Home Main Stories যোৰহাটৰ চিনামৰাত চালক সহ ভুৱা দণ্ডাধীশ গ্ৰেপ্তাৰঃ বাহন জব্দ

যোৰহাটৰ চিনামৰাত চালক সহ ভুৱা দণ্ডাধীশ গ্ৰেপ্তাৰঃ বাহন জব্দ

51
0

গণবাৰ্তা, চিনামৰা, ১৯ ‘মে : আজি নিজকে এজন কাৰ্যবাহী দণ্ডাধীশ বুলি চিনাকি দি দক্ষিণ যোৰহাটৰ চিনামৰা আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষী চকীৰ চৌহদ অপৰিস্কাৰ কিয় বুলি আৰক্ষীক কটু বাক্যৰে কৈফিয়ৎ বিচৰা এজন যুৱকক পিছত ভুৱা দণ্ডাধীশ বুলি জানিব পাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে ন-আলি ঢেকীয়াজুলিৰ কহাৰ গাৱঁৰ নিবাসী বিশ্বজিত দত্ত নামৰ ১৮ বছৰীয়া যুৱকজনে চালকৰে সৈতে এখন নীলা ৰঙৰ এ এছ ২৩এফ ৬৩৪৭ নম্বৰৰ আইটেন গাড়ীৰে পুৱা প্ৰায় ৯ বজাতে চিনামৰা আৰক্ষী চকীত উপস্থিত হৈ সেই সময়ত আৰক্ষী চকীত কৰ্তৱ্যৰত আৰক্ষীক নিজকে এগৰাকী দণ্ডাধীশ বুলি চিনাকী দি চৌহদ কিয় ইমান অপৰিস্কাৰ হৈ আছে বুলি কটু কথাৰে কৈফিয়ৎ বিচৰাৰ উপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক লগ কৰিব বিচাৰে৷ সেই সময়ত আৰক্ষী চকীৰ চৌহদৰ নিজৰ আৱাসত থকা ভাৰপ্ৰাপ্ত বিষয়াক আৰক্ষীয়ে দণ্ডাধীশে লগ কৰিবলৈ আহিছে বুলি মাতি আনে৷ লগে লগে উপস্থিত হোৱা আৰক্ষী বিষয়া হিমাংৎ গোহাঁইকো নিজকে তিতাবৰৰ কাৰ্যবাহী দণ্ডাধীশ মাধুৰ্য্য বৰা বুলি চিনাকি দি ভুৱা আৰক্ষী চৌহদ গছা সৰা পাতেৰে অপৰিস্কাৰহৈ থকাৰ সন্দৰ্ভত কটু কথা শুনাবলৈ ধৰে৷ যুৱকজনৰ কথাবাৰ্তাত মনত সন্দেহ হোৱাত আৰক্ষী বিষয়াজনে লগে লগে যোৰহাটৰ প্ৰশাসনিক বিষয়াৰে ফোনযোগে যোগাযোগ কৰাত প্ৰশাসনীক বিষয়াৰ পৰামৰ্শমতে যুকজনৰ চৰকাৰী পৰিচয়পত্ৰ চাবলৈ বিচৰাত যুৱকজনযে ভুৱা সেইকথা পোহৰলৈ আহে৷ পাছত ভুৱা দণ্ডাধীশৰূপী যুৱকজনৰ লগত থকা এখন আধাৰ কাৰ্ডৰ পৰা যুৱকজনৰ নাম প্ৰকৃততে বিশ্বজিত দত্তহে বুলি জানিব পাৰি আৰক্ষীয়ে লগে লগে যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ অন্যহাতে যুৱকজনে ব্যৱহাৰ কৰা গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক তথা নিমাতীঘাটৰ নিৱাসী গোপাল শইকীয়াৰ পুত্ৰ অৰুণ শইকীয়াকো গ্ৰেপ্তাৰ কৰে৷ গাড়ীখনৰ চালক অৰুণ শইকীয়াই আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি বিগত ৫ দিন ধৰি নিজকে দণ্ডাধীশ বুলি পৰিচয় দিয়া যুৱকজনে তেওঁৰ গাড়ীখন ভাড়াত লৈ বৰহোলা আৰু আঠখেলীয়া নামঘৰ আদি বিভিন্ন স্থানলৈ অহাযোৱা কৰিছিল যদিওআজি পৰ্যৎ এটকাও ভাড়াৰ নামত পৰিশোধ কৰা নাই৷ অন্যহাতে যুৱকজনৰ নিৰ্দেশতে চালকজনে গাড়ীখনৰ আগফালে “কাৰ্যবাহী দণ্ডাধীশ, তিতাবৰ বুলি লিখা এটি ষ্টিকাৰো লগাই লৈছিল৷ দণ্ডাধীশৰূপী যুৱকজনে দিনৰ ১১ বজাতে বন্ধ হ’ব লগা সময়ত খোলা ৰখা কোনো কোনো ব্যৱসায়ীক প্ৰতিষ্ঠানত উপস্থিত হৈ অনিয়ম কৰাৰ অজুহাত দেখুৱাই অৰ্থসংগ্ৰহ কৰিছিল বুলি চিনামৰা আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ পিছত চিনামৰা আৰক্ষী চকীত উপস্থিত হোৱা যোৰহাটৰ পূৱ চক্ৰৰ চক্ৰ বিষয়া কৃতিকা শৰ্মাৰ উপৰি তিতাবৰৰ কাৰ্যবাহী দণ্ডাধীশ পল্লৱ জ্যোতি নাথ আৰু ৰাজু বৈশ্যই চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হাতত ভুৱা দণ্ডাধীশ যুৱকজনৰ বিৰুদ্ধে এখন লিখিত এজাহাৰ দাখিল কৰে৷ উল্লেখ্য যে আজি গ্ৰেপ্তাৰ হোৱা যুৱকজনে যোৱা বছৰৰ প্ৰথমটো লকডাউনৰ সময়তো অন্য ৩ জন সহযোগীৰ সৈতে নিজকে এগৰাকী ডাক্তৰ বুলি চিনাকী দি কেইবাটাও অপৰাধ সংঘটিত কৰি জেলৰ ভাতখাব লগা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here