Home Main Stories ২৪ ঘণ্টাত বানে প্ৰাণ কাঢ়িলে ৫জনৰ

২৪ ঘণ্টাত বানে প্ৰাণ কাঢ়িলে ৫জনৰ

72
0

জলপ্ৰলয়ৰ গ্ৰাসত উজনি-নামনি অসম, ৩২ জিলাৰ ২৭,৯৩,২৯৬ লোক জলবন্দী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ জুন ঃ ৰাজ্যত সম্প্ৰতি বানপানীয়ে কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেয়া কোনো ভাষাৰেই বুজাব নোৱাৰি। তাক মাথোঁ উপলব্ধি কৰিব পাৰি। বাঢ়নী পানীয়ে নিমিষতেই মথাউৰি বা নদীৰ পাৰ খহাই নামনিলৈ বৈ অহা প্ৰবল সোঁতৰ শব্দৰ যি বিভীষিকা সেয়া চকুৰ সন্মুখতে ঘৰ-ভেটি নিঠৰুৱা হৈ পৰা বন্যাৰ্তজনেহে উপলব্ধি কৰিছে। কাৰ্যতঃ এতিয়া ৰাজ্যৰ চৌদিশে মাথোঁ বানত সকলো হেৰুৱাই নিঠৰুৱা হৈ পৰা বানত আক্ৰান্তজনৰ হা-হতাশা আৰু ক্ৰন্দনমিহলি আৰ্ত-চিঞৰে দেশাদিশ কঁপাই তুলিছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ কেইখনমান জিলাত বৰষুণৰ পৰিমান কিছু হ্ৰাস পাইছে যদিও সেইকেইখন জিলাতো বানৰ বিভীষিকা হ্ৰাস পোৱা নাই। বৰং বানপানীৰ কাল ৰূপে এফালৰ পৰা সকলো ধুই নিছে। উজনি অথবা নামনি অসম, বৰাক কিম্বা ব্ৰহ্মপুত্ৰ সকলোতেই একেই বানপানীৰ বিভীষিকা। ৰাজ্যৰ এই বানপানীৰ অভাৱনীয় ভয়ংকৰ পৰিস্থিতিৰ মাজতেই শুকুৰবাৰৰ পৰা ভূটানে কুৰিশ্বু বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াত শনিবাৰৰ পুৱাৰে পৰাই নামনি অসমৰ জিলাসমূহত সৃষ্টি হৈছে বৰ্ণনা কৰিব নোৱাৰা বান পৰিস্থিতি। ২৪ ঘণ্টাৰ ভিতৰতেই কুৰিশ্বু বান্ধৰ এৰি দিয়া পানীয়ে নামনি অসমৰ বিশেষকৈ বৰপেটা, বাক্সা, বজালী, ওদালগুৰি, চিৰাং, বঙাইগাঁও, দৰং আদি জিলাত অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰিছে। আনকি প্ৰথমবাৰৰ বাবে এই বানৰ পানীত বুৰ গৈছে বৰপেটাৰ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ, কালদিয়া সত্ৰ। আনকি নামনি অসমৰ জিলাকেইখনত শনিবাৰৰ নিশা পৰ্যন্ত পানী বাঢ়ি থকাত পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ সম্ভাৱনাই দেখা দিছে।

