Home Main Stories ক’ভিড ›¶ভাৱিত খণ্ডলৈ ১.১ লাখ কোটি টকাৰ ঋণৰ ঘোষণা : সংবাদমেল যোগে...

ক’ভিড ›¶ভাৱিত খণ্ডলৈ ১.১ লাখ কোটি টকাৰ ঋণৰ ঘোষণা : সংবাদমেল যোগে ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

84
0

নতুন দিল্লী, ২৮ জুন : ক’ভিড প্ৰভাৱিত খণ্ডসমূহক পুনৰ প্ৰাণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেল সম্বোধন কৰি ক’ভিড প্ৰভাৱিত খণ্ডসমূহলৈ ঋণ নিশ্চয়তা আঁচনিৰ অধীনত ১.১ লাখ কোটি টকা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে। ক’ভিডৰ দ্বিতীয়টো লহৰৰ পিছত দেশৰ বহুকেইটা খণ্ডই চৰকাৰৰ পেকেজ ঘোষণাক লৈ আশাৰে বাট চাই ৰৈছিল। কিয়নো কোৰোনাৰ প্ৰথমটো লহৰৰ দৰে দ্বিতীয়টো লহৰতো দেশৰ উদ্যোগৰ লগতে আন খণ্ডসমূহ প্ৰভাৱিত হৈছিল। প্ৰথমটো লহৰৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে দেশৰ উদ্যোগৰ লগতে আন খণ্ডসমূহক প্ৰাণ দিয়াৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল। দ্বিতীয়টো লহৰত চৰকাৰে কোনো পেকেজ ঘোষণা কৰা নাছিল বুলি উদ্যোগসমূহ চৰকাৰলৈ অপেক্ষাৰত হৈ ৰৈছিল। অৱশেষত আজি ঋণ নিশ্চয়তা আঁচনিৰ অধীনত ক’ভিত প্ৰভাৱিত খণ্ডসমূহলৈ ১.১ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰে। এই পেকেজৰ অধীনত স্বাস্থ্যখণ্ডলৈ ৫০ হাজাৰ টকা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ উপৰি ইমাৰজেন্সী ক্ৰেডিট লাইন গেৰাণ্টী স্কিমৰ বাবে অতিৰিক্ত ১.৫ লাখ কোটি টকা আগবঢ়োৱাৰ ঘোষণা কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ঋণ নিশ্চয়তা আঁচনি এক নতুন আঁচনি আৰু ইয়াৰ জৰিয়তে ২৫ লাখ লোক উপকৃত হ’ব। মাইক্ৰ’ফাইনেন্স সংস্থাতকৈও ক্ষুদ্ৰ সংস্থাসমূহক ঋণ আগবঢ়োৱা হ’ব। এইসমূহ সংস্থাক অধিক ১.২৫ লাখ টকাৰ ঋণ আগবঢ়োৱা হয়। বিত্তমন্ত্ৰীগৰাকীয়ে কয়- দেশৰ খণ্ডসমূহলৈ ঋণ আগবঢ়োৱাৰ ওপৰত চৰকাৰে গুৰুত্ব দি আছে। যিসমূহ খণ্ডক এই আঁচনিৰ অধীনত ঋণ আগবঢ়োৱা হ’ব সেইসমূহ খণ্ডই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সুদৰ হাৰতকৈ ২ শতাংশ কমকৈ পৰিশোধ কৰিব লাগিব আৰু এই ঋণৰ ম্যাদ ৩ বছৰলৈ থাকিব। ইয়াৰ উপৰি পৰ্যটন খণ্ডটোক সকাহ দিয়াৰ বাবে আকৰ্ষিত আঁচনি ঘোষণা কৰিছে। বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্য লৈ এখন নতুন আঁচনিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় যাতায়াত মুকলি হোৱাৰ পিছতেই প্ৰথম ৫ লাখ পৰ্যটকে ভিছাৰ মাচুল পৰিশোধ কৰাৰ প্ৰয়োজন নহ’ব। এই আঁচনি ২০২২ৰ ৩১ মাৰ্চলৈ বলৱৎ থাকিব। প্ৰথম ৫ লাখ পৰ্যটকক ভিছা প্ৰদানৰ পিছতেই এই আঁচনি বন্ধ হ’ব। ইয়াৰ উপৰি পৰ্যটন খণ্ডৰ লগত জড়িত Îট্ৰভেল এজেন্সীসমূহক এই আঁচনিৰ অধীনত দহ লাখ টকাৰ ঋণ আগবঢ়োৱা হ’ব আৰু পৰ্যটক গাইডক ১ লাখ টকাৰ ঋণ দিয়া হ’ব। ইয়াৰ উপৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ৰাজহুৱা স্বাস্থ্যখণ্ডত অতিৰিক্তভাৱে ২৩,২২০ কোটি টকা আগবঢ়োৱা হ’ব। চলিত বিত্তীয় বৰ্ষতেই এই ধন খৰচ কৰা হ’ব। শিশু চিকিৎসাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২১ৰ নৱেম্বৰ মাহলৈ বিনামূলীয়াকৈ ৰেচন আগবঢ়াই থকা হ’ব। প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন আঁচনিৰ অধীনত এই ৰেচন আগবঢ়োৱা হ’ব। ইয়াৰ বাবে ব্যয় হ’ব ২.২৭ লাখ কোটি টকা। নৰ্থ ইষ্টাৰ্ন ৰিজনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচনলৈ ৭৭.৪৫ কোটি টকাৰ পেকেজ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। ডিজিটেল ইণ্ডিয়াৰ বাবে চৰকাৰে ১৯,০৪১ কোটি টকাৰ পেকেজ ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here