Home স্থানীয় মুছলপুৰত দহ মাহৰ ভিতৰতে পিতৃ-কন্যাৰ আত্মহত্যা

মুছলপুৰত দহ মাহৰ ভিতৰতে পিতৃ-কন্যাৰ আত্মহত্যা

66
0

১৩ নৱেম্বৰ: বাক্সা জিলাৰ সদৰ মুছলপুৰত একেটা পৰিয়ালতে দহ মাহৰ ভিতৰত দুটাকৈ আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰামতে মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীপুৰদেওঁৰ গাওঁৰ মনসা চ’কৰ গোপালক উত্তম ৰয়ে(৪৫) আজি পুৱা নিজ গৃহতে চিপ লৈ আত্মহত্যা কৰে। উল্লেখ্য যে উত্তম ৰয়ৰ কন্যা তথা মেধাৱী ছাত্ৰী নিষ্কৃতি ৰয়ে আজিৰ পৰা দহ মাহ পূৰ্বে ২৩ জানুৱাৰীত নিজ গৃহতে আত্মহত্যা কৰিছিল ৷ নিজ কন্যাৰ আত্মহননৰ বেদনাই পিতৃ-মাতৃক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছিল ৷ আনকি কন্যাক হেৰুওৱাৰ বেদনাৰ কথা উত্তম ৰয়ে প্ৰায়ে নিজৰ বন্ধুবৰ্গৰ আগতো ব্যক্ত কৰি আহিছিল ৷ আজি নিজ ঘৰতে উত্তমে আত্মহত্যা কৰাৰ পিচত পৰিয়ালৰ লোকৰ মাজত হুৱা-দুৱা লাগে ৷ পিচত ঘটনাস্থলীত মুছলপুৰ আৰক্ষীৰ দল এটা উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৃত্তিত এগৰাকী গো-পালক উত্তম ৰয়ৰ আত্মহননক ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here