৰাৰ সপোন আছে তেন্তে আজিৰ এই বিশেষ সভাখনত উপস্থিত থাকি মতভেদ থাকিলেও নিজৰ মতামত দাঙি ধৰি জনগোষ্ঠীটোৰ উত্তৰণত বাটকটীয়াৰ ভূমিকা পালন কৰিব পাৰিলেহেঁতেন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here