Home অসম সেনা শিবিৰত আলফা-এনএছচিএনৰ ভয়াৱহ আক্ৰমণ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভয়ংকৰ পৰিস্থিতি

সেনা শিবিৰত আলফা-এনএছচিএনৰ ভয়াৱহ আক্ৰমণ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভয়ংকৰ পৰিস্থিতি

170
0


চন্দ্ৰ কুমাৰ শইকীয়া, গুৱাহাটী, ৯ আগষ্ট ঃ পুৱতি নিশা ভয়ংকৰ গুলীয়াগুলী৷ নতুনকৈ স্থাপন কৰা সেনা শিবিৰত মৰ্টাৰেৰে আক্ৰমণ আলফা [স্বাধীন] আৰু এনএছচিএনৰ৷ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচাও অঞ্চলত সংঘটিত হৈছে এই আক্ৰমণ৷ ঘটনাস্থলীত কোনো সংবাদ মাধ্যমৰ লোকক যাবলৈ দিয়া নাই৷ সমগ্ৰ অঞ্চল সেনাই বেৰি ধৰি অভিযান আৰম্ভ কৰিছে৷ নাগালেণ্ডৰ চেমাটৰ জিলাত থকা সেনা শিবিৰতো আক্ৰমণ দুই উগ্ৰপন্থী সংগঠনৰ৷ এতিয়ালৈকে হতাহতৰ কোনো স্পষ্ট বাতৰি লাভ কৰা নাই৷ নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ বিভিন্ন ঠাই বিশেষকৈ ম্যানমাৰ সীমান্তত আলফা আৰু এনএছচিএনৰ কে’বাটাও গোটে ইতিমধ্যে সশস্ত্ৰ বাহৰ পাতিছে বুলি চোৰাংচোৱা সূত্ৰে প্ৰকাশ কৰিছে৷ কিছুদিনৰ আগলৈকে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি আলফা [স্বাধীন]ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আলোচনাৰ প্ৰস্তাৱক স্বাগতম জনাইছিল৷ চৰকাৰৰ সদিচ্ছা আৰু আলফাৰ আগ্ৰহৰ প্ৰতি সকলোৱে অভিনন্দন জনাইছিল আৰু চাৰি দশকৰো অধিকজোৰা সশস্ত্ৰ বিদ্ৰোহৰ এক সমাধান সূত্ৰ ওলাব বুলি আশা কৰিছিল৷ কিন্তু হঠাতে সকলো ওলট-পালট হৈ পৰিল৷

স্বাধীনতা দিৱসলৈ মাজত মাথোঁ কেইটামান দিন৷ ইয়াৰ মাজতে সংঘটিত হৈছে কূটাঘাত৷ সেনাৰ শিবিৰত আলফা [স্বাঃ]ৰ আক্ৰমণ৷ তিনিচুকীয়াৰ ভাৰত-ম্যানমাৰৰ পাংচুপাছত সংঘটিত হৈছে এই ঘটনা৷ ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ শিবিৰত ভয়াৱহ আক্ৰমণ কৰিছে আলফা [স্বাধীন] আৰু এনএছচিএনে৷পুৱতি নিশা সংঘটিত কৰা এই আক্ৰমণৰ পিছতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলে৷ প্ৰায় ২ ঘণ্টাপৰ্যন্ত অব্যাহত থকা এই গুলীয়াগুলীত দুয়োটা পক্ষৰে ক্ষয়-ক্ষতিৰ কোনো সবিশেষ তথ্য এইপৰ্যন্ত লাভ কৰা নাই৷ জানিব পৰা মতে, আছাম ৰাইফল্‌ছে নতুনকৈ স্থাপন কৰা এটা শিবিৰত পুৱতি নিশা প্ৰায় ২.৩০মান বজাত আলফা [স্বাধীন] আৰু এন এছ চি এনে মৰ্টাৰেৰে আক্ৰমণ কৰে৷ ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয়৷ পুৱা প্ত বজলৈকে সংঘটিত হয় এই গুলীয়াগুলী৷ তিনিটাকৈ সেনা শিবিৰত আক্ৰমণ কৰে উগ্ৰপন্থীয়ে৷ আলফা [স্বাধীন]-এ স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ সকলোকে আহ৩ান জনাইছিল৷ তাৰ পাছতে আলফাই এই ভয়ংকৰ এম্বুশ্বেৰে আক্ৰমণ কৰে৷ এই ভয়ংকৰ এম্বুশ্বত কে’বাজনো সেনা হতাহত হোৱাৰ আশংকা কৰা গৈছে৷

উল্লেখ্য যে আছাম ৰাইফল্‌ছে নতুনকৈ স্থাপন কৰা এটা শিবিৰত আলফা [স্বাধীন] আৰু এন এছ চি এনে মৰ্টাৰেৰে আক্ৰমণ কৰে৷ ইয়াৰ পিছতে আৰম্ভ হয় দুয়োপক্ষৰ মাজত গুলীয়াগুলী৷ এইপৰ্যন্ত লাভ কৰা অনানুষ্ঠানিক তথ্য অনুসৰি এজন সেনা জোৱান নিহত হৈছে৷ অৱশ্যে সেনা, আৰক্ষীৰ পৰা এই বিষয়ে কোনো তথ্য প্ৰকাশ পোৱা নাই৷ ঘটনাস্থলীলৈ ২খনকৈ এম্বুলেঞ্চ প্ৰেৰণ কৰা হৈছে৷ স্বাধীনতা দিৱস আহি থকাৰ মাজতে সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here