Home অসম ধান ক্ৰয়ত ব্যৰ্থ এফ চি আই, নিৰ্ধাৰিত সময়ত ৫০ শতাংশ ধান ক্ৰয়...

ধান ক্ৰয়ত ব্যৰ্থ এফ চি আই, নিৰ্ধাৰিত সময়ত ৫০ শতাংশ ধান ক্ৰয় কৰিব পৰা নাই

81
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ মে’ ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতো অসমৰ কৃষকৰ পৰা নূ্যনতম সমৰ্থিত মূল্যত নিৰ্ধাৰিত পৰিমাণৰ ধান ভাৰতীয় খাদ্য নিগমকে ধৰি আন প্ৰতিষ্ঠানসমূহে ক্ৰয় কৰিব নোৱৰাত ধান ক্ৰয়ৰ সময় বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য যে অসমত প্ৰথম পৰ্যায়ত শালি ধান ক্ৰয় কৰাৰ বাবে শেষ দিন ধাৰ্য কৰা হৈছিল ৩১ মে’৷ চলিত বছৰত নূ্যনতম সমৰ্থিত মূল্যত কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ ইয়াৰে প্ৰথম পৰ্যায়ত জ্জ লাখ মেট্ৰিক টন শালিধান ৩১ মে’ৰ ভিতৰত কুইণ্টলে প্ৰতি ৰ,৯৪০ টকা দৰত ক্ৰয় কৰিবলৈ নিৰ্দেশ দিছিল যদিও ধান ক্ৰয়ৰ দায়িত্ব পোৱা এফ চি আইকে ধৰি মুঠ ৬টা প্ৰতিষ্ঠানৰ প্তটাই ৫০ শতাংশ ধানো ক্ৰয় কৰিব পৰা নাই৷ ধান ক্ৰয়ৰ শেষ সময় ৩১ মে’লৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী আছে যদিও অসমত নিৰ্ধাৰণ কৰা জ্জ লাখ মেট্ৰিক টনৰ ভিতৰত এতিয়ালৈকে মাত্ৰ ২,৫৭,৮৩৩ মেট্ৰিক টন ধানহে নূ্যনতম সমৰ্থিত মূল্যত ক্ৰয় কৰা হৈছে৷ কৃষকৰ পৰা ধান ক্ৰয় অতি লেহেম হোৱাত ধান ক্ৰয়ৰ সময় কেন্দ্ৰীয় চৰকাৰে ৩০ জুনলৈ বৃদ্ধি কৰিছে৷ ইফালে, ৰ জুলাইৰ পৰা দ্বিতীয় খেতি বৰোধান ক্ৰয় কৰাৰ কাম প্ৰতিষ্ঠানসমূহে আৰম্ভ কৰিব লাগিব৷ বিগত ৰ ডিচেম্বৰৰ পৰা ধান ক্ৰয়ৰ কাম আৰম্ভ কৰি প্ৰায় ৬ মাহত নিৰ্ধাৰণ কৰা পৰিমাণৰ পৰা ৫০ শতাংশও ধান এফ চি আই, অসম খাদ্য আৰু অসামৰিক যোগান নিগম, নাক’ফ, নফেড আদি প্ৰতিষ্ঠানকেইটাই ক্ৰয় কৰিব পৰা নাই৷ ইফালে, বহিঃৰাজ্যত নূ্যনতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰাত গুৰুত্ব দিয়া এফ চি আইয়ে অসমত বিভিন্ন অজুহাতত ধান ক্ৰয় কৰিবলৈ ইচ্ছা নকৰে৷ এফ চি আইক চ্ছ্ৰ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছিল যদিও সৰ্ববৃহৎ প্ৰতিষ্ঠানটোৱে অসমৰ কৃষকৰ পৰা নূ্যনতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰিছে মাত্ৰ ৰ.৩১ লাখ মেট্ৰিক টন৷ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানটোৱে চৰকাৰে দায়িত্ব দিয়া পৰিমাণৰ ৫০ শতাংশ ধানো দুমাহত ক্ৰয় কৰা নাই৷ ইফালে, অসম চৰকাৰৰ অধীনস্থ খাদ্য আৰু অসামৰিক যোগান নিগমক ৰ.৬১ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ দায়িত্ব দিয়া হৈছিল যদিও প্ৰতিষ্ঠানটোৱে ৮৯ হাজাৰ মেট্ৰিকটন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ শালি ধান ক্ৰয় কৰিবলৈ পূৰ্বে ধাৰ্য কৰা শেষ দিন ৩১ মে’ৰ পৰা ৩০ জুনলৈ বৃদ্ধি কৰিছে৷ কিন্তু ৬ মাহত নূ্যনতম সমৰ্থিত মূল্য নিৰ্ধাৰিত কৰা পৰিমাণৰ ৫০ শতাংশ ধান ক্ৰয় কৰিব নোৱৰা প্ৰতিষ্ঠানকেইটাই আৰু এটা মাহ পালেও কেনেদৰে লক্ষ্যত উপনীত হ’ব পাৰিব তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ ইফালে, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানত অস্বাভাৱিক গতিত হ্ৰাস পাইছে কৰ্মচাৰীৰ সংখ্যা৷ বিশেষকৈ দেশৰ প্ৰায়কেইখন ৰাজ্যতেই কাৰ্যালয়ত থকা ভাৰতীয় খাদ্য নিগমত তড়িৎ গতিত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰি অনা হৈছে৷ খালীপদৰ বিপৰীতে অতি কমসংখ্যক কৰ্মচাৰীকহে খাদ্য নিগমত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ অসমৰ ক্ষেত্ৰত খাদ্য নিগমৰ কৰ্মচাৰী পৰ্যাপ্ত নোহোৱাত ধান ক্ৰয় কেন্দ্ৰসমূহ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে৷ নিগমৰ এক সূত্ৰই সদৰী কৰা অনুসৰি কৰ্মচাৰীৰ সংখ্যা কম হোৱা বাবে আশা কৰাধৰণে ধান ক্ৰয় কেন্দ্ৰৰ সংখ্যা সীমিত হৈ ৰৈছে৷ জানিব পৰা অনুসৰি বিগত ২০০০ চনৰ পাছত সমগ্ৰ দেশত খাদ্য নিগমৰ কাৰ্যালয়সমূহত অনুমোদিত পদৰ সংখ্যা ৩১ হাজাৰলৈ হ্ৰাস কৰা হৈছে৷ ২০০০ চনলৈ খাদ্য নিগমৰ কাৰ্যালয়সমূহত অনুমোদিত পদৰ সংখ্যা আছিল ৭৩,৮৩৪টা৷ কিন্তু এতিয়া অনুমোদিত কৰ্মচাৰীৰ পদৰ সংখ্যা হৈছেগৈ মাত্ৰ ৪২,০৩৮টা৷ আ(ৰ্যকৰ কথাটো এয়ে যে অনুমোদিত এই ৪২,০৩৮টা পদৰ ভিতৰত মাত্ৰ ২২,৯০১টা পদতহে কৰ্মচাৰী নিযুক্ত হৈ আছে৷ ১৯,১৩৭টা বিভিন্ন শ্ৰেণীৰ পদেই খালী হৈ আছে৷ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে পদৰ বিলোপ ঘটোৱাই নহয় খালী হৈ থকা পদত নিযুক্তি দিয়াটো ব্যৰ্থতাৰ পৰিচয় দিছে৷ এইপৰ্যন্ত সঠিক তথ্য নাই যদিও অসমত থকা নিগমৰ উত্তৰ-পূব মাণ্ডলিক কাৰ্যালয়ৰ পৰা অসম সংমণ্ডলৰ অধীনস্থ কাৰ্যালয়সমূহত খালী হৈ আছে কেইবাশ পদ৷ জ্যেষ্ঠ বিষয়াৰ পৰা তৃতীয়-চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বহুসংখ্যক পদ খালী হৈ থকাত কে’বাটাও কাৰ্যালয়ত অচলাৱস্থাই দেখা দিছে৷ কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰীৰ বাবে আবণ্টিত খাদ্য-সামগ্ৰীৰ পৰিমাণ বৃদ্ধি কৰি অহাত খাদ্য নিগমৰ দায়িত্ব বৃদ্ধি পাইছে যদিও সেই অনুপাতে কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিৱৰ্তে হ্ৰাস পোৱাত অসমতেই সমস্যাৰ উদ্ভৱ হৈছে৷ ইফালে, আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে জাতীয় সংগঠনসমূহে দাবী কৰি অহাৰ পাছতো আজিপৰ্যন্ত নিগম কতৃৰ্পক্ষই তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত থলুৱাৰ এশ শতাংশ নিযুক্তি নিশ্চিত নকৰিলে৷ বৰঞ্চ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ অধিক পদ খালী কৰিহে ৰাখিলে৷ উল্লেখ্য যে ২০০০ চনপৰ্যন্ত সমগ্ৰ দেশত ৭০ হাজাৰতকৈ অধিক অনুমোদিত কৰ্মচাৰীৰ পদ থকা খাদ্য নিগমত ২০০৯ চনপৰ্যন্ত ৫০ হাজাৰলৈ নিম্নগামী কৰা হৈছিল৷ পৰৱৰ্তী সময়ত প্ৰতিটো বছৰত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস পায়৷ ২০২০ চনত অনুমোদিত পদৰ সংখ্যা ৪২,০৪২টালৈ হ্ৰাস হোৱাৰ লগতে নিযুক্ত হৈ থকা কৰ্মচাৰীৰ সংখ্যাও ২০,৮৫১লৈ নিম্নগামী হয়৷ আজিপৰ্যন্ত খাদ্য নিগমত প্ৰায় ২৫ হাজাৰটা পদ খালী হৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here