Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অগ্নিপথ আঁচনিৰ জৰিয়তেই হ’ব সেনাবাহিনীত নিযুক্তি : অগ্নিপথ আঁচনি কৰা নহ’ব প্ৰত্যাহাৰ,...

অগ্নিপথ আঁচনিৰ জৰিয়তেই হ’ব সেনাবাহিনীত নিযুক্তি : অগ্নিপথ আঁচনি কৰা নহ’ব প্ৰত্যাহাৰ, বায়ুসেনাত ২৪ জুন, নৌসেনাত ২৫ জুন, স্থলসেনা ১ জুলাইত জাৰি হ’ব জাননী

107
0


নতুন দিল্লী, ১৯ জুন ঃ অগ্নিপথ আঁচনি ঘোষণা কৰা দিন ধৰি দেশৰ কে’বাখনো ৰাজ্যত প্ৰতিবাদৰ লহৰ চলি থকাৰ মাজতেই আজি তিনি সেনাৰ শীৰ্ষ বিষয়াই সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে অগ্নিপথ আঁচনি কোনো কাৰণতেই প্ৰত্যাহাৰ কৰা নহ’ব৷ যিসকল যুৱকে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আন্দোলনত নামিছে আৰু যিসকলে ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছে সেইসকল অগ্নিবীৰ হ’ব নোৱাৰিব৷ এয়াৰ মাৰ্চেল এছ কে ঝা, নৌ-সেনাৰ শীৰ্ষ বিষয়া দীনেশ ত্ৰিপাঠী আৰু স্থল সেনাৰ শীৰ্ষ বিষয়া লেফটেনেণ্ট জেনেৰেল অৰুণ পুৰীয়ে সংবাদমেলত কয় যে অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰা নহয়৷ সেনাবাহিনীত সকলো নিযুক্তি প্ৰক্ৰিয়া এই আঁচনিৰ অধীনত হ’ব৷ ২৫ হাজাৰ অগ্নিবীৰক প্ৰথম পৰ্যায়ত সেনাবাহিনীত নিযুক্তি দিয়া হ’ব৷ লেফটেনেণ্ট জেনেৰেল অৰুণ পুৰীয়ে কয়, অগ্নিপথ আঁচনিৰ বিৰুদ্ধে চলা প্ৰতিবাদ একাংশ কোচিং ইনষ্টিটিউট পৰিচালনা কৰা ব্যক্তিয়ে ছাত্ৰসকলক উচটনি দিয়াৰ পৰিণতিত হৈছে বুলি উল্লেখ কৰি কয় যে অগ্নিবীৰ হোৱাসকলে শপতনামাত উল্লেখ কৰিব লাগিব যে তেওঁলোকে কোনোধৰণৰ প্ৰতিবাদ কৰা নাই আৰু কোনো চৰকাৰী সা-সম্পত্তিৰ ধ্বংস কৰা নাই৷ পুলিচ ভেৰিফিকেচন অবিহনে কোনো সেনাত নিযুক্তি লাভ নকৰে বুলি উল্লেখ কৰি কয় যে স্থল সেনাত অনুশাসনহীনতাৰ কোনো স্থান নাই৷ তেওঁ কয়, পৰিকল্পনা অনুসৰি এই আঁচনি অনা হৈছে৷ প্ৰতিবছৰে ১৭,৬০০ জোৱান ৩ সেনা বাহিনীৰ পৰা সময়ৰ পূৰ্বেই অৱসৰ লৈ আছে৷ কোনেও এই কথা প্ৰশ্ন কৰা নাই যে তেওঁলোকে অৱসৰ লোৱাৰ পিছত কি কৰিব৷ দেশৰ সেৱাৰ বাবে বলিদান দিয়া অগ্নিবীৰসকলক এক কোটি টকাৰ আৰ্থিক সাহায্য দিয়া হ’ব৷ অগ্নিবীৰসকলে চিয়াচীন আৰু অন্যান্য অঞ্চলৰ তেনে ভাট্টা আৰু সুবিধা লাভ কৰিব যি বৰ্তমান নিয়মিত সেনা জোৱানে লাভ কৰি আছে৷ সেৱাৰ চৰ্তৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে কোনো ধৰণৰ ভেদাভেদ কৰা নহ’ব৷ তেওঁ কয় যে পুলিচ ভেৰিফিকেচন অবিহনে সেনাত নিযুক্তি দিয়া নহ’ব৷ সেইবাবে যুৱকসকলে সময় থাকোঁতেই ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু নিযুক্তিৰ বাবে সাজু হ’ব লাগে৷ আজিৰ সংবাদমেলত এয়াৰ চীফ মাৰ্চেল এছ কে ঝাই কয় যে ভাৰতীয় বায়ু সেনাত ২৪ জুনত অগ্নিবীৰৰ প্ৰথম পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ সকলো অনলাইন প্ৰক্ৰিয়াৰে হ’ব৷ অনলাইনৰ মাধ্যমেৰে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু এমাহৰ পিছত অৰ্থাৎ ২৪ জুলাইত প্ৰথম পৰ্যায়ৰ অনলাইন পৰীক্ষা আৰম্ভ হ’ব৷ ডিচেম্বৰৰ শেষলৈ অগ্নিবীৰৰ প্ৰথম পৰ্যায়ত বায়ু সেনাত অন্তৰ্ভুক্ত কৰা হ’ব৷ ৩০ ডিচেম্বৰৰ পূৰ্বে বায়ু সেনাত নিযুক্তি লাভ কৰা অগ্নিবীৰসকলৰ প্ৰশিক্ষণ আৰম্ভ হ’ব৷ ঠিক একেদৰে নৌ-সেনাৰ বিষয়া ডি কে ত্ৰিপাঠীয়ে কয় যে অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ৷ ২৫ জুনত ইয়াৰ বিজ্ঞাপন জাৰি কৰা হ’ব৷ এমাহৰ ভিতৰত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ ২১ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ অগ্নিবীৰসকলৰ প্ৰশিক্ষণ আৰম্ভ হ’ব৷ নৌ-সেনাত মহিলা অগ্নিবীৰকো লোৱা হ’ব৷ ইয়াৰ বাবে ট্ৰেইনিঙৰ সময়ত যি সংশোধন কৰিবলগীয়া আছে তাৰ কাম আৰম্ভ কৰিছোঁ৷ উল্লেখ্য যে ৩ সেনা বাহিনীৰ বিষয়াই আজি স্পষ্ট কৰি দিছে যে তিনি সেনাবাহিনীত অগ্নিপথ আঁচনিৰ জৰিয়তেই নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ আজি সংবাদমেলত যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিল যে সেনাবাহিনীত অগ্নিপথ আঁচনিৰে অস্থায়ী আৰু পূৰ্বৰ দৰেই স্থায়ী নিযুক্তিৰ প্ৰক্ৰিয়া কিয় বজাই নাৰাখিলে সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিলে৷ অৰ্থাৎ সেনাবাহিনীত স্থায়ী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ নহয়৷ অগ্নিপথ আঁচনিৰ জৰিয়তেই নিযুক্তি লাভ কৰা ২৫ শতাংশই স্থায়ী নিযুক্তিৰ পৰা সুবিধা লাভ কৰিব যদিও সেয়া স্পষ্ট নহয়৷ ইয়াৰ উপৰিও আজিৰ সংবাদমেলত যেতিয়া প্ৰশ্ন কৰা হৈছিল যে অগ্নিপথ আঁচনি ঘোষণা কৰাৰ সময়ছোৱাত দেশৰ পৰিস্থিতি এনে এক অগ্নিগৰ্ভা হ’ব বুলি আশা কৰিছিলনে? সেই প্ৰশ্নৰ উত্তৰো তেওঁলোকে পোনচাতে দিয়াৰ পৰা বিৰত থাকে৷ উল্লেখ্য যে বায়ু সেনাত ২৪ জুনত, নৌ-সেনাত ২৫ জুনত আৰু স্থলসেনাত ৰ জুলাইত নিযুক্তিৰ জাননী জাৰি কৰিব৷ অগ্নিবীৰসকলৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি ২০২৩১ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব৷ প্ৰথম পৰ্যায়ত ২৫ হাজাৰক অগ্নিবীৰত নিযুক্তি দিয়া হ’ব৷ ৩ সেনাবাহিনীৰ প্ত বছৰৰ ভিতৰত ৰ লাখ অগ্নিবীৰ সাজু হৈ উঠিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here