Home Main Stories নীপ্‌কো জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ : প্ৰকাণ্ড গছৰ চেপাত মৃত্যু প্ৰকল্পটোৰ তিনি বিষয়া-কৰ্মী

নীপ্‌কো জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ : প্ৰকাণ্ড গছৰ চেপাত মৃত্যু প্ৰকল্পটোৰ তিনি বিষয়া-কৰ্মী

199
0

গণ বাৰ্তা বিশেষ, ডিফু, ২৬ মাৰ্চ ঃ সোৱণশিৰিকে ধৰি একাংশ জলবিদ্যুৎ প্ৰকল্পই সাধাৰণ জনতাৰ জীৱনলৈ বিপদ ঘণ্টা কঢ়িয়াই অনাৰ আশংকা কৰি কেতবোৰ দল-সংগঠন আন্দোলনমুখী হৈ থকাৰ সময়তে আজি ডিমা হাচাও জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যোৱা দুবছৰ পূৰ্বে নীপ্‌কো জলবিদ্যুৎ প্ৰকল্পত জলবিস্ফোৰণ ঘটি ইয়াৰ আশে-পাশে থকা বিস্তৃত এলেকা বালিৰে পোত যোৱাৰ লগতে চাৰিজন লোকৰ কৰুণ মৃত্যুৰ ঘটনা মাৰ নৌযাওঁতেই আজি প্ৰকল্পটোত আন এক বিস্ফোৰণৰ ঘটনাই প্ৰকল্পটোৰ কৰ্মচাৰী তথা স্থানীয় জনজীৱনলৈ নিৰাপত্তাহীনতাৰ প্ৰশ্ন আহি পৰিছে।  আজিৰ এই দুৰ্ঘটনাত প্ৰকল্প এলেকাত বিস্তৰ ক্ষতি হোৱাৰ লগতে প্ৰকল্পটোৰ দুগৰাকী বিষয়াৰ লগতে প্ৰকল্পটোত কৰ্মৰত মুঠ তিনিজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে, আজি পুৱা প্ৰায় ১১ বজাত প্ৰকল্পথলীৰ উমৰাংছ’ৰ খানডং পাৱাৰ প্লে­ণ্টত এক টাৰ্বাইনত এক ভয়ংকৰ বিস্ফোৰণ হয়।

টাৰ্বাইনত বিস্ফোৰণ হোৱাৰ লগে লগে প্ৰচণ্ড জোৰেৰে বৈ অহা পানীৰ ধলে চৌদিশ জলমগ্ন কৰাৰ লগতে বোকাৰে পুতি পেলায় বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰকল্পটোত কৰ্মৰত তিনিজন কৰ্মীৰ ওপৰতে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰি কৰ্মী তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত চিকিৎসালয়লৈ নি থকাৰ মূহূৰ্ততে কৰ্মী তিনিজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। মৃত লোক তিনিজন ক্ৰমে ডিমা হাচাও জিলাৰ দিয়ুংব্ৰাৰ দিমৰাজ জহৰি, যোৰহাটৰ অনুপম শইকীয়া (অভিযন্তা) আৰু চিভিল মেনেজাৰ জয়ন্ত হাজৰিকা। উক্ত বিস্ফোৰণত জলবিদ্যুৎ  প্ৰকল্পটোৰ বিস্তৰ ক্ষতি হৈছে যদিও ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। বাতৰি লিখা পৰলৈকে বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই যদিও কালি মেঘালয়ত হোৱা প্ৰবল বৰষুণৰ পানী প্ৰকল্পটোত প্ৰৱেশ কৰাৰ বাবে  উক্ত বিস্ফোৰণ সংঘটিত হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here