গৰ্ণবাৰ্তা , ৫ অক্টোবৰ:বিশ্বজুৰি সোমবাৰে হঠাৎ স্থৱিৰ হৈ পৰিছিল হোৱাটছ এপ, ফেচবুক, ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী সকলে সন্মুখীন হোৱা এই অসুবিধাৰ বাবে ক্ষমা বিচাৰিলে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ৷ তেওঁ ফেচবুকৰ জৰিয়তে কয়,”আজিৰ অসুবিধাসমূহৰ বাবে মই ক্ষমা বিচাৰিছো।মই জানো আপোনালোকে প্ৰিয় ব্যক্তিসকলৰ সৈতে সংযোগ স্থাপন কৰি ৰাখিবলৈ আমাৰ সেৱাসমূহৰ ওপৰত কিমান নিৰ্ভৰশীল।”সোমবাৰে বিশ্বৰ বিভিন্ন প্ৰান্তত ফেচবুকৰ অধীনস্থ বিভিন্ন এপ যেনে- হোৱাটছ এপ, ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল ৷ ইয়াৰ আগতে, ইণ্টাৰনেটৰ চলাচলৰ প্ৰতিবেদন নিৰীক্ষণ কৰা এটা ছাইট ‘ডাউনডিটেক্টৰে’ কৈছিল যে তেওঁলোকে এতিয়ালৈকে দেখা এয়া আটাইতকৈ ডাঙৰ বিভ্ৰাট।প্ৰতিষ্ঠানটোৱে সোমবাৰে এক পোষ্টযোগে কয়, “সমগ্ৰ বিশ্বৰ ১০.৬ নিযুতৰো অধিক সমস্যা ডাউনডিটেক্টৰত আমি দেখা পাইছোঁ ৷” প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১.৭ নিযুততকৈ অধিক সেৱা ব্যাহত হয়,জাৰ্মানীত ১.৩ নিযুত আৰু নেডাৰলেণ্ডে ৯ কোটি সেৱা ব্যাহত হৈ পৰিছিল ।