Home Main Stories চিৰাঙত মাইক্ৰফাইনাঞ্চৰ হিতাধিকাৰী মহিলাক চেক প্ৰদান বিত্ত মন্ত্ৰী অজন্তা নেওঁগৰ : জিলাখনৰ...

চিৰাঙত মাইক্ৰফাইনাঞ্চৰ হিতাধিকাৰী মহিলাক চেক প্ৰদান বিত্ত মন্ত্ৰী অজন্তা নেওঁগৰ : জিলাখনৰ মুঠ ১০,৪৭২ গৰাকী মহিলাই পাব আৰ্থিক সকাহ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ প্ৰমোদ বড়ো

374
0

কাজলগাঁও, ২৮ ডিচেম্বৰ : অসম চৰকাৰৰ বিত্ত বিভাগ আৰু চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত কাজলগাঁৱত আজি “অসম মাইক্ৰফাইনাঞ্চ ঋণ সকাহ আৰু উদগনিমূলক আঁচনি”ৰ অধীনত হিতাধিকাৰী মহিলাসকলৰ মাজত চেক্ বিতৰণৰ শুভাৰম্ভ কৰা হয়। চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা পেৰেড গ্ৰাউণ্ডত আয়োজিত এই মাইক্ৰফাইনাঞ্চ ঋণৰ সকাহ আৰু উদ্গনিমূলক আঁচনিৰ চেক্ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগ। মন্ত্ৰী গৰাকীয়ে নিজ ভাষণত কয় যে – অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল মহিলা সকলক মাইক্ৰফাইনাঞ্চৰ ঋণৰ সকাহ দিয়া হব আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৮ নভেম্বৰৰ পৰাই অসমৰ বিভিন্ন জিলাত পৰ্যায় ক্ৰমে  মাইক্ৰফাইনাঞ্চৰ পৰা ঋণ গ্ৰহণ কৰা মহিলা সকলক সকাহ দিবলৈ “অসম মাইক্ৰফাইনাঞ্চ ঋণ সকাহ আৰু উদ্গনিমূলক আঁচনি”ৰ জৰিয়তে চেক্ প্ৰদান কৰি থকা হৈছে। আজিৰ দিনটোত বঙাইগাঁও আৰু চিৰাং জিলাত এই আঁচনিৰ অধীনত চেক্ বিতৰণৰ শুভাৰম্ভ কৰা হৈছে । আজিৰ এই চেক্ বিতৰণ অনুষ্ঠানত ভাষন প্ৰসঙ্গত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই নিজ ভাষনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাইক্ৰফাইনাঞ্চৰ পৰা ঋণ গ্ৰহণ কৰি বিভিন্ন কাৰণত সেই ঋণ ঘুৰাই দিব নোৱাৰি জুৰুলা হৈ পৰা দুখীয়া দৰিদ্ৰ মহিলা সকলক সেই মাইক্ৰফাইনাঞ্চ ঋণৰ পৰা সকাহ দিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে আৰু ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত অসমৰ ডব্লিউ পি টি , হস্ততাঁত আৰু বস্ৰশিল্প বিভাগৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , এম চি এল উইলচন হাছদা, চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহকে  ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্হিত থাকে। উল্লেখ্য যে, চিৰাং জিলাখনৰ মুঠ ১০,৪৭২ গৰাকী মহিলাক পৰ্যায়ক্ৰমে মাইক্ৰফাইনাঞ্চৰ ঋণ সকাহ চেক্ বিতৰণ কৰা হ’ব। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here