Home Main Stories অৱশেষত কঠোৰ হ’ল যোৰহাট জিলা প্ৰশাসন : চাৰি বায়ু সেনা বিষয়াক জৰিমনা

অৱশেষত কঠোৰ হ’ল যোৰহাট জিলা প্ৰশাসন : চাৰি বায়ু সেনা বিষয়াক জৰিমনা

138
0

অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা প্ৰশাসনৰ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১১ জুলাই : অৱশেষত কঠোৰ হ’ল যোৰহাট জিলা প্ৰশাসন। যোৱা ছয় জুলাইৰ পৰা ৰাজ্যৰ আন সাতখন জিলাৰ লগতে যোৰহাটকো কন্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰা হয় যদিও একাংশ অসচেতন লোকে কভিড বিধি লোক ভংগ কৰি বজাৰ -সমাৰলৈ ওলাই আহি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত অর্থহীন হৈ পৰিছিল চৰকাৰৰ কঠোৰ নিৰ্দেশনা। এই লৈ যোৱা দুদিনত সংবাদ মাধ্যমত বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আজিৰে পৰা কঠোৰ হৈছে জিলা প্ৰশাসন। আজি জিলা উপায়ুক্তই এক নিৰ্দেশ যোগে অহা ১২ আৰু ১৩ জুলাইত জিলাখনত সকলো গেলামালৰ দোকান, পাঁচলি আৰু ফলমূল বিক্ৰীৰ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে৷ জিলাখনত ক’ভিড সংক্ৰংমন ৰোধ কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তই জাৰি কৰা এই নিৰ্দেশ সমগ্ৰ যোৰহাট জিলাতে প্ৰযোয্য হ’ব৷ ইপিনে, আজি যোৰহাট আৰক্ষীয়ে আজি কভিড বিধি ভংগ কৰি নগৰত ঘূৰি ফুৰা পাঁচ জন বায়ু সেনা বিষয়াক আটক কৰি জৰিমনা বিহে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চুলাই মদৰ ঘাটিৰ পৰা কভিড সংক্ৰমন বৃদ্ধি হোৱা বুলি ঘোষণা কৰাৰ পাছত যোৰহাটত অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ ৪ টা ৰাজহ চক্ৰতে একেলেঠাৰীয়ে অধিক তৎপৰতাৰে চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নিৰ্দেশত আৰু আবকাৰী বিভাগৰ অধীক্ষক বনানী হোজাইৰ নেতৃত্বত আবকাৰী দলসমূহে মৰিয়নিৰ বিজয়পুৰ নিউ সোনোৱাল, দকলঙিয়া,কাঠনিবাৰী চাহ বাগিছা, তিতাবৰৰ কেঁচাইখাতি, শিলিখা গ্ৰান্ত,কছাৰী গাঁও, যোৰহাট ৰাজচক্ৰৰ অধীনৰ নাঁওচলীয়া গাঁও,চকলাটিং বাগান, নপমুৱা গাঁও, বাঘমৰা, ২৮ নম্বৰ মুৰমুৰীয়া,বৰভেটা , টীয়কৰ গড়চুক, বলমা চাওদাং গাঁও, গাভৰু, মুদৈজান, ফেঁচুৱাল আদি অঞ্চল সমূহত প্ৰায় ৪৩ টা চুলাই ঘাটি উৎখাত কৰাৰ লগতে গোচৰ ৰুজো কৰে৷ যোৱা ২৫ জুনৰ পৰা চলি থকা অভিযান কালত আজি ১১ জুলাইলৈকে মুঠ ৮৫ লিটাৰ চুলাই মদ,৭৭৩০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, ২৪ টা মদ বনোৱা যন্ত্ৰ নষ্ট কৰা হয়। যোৰহাট, টীয়ক, মৰিয়নি আৰু তিতাবৰত হোৱা এই অভিযানকালত আবকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগত আৰক্ষী প্ৰশাসন, চি আৰ পি এফৰ বিষয়া কৰ্মচাৰী আৰু ভি ডি পিৰ দলেও অতি তৎপৰতাৰে সহযোগিতা আগবঢ়ায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here