Home Main Stories এগ্‌জিট প’ল, বিজেপি দখলত তিনি ৰাজ্য : পুনৰ সংখ্যাগৰিষ্ঠতাৰে উত্তৰ প্ৰদেশত চৰকাৰ,...

এগ্‌জিট প’ল, বিজেপি দখলত তিনি ৰাজ্য : পুনৰ সংখ্যাগৰিষ্ঠতাৰে উত্তৰ প্ৰদেশত চৰকাৰ, পঞ্জাব হেৰুৱাব কংগ্ৰেছে, দখল কৰিব আপে

183
0


নতুন দিল্লী,৭ মাৰ্চ: উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটদানৰ সামৰণি পৰাৰ লগে লগে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰিছে৷ উত্তৰপ্ৰদেশ, মণিপুৰ, গোৱা, পঞ্জাব আৰু উত্তৰাখণ্ডত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন৷ উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত ভোটদান পৰ্ব অনুষ্ঠিত হয়৷ অন্তিমটো পৰ্যায়ৰ ভোটদান আজি অনুষ্ঠিত হয়৷ ভোটদানৰ সামৰণি পৰাৰ লগে লগে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে এই প্ত ৰাজ্যত কোন দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব তাৰ এক সমীক্ষা আগবঢ়াইছে৷ এই সমীক্ষা সময় সাপেক্ষে সত্যতাত প্ৰমাণিত নহয় যদিও ইয়াৰ পৰা কিছু অনুমান কৰিব পৰা যায় যে প্ত ৰাজ্যত কোনটো দল অগ্ৰগতিত আছে আৰু কাক জনতাই আদৰিছে৷ এক্সিট প’ল অনুসৰি প্ত ৰাজ্যৰ তিনিখনতেই বিজেপিৰ উত্থান পৰিলিক্ষিত হৈছে৷ পঞ্জাব আৰু উত্তৰাখণ্ডক বাদ দি বাকী তিনি ৰাজ্যত বিজেপিৰ জয় নিশ্চিত ৰূপে দেখা পোৱা গৈছে এগ্‌জিট প’লৰ সমীক্ষাত৷ কিন্তু পঞ্জাবত এক অভূতপূৰ্ব পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনত কংগ্ৰেছে শাসন হেৰুৱাৰ এক ইংগিত পোৱা গৈছে৷ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত শাসক দল কংগ্ৰেছৰ মাজত আভ্যন্তৰীণ কন্দলৰ পৰিণতিত এতিয়া সেই ৰাজ্য কংগ্ৰেছে হেৰুৱাৰ উপক্ৰম হোৱা দেখা গৈছে৷ সেই স্থান দখল কৰাৰ দিশে আগবাঢ়িছে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী৷ আম আদমী পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে৷ পঞ্জাবত আম আদমী পাৰ্টীয়ে ৭৬১ পৰা ৯০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি এগ্‌জিট প’লসমূহে প্ৰকাশ কৰিছে৷ মুঠ ১১৭খন আসনৰ ভিতৰত শাসক দল কংগ্ৰেছে কেৱল ১৯১ পৰা ৩১খন আসনৰ ইংগিত প্ৰদান কৰিছে এগ্‌জিট প’লে৷ আনহাতে, বিজেপিয়ে ১১ পৰা চ্ছ্ৰখন আৰু এছ এ ডিয়ে ৭১ পৰা ১১খন আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ইণ্ডিয়া টুডেৰ এগ্‌জিট প’লত৷ উত্তৰ প্ৰদেশত বিজেপিয়ে পুনৰ অগ্ৰগতিৰ দিশে আগবাঢ়িছে৷ পুনৰ উত্তৰ প্ৰদেশত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভৰ ইংগিত প্ৰদান কৰিছে ইণ্ডিয়া টুডে এগ্‌জিট প’লে৷ ইণ্ডিয়া টুডেৰ এগ্‌জিট প’ল অনুসৰি বিজেপিয়ে মুঠ ৪০৩খন আসনৰ ভিতৰত ২৬২১ পৰা ২৭৭খন আসন লাভৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে৷ তাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে ১৪০খন, বিএছপিয়ে ১৭খন, কংগ্ৰেছে ৩১ পৰা প্তখন আসন লাভৰ ইংগিত প্ৰদান কৰিছে৷ উত্তৰ প্ৰদেশত সংখ্যাগৰিষ্ঠতা লাভৰ বাবে এটা ৰাজনৈতিক দলক প্ৰয়োজন ২০২আসনৰ৷ উত্তৰাখণ্ডত কোনো এগ্‌জিট প’লৰ সমীক্ষাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভৰ ইংগিত প্ৰদান কৰাৰ বিপৰীতে আন কোনোৱে আকৌ কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভৰ ইংগিত প্ৰদান কৰিছে৷ নিউজ এক্সৰ এগ্‌জিট প’ল অনুসৰি কংগ্ৰেছে উত্তৰাখণ্ডত ৩৩১ পৰা ৩৫খন, বিজেপিয়ে ৩১ৰ পৰা ৩৩খন আৰু আম আদমী পাৰ্টীয়ে ০১ পৰা ৩খন আসন লাভৰ ইংগিত দিছে৷ এবিপি চিভোটাৰ এগ্‌জিট প’ল অনুসৰি উত্তৰাখণ্ডত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভৰ ইংগিত দিছে৷ কিন্তু কিছুসংখ্যক এগ্‌জিট প’লে বিজেপিৰ জয় নিশ্চিতৰ ইংগিত দিছে উত্তৰাখণ্ডত৷ মণিপুৰত বিজেপিৰ উত্থানৰ ইংগিত দিছে এগ্‌জিট প’লসমূহে৷ মুঠ ৬০খন আসনৰ ভিতৰত বিজেপিয়ে ৩২১ পৰা ৩৮খন, কংগ্ৰেছে ১২১ পৰা ১৭খন, এনপিএফে ৩১ পৰা প্তখন আসন লাভৰ ইংগিত দিছে৷ মণিপুৰত সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন ৩১খন আসনৰ৷ মণিপুৰত দেশবন্ধু, ইণ্ডিয়া টিবিৰ গ্ৰাউণ্ড জিৰ’ৰ ৰিচাৰ্জ, ইণ্ডিয়া নিউজ জন কী বাত, টিভিজ্ঝ ভাৰতবৰ্ষ, ৰিপাব্লিক টিভি, এবিপি চিভোটাৰ, ইণ্ডিয়া টুডেৰ এগ্‌জিট প’ল অনুসৰি ৰাজ্যখনত বিজেপিয়ে পুনৰাই সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ গোৱাৰ ক্ষেত্ৰত কিছুসংখ্যক এগ্‌জিট প’লে যদি কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ লাভৰ ইংগিত দিছে, কিন্তু অধিকসংখ্যাক এগ্‌জিট প’লে বিজেপিয়ে পুনৰায় সংখ্যাগৰিষ্ঠতা লাভৰ ইংগিত দিছে৷ ইণ্ডিয়া টিভি চি এন এক্স, জি নিউজ, ইণ্ডিয়া টিভিৰ গ্ৰাউণ্ড জিৰ’ৰ ৰিচাৰ্ছে বিজেপিৰ জয় নিশ্চিত কৰিছে৷ কিন্তু টাইমছ নাও, দেশবন্ধু, ইণ্ডিয়া টুডে এক্সিছে কংগ্ৰেছৰ জয়ৰ ইংগিত দিছে৷ উল্লেখ্য যে ২০২৪১ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেল ৰূপে পৰিগণতি উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ফলাফলৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে৷ অহা ১০ মাৰ্চত উত্তৰ প্ৰদেশসহ পাঁচোখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল নিৰ্বাচন আয়োগে ঘোষণা কৰিব৷ নিৰ্বাচন আয়োগে ফলাফল ঘোষণা কৰাৰ পূৰ্বে আহি পৰা এগ্‌জিট প’লসমূহে এই কথা প্ৰতিপন্ন কৰিছে যে পাঁচখন ৰাজ্যৰ ভিতৰত তিনিখনত বিজেপিৰ জয় নিশ্চিত আছে৷ এই পাঁচখন ৰাজ্যৰ ভিতৰত পঞ্জাবক বাদ দি বৰ্তমান চাৰি ৰাজ্যত বিজেপিৰ শাসন আছে৷ কিন্তু ইমানৰ পিছতো উত্তৰাখণ্ডত কংগ্ৰেছ আৰু বিজেপিৰ মাজত শাসনক লৈ তুমুল প্ৰতিদ্বন্দ্বিতা দেখা পোৱাৰ সম্ভাৱনা আছে৷ আনহাতে, বাকীকেইখন ৰাজ্যৰ ভিতৰত পঞ্জাবত কংগ্ৰেছৰ উপৰি আম আদমী পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভৰ বিপৰীতে বাকী তিনিখন ৰাজ্যত সহজেই বিজেপিৰ জয় নিশ্চিত বুলি এগ্‌জিট প’লমসূহে এক ইংগিত প্ৰদান কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here