Home অসম লুইতৰ পাৰত থিয় হৈ : মাছখোৱাত বসতি বিস্তাৰ

লুইতৰ পাৰত থিয় হৈ : মাছখোৱাত বসতি বিস্তাৰ [২]

219
0

মছদ্দৰ হুছেইন : ভাৰত চন্দ্ৰ দাস এ টি ৰোডৰ অন্যতম পুৰণি পৰিয়াল, তেওঁৰ পুত্ৰ ভূপেন দাস গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ছাত্ৰ কল্য্যণ বিভাগৰ সঞ্চালক আছিল৷ ঊনৈশ শতিকাৰ তৃতীয় দশকমানত তিনিটা হাকিমৰ পৰিয়ালে এটি ৰোডত একেসময়তে মাটি কিনি বাস কৰিবলৈ লয়৷ ভাৰত চন্দ্ৰ দাস, তাৰিণী চৌধুৰী আৰু ইকৰাম ৰছুল আছিল সেই সময়ৰ এই তিনি হাকিম৷ তিনিওগৰাকী বৰ বন্ধু আছিল৷ ভাৰত চন্দ্ৰ দাসৰ মূল পৰিয়াল দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাটৰহাতৰ ওচৰৰ নহিৰাৰ৷ ভাৰত দাসে গুৱাহাটী চেণ্টাৰত মেট্ৰিক পৰীক্ষা দিবলৈ নহিৰাৰ পৰা খোজ কাঢ়ি আহিবলগীয়া হৈছিল৷ পাছলৈ মাছখোৱাতে মাটি কিনি বাস কৰি নিগাজী বাসিন্দা হৈ পৰিছিল৷ ভাৰত চন্দ্ৰ দাস নগাঁও জিলাৰ উপায়ুক্ত হৈছিলগৈ৷ ভাৰত চন্দ্ৰ দাসে সাহিত্য, বুৰঞ্জী আৰু কৃষি চৰ্চা কৰিছিল৷ তেখেতে পাঁচখনকৈ গ্ৰন্থ ৰচনা কৰিছিল৷ ভাৰত চন্দ্ৰৰ দ্বাৰা ৰচিত ‘অসম সাহিত্য বুৰঞ্জী’খন বহু দিনলৈ গুৱাহাতী বিশ্ববিদ্যালয়ত দ্ৰুত পাঠ হিচাপে চলি আছিল৷ ভাৰত দাস ৰচিত গ্ৰন্থসমূহৰ পৰা যথেষ্ট পৰিমাণৰ ঐতিহাসিক সমল সংগ্ৰহৰ থল আছে৷ গ্ৰন্থসমূহ পুনৰ মূদ্ৰণৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে পৰিয়ালৰ লোকে৷ অহা ডিচেম্বৰত ‘ভাৰত দাস সংকলন’ৰ ৰূপত ড॰ বিৰিঞ্চি মেধিৰ সম্পাদনাত গ্ৰন্থখিনি পুনৰ প্ৰকাশিত হ’ব৷ ড॰ বিৰিঞ্চি মেধি সম্বন্ধত ভাৰত দাসৰ নাতিনীয়েক৷ ভাৰত দাসৰ কাঠৰ দুমহলীয়া ঘৰটো আজিও অঞ্চলটোৰ অন্যতম স্মাৰক৷ ইকৰাম ৰছুল জিলা ন্যায়াধীশ আছিল আৰু অসম লোকসেৱা আয়োগৰ সদস্যও নিৰ্বাচিত হৈছিল৷ ইকৰাম ৰছুলৰ পৰিয়ালৰ লগত ভাৰত দাসৰ পৰিয়ালৰ লগত ভাই-ককাইৰ সম্বন্ধ আছিল৷ তাৰিণী চৌধুৰীয়েও সন্মুখতে মাটি কিনি বাস কৰিছিল৷ ভাৰত দাসৰ পুত্ৰ ভূপেন দাস আছিল গুৱাহাটী বিশ্ববিদ্যাল্যৰ প্ৰথমজন ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য, অসমৰ আধুনিক ইতিহাস চৰ্চাৰ অন্যতম পথিকৃত ড॰ সূৰ্য কুমাৰ ভূঞাদেৱে ভূপেন দাসক সঞ্চালক হিচাপে নিযুক্তি দিবলৈ মাতি লৈ গৈছিল৷ ভূপেন দাসৰ ঘৰখন এটা সময়ত গুৱাহাটীৰ অন্যতম বৌদ্ধিক আৰু সংস্কৃতি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল৷ গুৱাহাটীত মাক্সৰ্ৰ্বাদ চৰ্চা কৰা প্ৰথম প্ৰজন্মৰ অন্যতম আছিল ভূপেন দাস৷ এটা সময়ত এইখন ঘৰতে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, গৌৰীশংকৰ ভট্টাচাৰ্য, নন্দেশ্বৰ তালুকদাৰ, হৰি দাস, গোপাল দাস আৰু আন বহুতৰ সমাগম হৈছিল৷ বিষ্ণু ৰাভাই প্ৰায়েই হাৰমনিয়াম বজাই গান গাইছিল আৰু কে’বাদিনলৈকে ভূপেন দাসৰ ঘৰত থাকিছিল৷ বিষ্ণু ৰাভাই বজোৱা হাৰমনিয়ামটো আজিও যতন কৰি ৰাখি থৈছে ভূপেন দাসৰ পুত্ৰদ্বয় বিশ্বজিৎ দাস আৰু মনোজিৎ দাসে৷ ভৰলুমুখৰ ধুৰ্জুটি শৰ্মা আৰু লগৰীয়াসকলে মাক্সৰ্বাদৰ দীক্ষা লৈছিল ভূপেন দাসৰ পৰাই৷ ভূপেন দাসৰ সংগৃহীত গ্ৰLৰাজি আজি বিৰল সম্পদৰূপে পৰিগণিত হৈছে৷ চন্দ্ৰ গগৈৰ পৰিয়ালো মাছখোৱাৰ পুৰণি পৰিয়াল, এই পৰিয়ালটো শিৱসাগৰৰ পৰা আহি মাছখোৱাত বাস কৰিবলৈ লয়, তেখেতৰ এটি ৰোডত বহু মাটি আছিল৷ চন্দ্ৰ গগৈৰ দুই পুত্ৰ পদ্ম গগৈ আৰু কৃষ্ণ গগৈ৷ চন্দ্ৰ গগৈৰ পূৰ্বপুৰুষ খঁুচৰিলে হয়তো তেওঁলোকো বৰফুকনৰ দিনৰে বাসিন্দা বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে৷ চন্দ্ৰ গগৈৰ পৰাই মাটি কিনিছিল হৰেশ্বৰ গোস্বামী, মৌজাদাৰ অভয়চৰণ বৰ্মন, সুৰেন শৰ্মাই ঊনৈশ শতিকাৰ চতুৰ্থ-পঞ্চম দশকমানত৷ হৰেশ্বৰ গোস্বামী এগৰাকী বন বিষয়া আছিল৷ সত্তৰৰ দশকৰ অসম পুলিচ ফুটবল দলৰ কেপ্টেইন প্ৰখ্যাত খেলুৱৈ সন্তোষ গোস্বামী হৰেশ্বৰ গোস্বামীৰ পুত্ৰ আছিল৷ এসময়ৰ গুৱাহাটী তথা ভাৰতৰে জনপ্ৰিয় ফুটবল প্ৰতিযোগিতা আছিল বৰদলৈ ফুটবল টুৰ্নামেণ্ট৷ ফাইনেল পৰ্যায়ৰ প্ৰতিযোগিতাত মোহন বাগান, মহমেদান স্পৰ্টিঙৰ লগত সন্তোষ গোস্বামীৰ কেপ্টেইনশ্বিপত অসম পুলিচ অৱতীৰ্ণ হোৱা মানেই গুৱাহাটীৰ লগতে সমগ্ৰ অসমত তীব্ৰ উত্তেজনা৷ বৰদলৈ ট্ৰফীৰ ফুটবল প্ৰতিযোগিতাৰ তীৰ জ্বৰে কেতিয়াবা আন অবাঞ্ছিত ঘটনালৈয়ো গতি কৰিছিল৷ ৰেডিঅ’ত দীনেশ গোস্বামী, প্ৰেমধৰ শৰ্মা, সুৰেন ফুকন, ইস্কে আলম বৰাৰ চলন্ত বিৱৰণীয়ে ষ্টেডিয়ামৰ বাহিৰৰ অসমৰ ফুটবল প্ৰেমীসকলৰ মনত খেল চোৱাৰ চাক্ষুস¸ অনুভৱৰ জন্ম দিছিল৷ হৰেশ্বৰ গোস্বামীৰ আন পুত্ৰকেইজনো সেই সময়ৰ অসমৰ ক্ৰীড়াজগতৰ নাম কৰা লোক আছিল৷ মণ্টু গোস্বামী প্ৰথম ডিভিজনৰ নাম কৰা ফুটবল খেলুৱৈ আছিল৷ অমিয় গোস্বামী দৌৰবিদ হিচাপে সুনাম অৰ্জন কৰিবলৈ আৰম্ভ কৰোঁতেই শৰাইঘাটৰ দলঙত হোৱা এটা ডাঙৰ দুৰ্ঘটনাত তেখেতে অকালতে মৃত্যুবৰণ কৰে৷ কনিষ্ঠ পুত্ৰ পৰেশ গোস্বামীও অসমৰ এগৰাকী সুদক্ষ ক্ৰীড়াবিদ আছিল, সৰ্বভাৰতীয় ফুটবল ৰেফাৰী আৰু ক্ৰিকেট আম্পায়াৰ হিচাপে সুখ্যাতি অৰ্জন কৰিছিল৷ অভয়চৰণ বৰ্মন পাণবাৰী মৌজাৰ মৌজাদাৰ আছিল৷ সুৰেন শৰ্মাৰ মূল ঘৰ পলাশবাৰী অঞ্চলৰ মাজিৰ গাঁৱত আছিল৷
[পৰৱৰ্তী অংশ ঃ ব্ৰহ্মপুত্ৰত লীন গ’ল ঐতিহাসিক দস্তাৱেজ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here