Home অসম ম্পশালি খেতিৰ বাবে মাটি চহাই প্ৰস্তত; খৰাং কৃষি ভুমিত বৰষুণ নোহোৱাত মূৰে...

ম্পশালি খেতিৰ বাবে মাটি চহাই প্ৰস্তত; খৰাং কৃষি ভুমিত বৰষুণ নোহোৱাত মূৰে কপালে হাতদি হতাশ কৃষক

96
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৪ জুলাই : সম্প্ৰতি শালিখেতিৰ বতৰ।কোৰোনা মহামাৰীৰ আতংক আৰু লকডাউনৰ মাজতেই কৃষিজীৱী কৃষকে নিজা কৃষিভুমিত শালিখেতিৰ বাবে মাটি হাল কোৰ মাৰি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে যদিও খৰাং পীড়িত জলসিঞ্চন বিহীন আঞ্চলটোৰ কৃষকে এজাক বৰষুণৰ অপেক্ষাত হাত সাৱতি বঢ়ি থাকিব লগীয়া হৈছে । উল্লেখ‍্য যে,যোৰহাট চৰাইবাহী মৌজাৰ অন্তগত বহু গাঁৱৰ কৃষি ভুমিত কৃষকৰ সুবিধাথে প্ৰধান মন্ত্ৰী কৃষি সিঞ্চন আঁচনিৰ অধিনত যোৰহাট জলসিঞ্চন বিভাগৰ উদ‍্যোগত গত ২০২০ চনত স্হাপন কৰা বহু সৌৰশক্তি আৰু বিদ‍্যুত চালিত গভীৰ নলীনাদ একাংশ কাৰ্যক্ষম হৈছে যদিও বহু বিদ‍্যুত চালিত নলীনাদৰ আজিও বিদ‍্যুত সংযোগ নিদিয়া বুলি কৃষকে অভিযোগ কৰিছে।প্ৰণিধানযোগ‍্য যে খৰাং পৰিস্হিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২০ চনতে স্হাপন কৰা নলীনাদ সমুহ বিদ‍্যুত সংযোগ দিয়া হলে কৃষক যথেষ্ট উপকৃত হলহেতেন বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।যাৰ পৰিনতিত কৃষকে গাঁথিৰ ধন খৰচ কৰিও খৰাঙৰ গ্ৰাসত শালিধানৰ গোছ লব নোৱাৰা অভিযোগ উঠিছে।অন‍্যহাতে চহা কৃষকে নিজাকৈ উৎপাদ কৰাধান খিনিও ৰচৰকাৰে নিধাৰিত কৰা প্ৰতি কুইন্টেল ধানৰ দাম ১,৮০০শ টকাৰ বিপৰীতে পুঁজিপতি বেপাৰীক কুইন্টেলে প্ৰতি ১০০০/১২ ০০ শ টকা দৰত ধান বিক্ৰী কৰি শালিখেতিৰ প্ৰয়োজনীয় হাল কোৰ মৰা খৰচ বহন,চৰকাৰে বান্ধি দিয়া মূল‍্যতকৈ ওঁধ অধিক দামত ৰাসায়নিক সাৰ ক্ৰয় কৰিব লগা অভিযোগ উঠিছে।যিকি নহওঁক উৎপাদনৰ তুলনাত অধিক ব‍্যয় কৰিহলেও বছৰৰ খেতিটোৰ বাবে কৃষকে সকলো প্ৰস্তুত কৰিও জলসিঞ্চনৰ অভাৱত খৰাং কৃষিভূমি দেখি মূৰে কপালে হাতদি থমকি ৰবলগা কাৰ্যই কৃষিক্ষেত্ৰ খনলৈ অশনি সংকেত বহন কৰা পৰিলক্ষিত হৈছে। সেইহে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগ সমুহে কেৱল কাকতৰ বিজ্ঞাপনত কৃষকলৈ সকলো সুবিধা প্ৰদান কৰাৰ কথা প্ৰচাৰ কৰি থকাৰ বিপৰীতে কৃষি ভুমিত জলসিঞ্চনৰ সুবিধা, ৰাসায়নিক সাৰৰ মুল‍্যবৃদ্ধি হ্ৰাস ,বিশেষকৈ কৃষকৰ উৎপাদিত ধানৰ মুল‍্যবৃদ্ধি কৰি ৰাইজক সকাহ দিবলৈ কৃষকে চৰকাৰক দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here