Home অসম অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান বিত্তমন্ত্ৰী অজন্তা নেওগৰ

অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান বিত্তমন্ত্ৰী অজন্তা নেওগৰ

328
0


গণ বাৰ্তা বিশেষ, গোলাঘাট, ৪ এপ্ৰিল : বিত্ত আৰু সমাজ কল্যাণমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট নগৰৰ এৰেঙাপাৰাত থকা মন্ত্ৰীগৰাকীৰ বাসগৃহৰ চৌহদত যোৱা ১৬ আৰু ২৫ মাৰ্চত ক্ৰমে পাঁচ আলিৰ ১১নং ৱাৰ্ড আৰু বেঙেনাখোৱা ধুবী চাৰিআলিৰ ৬নং ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ চেক প্ৰদান কৰে৷ ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা ক্ষতিপূৰণৰ চেকসমূহ বিত্তমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰে৷ তেওঁ চেক বিতৰণ কৰি যিকোনো ধৰণৰ সম্ভাব্য দুৰ্যোগ প্ৰতিহত কৰিব পৰাকৈ সকলোকে সজাগ তথা সতৰ্ক হৈ থাকিবলৈ আহ৩ান জনায়৷ তেওঁ লগতে কয় যে যিকোনো ধৰণৰ দুৰ্যোগ অথবা সমস্যাৰ ক্ষেত্ৰত বৰ্তমানৰ ৰাজ্য চৰকাৰখন সদায় ভুক্তভোগী ৰাইজ তথা পৰিয়ালৰ সৈতে আছে৷ তেওঁ ভুক্তভোগী পৰিয়াল তথা ব্যৱসায়ীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে৷ আজিৰ চেক বিতৰণী অনুষ্ঠানত বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যোৱা বেঙেনাখোৱা ধুবী চাৰিআলিৰ দুজন, পাঁচআলিৰ এজন, আংশিকভাৱে ক্ষতিগ্ৰস্ত বেঙেনাখোৱা ধুবী চাৰিআলিৰ এজন আৰু দুয়োটা স্থানৰ অন্য ২০টা পৰিয়াল তথা ব্যৱসায়ীক চেক প্ৰদান কৰা হয়৷ চেক বিতৰণ কাৰ্যসূচীত গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া পাপৰি দাসৰ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ সদস্যসকল উপস্থিত আছিল৷ উল্লেখযোগ্য যে ১৬ মাৰ্চৰ দুপৰীয়া পাঁচআলিৰ ১১ নং ৱাৰ্ডত আৰু চ্ছ মাৰ্চৰ নিশা বেঙেনাখোৱা ধুবী চাৰিআলিৰ ৬নং ৱাৰ্ডত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here