Home অসম আবকাৰী বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ: আবকাৰী বিভাগত পূৰণ কৰা হ’ব তৃতীয় আৰু...

আবকাৰী বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ: আবকাৰী বিভাগত পূৰণ কৰা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদ – মুখ্যমন্ত্ৰীৰ

48
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ আগষ্ট ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনৰ সভাকক্ষত আবকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অৰুণাচল আৰু মেঘালয়ৰ পৰা যাতে অবৈধভাৱে অসমলৈ সুৰা আনিব নোৱাৰে তাৰ বাবে সীমামূৰীয়া জিলাকেইখনৰ আন্তঃৰাজ্যিক সীমাৰ সমীপত অস্থায়ী নিৰীক্ষণ চকী স্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ তেওঁ আবকাৰী বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদসমূহ পূৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে৷ আবকাৰী কনিষ্টবল নিযুক্তিৰ বাবে আৰক্ষী কনিষ্টবল নিযুক্তি ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ সৈতে একত্ৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীলতা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আবকাৰী বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰীক সততা, নিষ্ঠা আৰু স্বচ্ছতাৰে দুৰ্নীতিবিৰোধী অৱস্থান গ্ৰহণ কৰি জনসাধাৰণৰ সেৱাত ব্ৰতী হ’বলৈ নিৰ্দেশ প্ৰদান কৰে৷ আজিৰ এই বৈঠকত আবকাৰী, পৰিবহণ তথা মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হা, আবকাৰী বিভাগৰ আয়ুক্ত-সচিব ৰাকেশ কুমাৰ আৰু আবকাৰী বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here