✍️ খবিৰ আহমেদ
দুদিনমান আগত বাতৰিত পঢ়িলো যে বিগত বিধানসভা নিৰ্বাচনত পৰ্যাপ্ত পৰিমাণে সংখ্যালঘু সম্প্ৰদায়ৰ ভোট নোপোৱাৰ কাৰণে বিজেপিৰ সভাপতি ৰণজিৎ দাসে দলৰ সংখ্যালঘু কোষৰ সকলো সমিতি ভংগ কৰি দিছে। এটা কথা অনুমেয় যে এহ× ভোট নিদিয়া মানুহৰ মাজত বোধকৰো কেৱল ধৰ্মীয় সংখ্যালঘু ভোটাৰকহে সামৰি লোৱা হৈছে। এহ× কথাও স্বীকাৰ কৰিব লাগিব যে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে বিজেপি দলক ভোট দিছে যদিও কম পৰিমাণে দিছে। সামগ্ৰিকভাৱে ক’বহ× লাগিব যে অসমৰ ধৰ্মীয় সংখ্যালঘুসকল বিজেপি দলৰ পৰা বহু পৰিমাণে নিলগত। আনপিনে বিজেপি দলে হিন্দুত্ববাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত যদিও তেওঁলোকৰ প্ৰকাশ্য ৰাজনৈতিক ‘শ্লোগান’ হৈছে ‘সবকা সাথ, সবকা বিকাশ’। বিজেপি দলৰ অভিযোগ হৈছে যে তেওঁলোকে হিন্দু-মুছলমান নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ বাবে উন্নয়নমূলক কাম কৰি থকাৰ পিছতো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ে বিজেপি দলক ভোট নিদিয়াৰ কাৰণ কি? এহ× সৰু লেখাটোত হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে বিজেপিৰ যি অন্তৰ্নিহিত দৰ্শন, তালৈ আমি যাব খোজা নাহ×। কিন্তু এটা কথা ক’ব লাগিব যে কেন্দ্ৰত আৰু কিছু ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিছত সমগ্ৰ দেশত ধৰ্মীয় সংখ্যালঘুসকলৰ নিপীড়ন বৃদ্ধি পাহ×ছে। একাংশ ৰাজনৈতিক আৰু ধৰ্মীয় নেতাহ× খোলাখুলিকৈ ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি সাম্প্ৰদায়িক মন্তব্য কৰিছে। তেওঁলোকে ধৰ্মীয় সংখ্যালঘুৰ যিকোনো কামত ‘জেহাদ’ দেখা পায়। লাভ জেহাদ, ব্ৰেহ×ন জেহাদ, হ×উপিএছচি জেহাদ, লেণ্ড জেহাদ হ×ত্যাদি হ×ত্যাদি। এহ×বোৰ কাৰণতেহ× দেশৰ নাগৰিকসকলৰ মাজত যে ধৰ্মীয় মেৰুকৰণ ঘটিছে সেহ× কথা দিন-ৰাতিৰ দৰেহ× সঁচা। অসমৰ বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অতিশয় বিনয়ী, ভদ্ৰ আৰু শালীন স্বভাৱৰ ব্যক্তি আছিল। পাঁচ বছৰীয়া শাসনকালত তেওঁ অন্ততঃ হাজাৰবাৰ ‘বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম’ শব্দবোৰ উচ্চাৰণ কৰিছিল। কিন্তু দুখৰ বিষয়, বিগত পাঁচটা বছৰত এবাৰো তেওঁৰ মুখত আমি সংখ্যালঘু শব্দৰ উচ্চাৰণ হোৱা দেখা নাপালো। অথচ ‘সংখ্যালঘু’ শব্দটো ভাৰতীয় সংবিধানৰ স্বীকৃত এটা শব্দ। ৰাষ্ট্ৰনীতিত এনেদৰেও কোৱা হয় যে দেশ এখন কেনেদৰে চলিছে সেহ× কথা জানিবৰ হ’লে দেশৰ সংখ্যালঘু জনগণৰ অৱস্থাহে প্ৰথম বিচাৰ কৰি চাব লাগে। যি দেশত সংখ্যালঘু লোকসকল সদায় ভয়াৰ্ত, সন্ত্ৰস্ত আৰু অসহায়বোধ কৰে, বুজিব লাগিব যে সেহ× দেশৰ আভ্যন্তৰীণ স্বাস্থ্য ভাল নহয়। অসমৰ বিগত চাৰিটা দশকৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি লক্ষ্য কৰিলে দেখা যায় যে এহ× চাৰিটা দশক আছিল ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ মিঞা অসমীয়াসকলৰ কাৰণে চৰম প্ৰত্যাহ3ানমূলক। বিশেষকৈ ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তাহীনতাহ× তেওঁলোকক অহোৰাত্ৰি ব্যতিব্যস্ত কৰি ৰাখিছিল। অহৰহ তেওঁলোকৰ মূৰত ওলমি আছিল ডেম’ক্লিছৰ তৰোৱাল। তেওঁলোকৰ নাগৰিকত্বৰ প্ৰতি প্ৰশ্ন তোলা হৈছিল। কেৱল প্ৰশ্ন তোলাহ× নহয়, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি, ডি-ভোটাৰ সজাহ×, ডিটেনচন কেম্পলৈ নিক্ষেপ কৰি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত দলিল দস্তাবেজ খুজি এওঁলোকক হাইৰাণ কৰা হৈছিল। বাটে-পথে ঠাট্টা-বিদ্ৰূপ, অপমান, অপদস্থ হোৱাৰতো কথাহ× নাহ×। অৱশেষত নাগৰিকপঞ্জী আহিল যদিও তাৰ ওপৰতো প্ৰশ্ন তোলা হৈছে। হ×তিমধ্যে কেৱল নাগৰিকত্ব সাব্যস্ত কৰিবলৈ লাখ লাখ সংখ্যালঘু মানুহ ঘৰ-মাটি, পোহনীয়া জীৱ-জন্তু বিক্ৰী কৰি উকীলৰ দপ্তৰ আৰু হাকিমৰ বৈঠকখানালৈ তাঁতবাটি কৰিছে, সৰ্বস্বান্ত হৈছে, ভিখাৰীত পৰিণত হৈছে। কিন্তু বহুতৰ বাবে সেহ× নাগৰিকত্ব এতিয়াও যেন সুদূৰপৰাহত। সুচল জীৱন যাপনৰ বাবে বিজেপি দলৰ ৰাস্তা-ঘাট, ¦³¨ল-কলেজ, হাস্পতাল আৰু হিতাধিকাৰীৰ বাবে কৰা উন্নয়নমূলক কাম-কাজ এহ× শোষিত আৰু নিপীড়িত মানুহখিনিক লাগে। কিন্তু তাৰ আগত এওঁলোকক লাগে ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তা। ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তাহ× হৈছে এওঁলোকৰ প্ৰথম আৰু এক নম্বৰ সমস্যা। প্ৰথমে এওঁলোকে ৰাজনৈতিক আৰু সামাজিকভাৱে নিৰাপদ অনুভৱ কৰি ভাৰতীয় নাগৰিক হৈ জীয়াহ× থাকিব বিচাৰে। বাকী উন্নয়ন পিছলৈ হ’লেও হ’ব। দিন-ৰাতি একাকাৰ কৰি, যিকোনো কষ্টসাধ্য কায়িক শ্ৰমৰ জৰিয়তে কোনোমতে দুবেলা দুমুঠি আহাৰ যোগাৰ কৰিব পাৰিলেহ× এওঁলোক সন্তুষ্ট। এওঁলোকে খুউব বেছি কিছু নিবিচাৰে। বিচাৰে মাথোঁ যুগ যুগ ধৰি চলি থকা শোষণ, নিপীড়ন, অন্যায়, অত্যাচাৰ আৰু তুচ্ছ-তাচ্ছিল্যৰ অৱসান। এওঁলোকেও যিহেতু ভাৰতবৰ্ষৰ বিধিবদ্ধ নাগৰিক গতিকে ৰাজনৈতিক আৰু সামাজিক নিৰাপত্তা তেওঁলোকৰ প্ৰাপ্য। সংখ্যালঘুসকলক নিৰাপত্তা দিয়া চৰকাৰৰো পবিত্ৰ কৰ্তব্য। সকলো মানুহক কিছু সময়ৰ কাৰণে বঞ্চিত কৰি ৰাখিব পাৰি, কিছু মানুহক সকলো সময়ৰ কাৰণে বঞ্চিত কৰি ৰাখিব পাৰি, কিন্তু সকলো মানুহক সকলো সময়ৰ কাৰণে বঞ্চিত কৰি ৰাখিব নোৱাৰি।
ভাৰত তথা অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে এহ× দেশত যে তেওঁলোক সংখ্যালঘু সেহ× কথা বুজি পায় আৰু অনুধাৱন কৰে। এহ× কথাও তেওঁলোকে বুজি পায় যে সংখ্যাগুৰু মানুহৰ ৰাজনীতিৰ লগত বিৰোধ বা সংঘৰ্ষত লিপ্ত হৈ নহয়, বৰং সংখ্যাগুৰুৰ লগত সমিলমিল আৰু সহযোগ কৰিলেহে তেওঁলোকৰ জীৱনযাত্ৰা সুচল হ’ব। আমাৰ ধাৰণা যে ভাৰতবৰ্ষত সংখ্যালঘুসকলৰ কোনো নিজস্ব ৰাজনীতি নাহ× আৰু থাকিব নালাগে। আৰু যদি কোনোবাহ× কৰি আছে তেন্তে সেয়া ভুল, এশ শতাংশহ× ভুল। কিয়নো, দেশৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক সংখ্যাগুৰু মানুহৰ ভাগ্যৰ লগতেহ× সংখ্যালঘুসকলৰ ভাগ্য সম্পৃক্ত। সংখ্যালঘুসকলৰ দ্বিতীয় কোনো বেলেগ ভাগ্য নাহ×। সেহ× কাৰণে আমি ক’ব খোজো যে যি মুহূৰ্তত বিজেপি দলৰ শাসনত ধৰ্মীয় সংখ্যালঘুসকলে ৰাজনৈতিক আৰু সামাজিকভাৱে নিৰাপত্তা অনুভৱ কৰিব, সেহ× মুহূৰ্ততে তেওঁলোকৰ ওচৰ চাপি আহিব ধৰ্মীয় সংখ্যালঘুসকল। উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যত বহুতো ডাঙৰ ডাঙৰ ধৰ্মীয় সংখ্যালঘু নেতা বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈছে। অসমত সেহ× সময়টো এতিয়াও আহি পোৱা নাহ×। মাত্ৰ এহ×খিনি আশ্বাস পোৱাৰ পিছতেহ× ধৰ্মীয় সংখ্যালঘুৰ ওচৰতো বিজেপি দল বুকুৰ কুটুম হৈ পৰিব। নতুন চৰকাৰে এহ× দিশসমূহকো বিবেচনা কৰি আগবাঢ়িব বুলি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে আশাৰে বাট চাহ× আছে।
[ লেখকৰ ফোন নম্বৰ: 9954033111 ]