Home শিৱসাগৰ শিৱসাগৰত ধুমুহাৰ তাণ্ডৱ, বিস্তৰ ক্ষতিসাধন

শিৱসাগৰত ধুমুহাৰ তাণ্ডৱ, বিস্তৰ ক্ষতিসাধন

165
0

গণ বাৰ্তা, শিৱসাগৰ, ২৬ মাৰ্চ ঃ আজি সন্দিয়া প্ৰায় ৫.৩০মান বজাত অহা  ধুমুহা বতাহে  শিৱসাগৰ নগৰকে ধৰি  বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন কৰে। উল্লেখ্য যে দ’লমুখৰ শিৱদলৰ সমীপৰ  এপেক্স বেংকৰ সন্মুখত এখন বিলাতী গাড়ী এ এছ ২২ এইচ ০৬৫১খন সম্পূৰ্ণৰূপে ক্ষতি হয়। সন্মুখত থকা বেংকৰ পৰা কাঠৰ বাতামসহ টিন আহি গাড়ীখনত পৰে। গাড়ীখনত বহি থকাসকলৰ কথমপি প্ৰাণৰক্ষা পৰে। টিনপাত পৰি ধবংসস্তূপত পৰিণত কৰাৰ পিছতে দি থকা ধুমুহাৰ ফলত অঞ্চলটোৰ কেইখনমান ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি কৰে। ইয়াৰ উপৰিও শিৱসাগৰ বৰপুখুৰী পাৰত সন্ধিয়া ভ্ৰমণ কৰিবলৈ অহা ব্যক্তিসকলৰ ব্যক্তিগত কেইবাখনো বাহনৰ ওপৰত গছ পৰি কেইবাখনো বাহনৰ ক্ষতিগ্ৰস্ত হয়। এই ধুমুহাৰ প্ৰভাৱ বিশেষভাৱে  শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ কেইবাটাও সুউচ্চ অট্টালিকাৰ  টাইল্‌ছ তথা টিনপাত, বেনাৰ খহি পৰি ৰাস্তাত যানজঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here