Home অসম কয়াকুছিত নতুন পৰিদৰ্শন বঙলা উদ্বোধন, সৰুক্ষেত্ৰীৰ জগন্নাথ মন্দিৰৰ নতুন মণিকূট স্থাপন কৰিলে...

কয়াকুছিত নতুন পৰিদৰ্শন বঙলা উদ্বোধন, সৰুক্ষেত্ৰীৰ জগন্নাথ মন্দিৰৰ নতুন মণিকূট স্থাপন কৰিলে মুখ্যমন্ত্ৰীৰ , অনুদান হিচাপে গণ্য কৰা হ’ব কাঁহ-পিতল উদ্যোগীলৈ আগবঢ়োৱা ৫ কোটি টকাৰ ঋণ

126
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ ছেপ্টেম্বৰ ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়াকুছিস্থিত লোক নিৰ্মাণ বিভাগৰ নৱনিৰ্মিত পৰিদৰ্শন বঙলাটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ২ কোটি টকা ব্যয়সাপেক্ষে এই পৰিদৰ্শন বঙলাটি নিৰ্মাণ কৰা হৈছে৷ ভূমি মহলাকে ধৰি তিনিমহলীয়া এই গৃহটিত মুঠ ১১টা কোঠালি আছে আৰু ইয়াৰে ৬টা শীত-তাপ নিয়ন্ত্ৰিত৷ তদুপৰি ভি আই পিৰ ভ্ৰমণৰ বাবে ইয়াত এটা ছুইট আছে৷ পৰিদৰ্শন বঙলাটোৰ সভাকক্ষত লোক নিৰ্মাণ [গ্ৰাম্য পথ] আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত হোৱা সভাত সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ লগতে জনসাধাৰণৰ সমস্যাৰাজিৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে উন্নয়নমূলক কাম-কাজসমূহ সময় নিৰ্ধাৰিতভাৱে সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে৷ নাগৰিকসকলে দিয়া অভিযোগৰ মীমাংসা কৰিবলৈ তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ দাবী পূৰণৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে কয়াকুছি এলেকাৰ সামগ্ৰিক উন্নয়নৰ বাবে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে লোৱা প্ৰচেষ্টাৰো শলাগ লয়৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সৰ্থেবাৰী পাঁচখেল গঞা গয়ৰহৰ ধৰ্মীয় বিশ্বাস আৰু সেৱাৰ অনুষ্ঠান শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ সন্মুখৰ পুৰণি মণিকূটৰ লগতে বাটচ’ৰাৰ নতুনকৈ নিৰ্মাণকাৰ্যৰো আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকা আগবঢ়াব বুলিও ঘোষণা কৰে৷ কাঁহ-পিতল নগৰী আৰু ইয়াৰ বাসিন্দাসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে কেতবোৰ প্ৰকল্প আৰু আঁচনিৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ সৰ্থেবাৰী অসামৰিক চিকিৎসালয়খনত আধুনিক চিকিৎসাৰ যন্ত্ৰ-পাতি আৰু পৰ্যাপ্ত স্বাস্থ্যসেৱা কৰ্মচাৰী নিয়োগেৰে এখন অত্যাধুনিক চিকিৎসালয়লৈ উন্নীত কৰাৰ দিশত চৰকাৰৰ পৰা তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে৷ তেওঁ লগতে ঘোষণা কৰে যে বিভিন্ন কাঁহ-পিতল উদ্যোগৰ উদ্যোগীয়ে লাভ কৰা মুঠ প্ত কোটি টকাৰ ঋণ আৰু ক্ৰেডিটক অনুদান হিচাপে গণ্য কৰা হ’ব আৰু এই ধন বা সূদ ঘুৰাই দিব নালাগিব৷ ইয়ে কাঁহ-পিতলৰ শিল্পক আগুৱাই নিয়াৰ দিশত সহায়ক হৈ উঠিব বুলিও তেওঁ কয়৷ সৰ্থেবাৰীক পাঠশালাৰ সৈতে সংযোগী ড॰ জিনাৰাম দাস পথৰ বৰ্তমানে চলি থকা উন্নীতকৰণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ কয়৷ সৰ্থেবাৰীৰ জনসাধাৰণৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে যথোচিত গুৰুত্ব প্ৰদান কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে আজি কৃষ্ণগুৰু সেৱাশ্ৰমো পৰিদৰ্শন কৰি ৰাজ্যৰ জনসাধাৰণৰ কুশল-মংগল কামনাৰে সেৱা আগবঢ়ায়৷ তেওঁ এই আধ্যাত্মিক স্থানৰ বাসিন্দা আৰু ইয়াৰ সদস্যসকলৰ সৈতেও মত-বিনিময় কৰে৷ মুখ্যমন্ত্ৰী এই ভ্ৰমণকালত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু অন্যান্য উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here