Home Uncategorized অসম চৰ-চাপৰি সাহিত্য সভাৰ গোৱালপাৰা জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম চৰ-চাপৰি সাহিত্য সভাৰ গোৱালপাৰা জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

147
0

গণবাৰ্তা,২২ মে: চৰ-চাপৰিবাসীৰ সমাজ-সংস্কৃতি তথা সাহিত্য প্ৰতিভা বিশ্বৰ আগত দাঙি ধৰাৰ নিমিত্তে গঠন হোৱা ‘অসম চৰ-চাপৰি সাহিত্য সভা’ৰ গোৱালপাৰা জিলা সমিতিৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। গোৱালপাৰা চহৰৰ নয়াপাৰাস্থিত ‘বয়েজ্ হাইস্কুল’ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে ‘অসম চৰ-চাপৰি সাহিত্য সভা’ৰ গোৱালপাৰা জিলা শাখাৰ সভাপতি আব্দুৰ ৰহিম ভূঞাই। সভাত অসমৰ চৰ-চাপৰিত যুগ যুগ ধৰি বসবাস কৰি অহা জনসাধাৰণৰ সমাজ জীৱন, সাহিত্য, কলা-কৃষ্টি,অৰ্থনীতি সম্পৰ্কে বক্তব্য আগবঢ়ায় চৰ-চাপৰি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা দৈনিক গণ অধিকাৰ কাকতৰ মূখ্য সম্পাদক খবিৰ আহমেদে। তাৰোপৰি আগন্তক ২৪ জুলাই তাৰিখে বৰপেটাত ‘অসম চৰ-চাপৰি সাহিত্য সভা’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন আৰু গোৱালপাৰাত অনুষ্ঠিতব্য প্ৰথম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আৰু কাৰ্যক্ৰমণিকা সম্পৰ্কেও গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় । বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখনত অসম চৰ-চাপৰি সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰফিকুল ইছলাম, উপ-সভাপতি ড০ বকসী হজৰত আলী, , সহকাৰী সম্পাদক গোলাম ছাৰোৱাৰ আহমেদ, বিশিষ্ট সাহিত্যিক এম মজিদ খান, গোৱালপাৰা জিলা সমিতিৰ সম্পাদক অধ্যাপক জালাল আহমেদ, দুধনৈ মহাবিদ্যালয়ৰ অধ্যাপক ড০ আবুল হোছেন, ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰুহুল আমিন, গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক আবুল হুছাইন, অধ্যাপক চজিমুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক ইয়াকুব আলী শিকদাৰ, আব্দুল মজিদ, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক-ছাইফুদ্দিন আহমেদ , চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া জহিৰুল ইছলাম, যুৱ সাংবাদিক ইব্ৰাহিম আলী, বন বিষয়া মাহফিজুৰ ৰহমানকে আদি কৰি গণ্য মান্য অৰ্ধ শতাধিক সাহিত্য প্ৰেমী উচ্চ শিক্ষিত ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here