Home স্বাস্থ্য কাজিৰঙাত হাতীৰ গচকত কৃষকৰ মৃত্যু

কাজিৰঙাত হাতীৰ গচকত কৃষকৰ মৃত্যু

388
0

গণ বাৰ্তা বিশেষ, বোকাখাত, ৩০ এপ্ৰিল ঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন। ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত পাণবাৰী সংৰক্ষিত বনাঞ্চলত হাতীৰ গচকত এজন কৃষকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। স্থানীয় গাঁওবুঢ়াই জানিবলৈ দিয়া মতে, কঁহৰা আৰক্ষী চকীৰ অধীনত পাণবাৰী কাকজুৰী গাঁও নিৱাসী দুল দাসে (৩৫) নিজৰ গৰু বিচাৰিবলৈ যাওঁতে পাণবাৰী সংৰক্ষিত বনাঞ্চলত এজাক বনৰীয়া হাতীৰ মুখামুখি হয়। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কৃষকজনে আপ্ৰাণ চেষ্টা কৰে যদিও বিফল হয়। উল্লেখ্য, ২৮ এপ্ৰিলৰ সন্ধিয়াতেই কৃষকজনক হাতীয়ে হত্যা কৰে যদিও আন্ধাৰ নামি অহাৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাত মৃতদেহ উদ্ধাৰ কৰাত সমস্যাৰ সৃষ্টি হৈছিল। কালি পিছবেলা বন আৰু আৰক্ষীৰ লোকে উক্ত বনাঞ্চলৰ পৰা মৃতদেহ উদ্ধাৰ কৰি নিশা হোৱাৰ বাবে বোকাখাত আৰক্ষী থানাত ৰাখিব লগা হয়। পৰৱৰ্তী সময়ত গোলাঘাট অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাই পৰিয়ালৰ লোকক গতাই দিয়ে বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত পত্নী আৰু এজন পুত্ৰক এৰি থৈ গৈছে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ সুবিধাৰ্থে উদ্যান কৰ্তৃপক্ষই পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ট্ৰেকিং কৰাৰ ব্যৱস্থা কৰিছিল যদিও কেইবছৰমান পূৰ্বে উক্ত বনাঞ্চলত ট্ৰেকিং কৰিবলৈ যাওঁতে এনেদৰে বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বিদেশী পৰ্যটকৰো মৃত্যু হৈছিল। বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰি উক্ত বনাঞ্চলত আশ্ৰয় লৈ থাকে। বানপানী শুকালে কিছু বন্যপ্ৰাণী ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ উভতি যায় যদিও কিছু বন্যপ্ৰাণীয়ে নিগাজীকৈ থাকি যায়। পাণবাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ কাৰণে এক প্ৰধান এনিমেল কৰিড’ৰ হিচাপে চিহ্নিত হৈ আহিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলঙৰ বন্যপ্ৰাণী পাণবাৰী সংৰক্ষিত বনাঞ্চলেদি সঘনাই অহা-যোৱা কৰাৰ প্ৰধান পথ হিচাপে ব্যৱহাৰ কৰাত উক্ত বনাঞ্চলখনৰ গুৰুত্ব অধিক হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here