গণ বাৰ্তা বিশেষ, ডিফু, ১৬ মে’ ঃ ৰাজ্যজুৰি শেহতীয়াকৈ প্ৰায় এসপ্তাহ ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কে’বাটাও স্থানত বানপানীয়ে সাধাৰণ ৰাইজৰ জীৱনযাত্ৰা ব্যাহত কৰি তোলাৰ সময়তে এইবাৰ বাঢ়নী পানীয়ে সংহাৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাত৷ বিগত দুটা দিনে পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত বাঢ়নী পানীয়ে তাণ্ডব চলাই অহাৰ পিছত আজিও এই পানীৰ সোঁতে জিলাখনৰ বিস্তৃত এলেকাত তাণ্ডব চলোৱাৰ বাতৰি পোৱা গৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি কপিলী নৈৰ ওপৰত থকা জলবিদু্যৎ প্ৰকল্পৰ অতিৰিক্ত পানীভাগ মুকলি কৰি দিয়াৰ ফলত কপিলী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁৱত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ বিনষ্ট কৰা বুলি জানিব পৰা গৈছে৷ এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি, আজি বাঢ়নী পানীয়ে পশ্চিম কাৰ্বি আংলং জিলাৰ মুগাছং, লালমাটি, সাতগাঁও, গাৰোগাঁও, ভেলাপাৰা, হাতীমাৰা, হালধি ক্ৰ’, চুটবালি, বালিজুৰি, গৰৈমাৰী আদি এলেকাৰ লগতে তৰাডুবিৰো বিস্তৃত এলেকা বাঢ়নী পানীয়ে বুৰাই পেলায়৷ শেহতীয়াকৈ এই বানৰ তাণ্ডৱৰ ফলত কে’বাশ পৰিয়াল আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ বহু পৰিয়ালে বাঢ়নী পানীৰ বাবে ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰ মাজতে যোৱানিশা কপিলীৰ বাঢ়নী পানীত জলসিঞ্চন বিভাগৰ এখন পাম্প নাও উটি আহি জিলাখনৰ টুম্পেঙৰ দলঙত লাগি ধৰা দেখিবলৈ পোৱা গৈছে৷ টুম্পেঙৰ দলঙত সম্প্ৰতি আবদ্ধ হৈ থকা পাম্প নাওখনৰ সবিশেষ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ ইফালে, বানৰ তাণ্ডৱৰ মাজতে আজি বনৰীয়া হাতীয়ে সাতগাঁও টুম্পেং এলেকাত মুকলি বিচৰণ কৰি থকাৰ ফলত স্থানীয় লোকৰ মাজত আতংকময় পৰিৱেশৰো সৃষ্টি হয়৷ উল্লেখযোগ্য যে বানত আক্ৰান্ত লোকসকলৰ মাজত আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে৷