বহু মথাউৰি এতিয়া অতি বিপজ্জনকভাৱে আছে। বাঢÿনী পানীৰ প্ৰচণ্ড সোঁতে যিকোনো মুহূৰ্তত এই মথাউৰিসমূহ খহাই নিয়াটো স্পষ্ট হৈ পৰিছে। বহু গাঁৱৰ বাবে জীৱনৰেখাৰ দৰে থকা এই মথাউৰি খহি গ’লে কি পৰিস্থিতি হ’ব সেয়া কল্পনা কৰিবলৈকো ভয়লগা। ইয়াৰ বাবে স্থানীয় প্ৰশাসনে সকলো লোকক প্ৰতি মুহূৰ্তত সজাগ আৰু সষ্টম হৈ থাকিবলৈ আহ্বান জনাইছে। চৰকাৰী বা বে-চৰকাৰীভাৱে বিভিন্ন স্থানত আশ্ৰয় শিবিৰ আদি স্থাপন কৰি বানত আক্ৰান্ত লোকক ৰখাৰ ব্যৱস্থা কৰিছে যদিও খাদ্য আৰু অনাময় ব্যৱস্থাৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভয়ংকৰ কথা হৈছে- বানত ৰাজ্যৰ বহু হাজাৰ গঞা ৰাইজৰ ঘৰ-ভেটি আদি বুৰাই পেলোৱাৰ লগতে খেতিপথাৰ আদি বানত উছন হোৱাৰ পিছতো আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰ আদিত আশ্ৰয় নোলোৱা লোকৰ বাবে প্ৰশাসনেও কোনো খাদ্য বা বিশুদ্ধ পানীৰ ব্যৱস্থা নকৰাত সেইসকল লোক কিদৰে আছে সেয়া ভুক্তভোগীসকলেহে বুজিছে। মুঠতে ৰাজ্যৰ চাৰিওফালে এতিয়া মাথোঁ বানত সকলো হেৰুৱাই নিঠৰুৱা হোৱা লক্ষ লক্ষ লোকৰ কৰুণ আৰ্তনাদেৰে ভৰি পৰিছে। চাৰিওফালে বাঢ়নী পানীৰ হুৰ হুৰ, কল কল সংহাৰী শব্দৰ মাজত জাক জাক বানত পৰা মানুহৰ অসহায় আৰ্তনাদ। শনিবাৰৰ নিশা পৰ্যন্ত ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত ৩২খন জিলাই প্ৰলয়ংকৰী বানৰ কবলত পৰিছে। প্ৰতিখন জিলাতেই বানপানীয়ে অভাৱনীয় ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি, শনিবাৰৰ নিশা পৰ্যন্ত ৰাজ্যৰ ৩২খন জিলাত বানে সকলো বুৰাই পেলোৱাত এই জিলাসমূহত জলপ্ৰলয়ৰ সৃষ্টি হৈছে। এই জলপ্ৰলয়ৰ মাজতেই যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৫জন লোকে বাঢ়নী পানীত পৰি মৃত্যুক সাবটি লোৱাৰ বিপৰীতে এইপৰ্যন্ত ৮জন লোক বানত পৰি সন্ধানহীন হৈ আছে।

চৰকাৰী তথ্য অনুসৰিয়েই চলিত বৰ্ষৰ একেটা মাহত হোৱা দুটাকৈ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ৬০জন হয়গৈ। তথ্য অনুসৰি, এই পৰ্যন্ত ৰাজ্যৰ ৩২খন জিলা ক্ৰমে— বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, কৰিমগঞ্জ, চিৰাং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা-হাচাও, গোৱালপাৰা, গোলাঘাট, দৰং, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলা ভয়াৱহ বানৰ কবলত পৰাত ইয়াৰ লাখ লাখ জনতা অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈ বিনিদ্ৰ ৰজনী কটাবলগা হৈছে। ইফালে, সম্প্ৰতি বৰপেটাত বেঁকী, বঙাইগাঁও-চিৰাঙত মানাহ, বজালীত পাগলাদিয়া,  নলবাৰীত পুঠিমাৰী, ধৰমতুলত কপিলী, শোণিতপুৰত জীয়াভৰলী, ধুবুৰী-তেজপুৰ-নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ বহু ওপৰেৰে বৈ আছে । ইয়াৰ ফলত জিলাকেইখনত বান পৰিস্থিতি আৰু অধিক যে অৱনতি হৈ পৰিব সেয়া নিশ্চিত। চৰকাৰী তথ্য অনুসৰি, সম্প্ৰতি বানৰ গ্ৰাসত পৰা ৩২খন জিলাৰ ১২০ ৰাজহ চক্ৰৰ ২৭,৯৩,২৯৬ লোক বানত ক্ষতিগ্ৰস্থ হৈছে। বানত বুৰ গৈ আছে ৩২খন জিলাৰ ৩,৯৬৯খন গাঁও। ইয়াৰে ১১,৮০,০০৩জন পুৰুষ, ৯৭,৫৪২৫ গৰাকী মহিলা আৰু ৫,৫৭,৮৬৯টা শিশু বানত কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈ হাহাকাৰ কৰিছে। আনহাতে ইয়াৰে ৫৯৭৯২.১২ হেক্টৰ কৃষিভূমি বানত বুৰ যোৱাত ইয়াৰ সকলো খেতি আদি নষ্ট হয়। ইয়াৰ ফলত আগত দিনত অসমবাসী কি আহুকালৰ সন্মুখীন হ’ব লাগিব সেয়া সহজেই অনুমেয়।

আনহাতে, দিনটোত বৰপেটা জিলাত দুজন, হাইলাকান্দি, নলবাৰী, শোণিতপুৰ জিলাত এজনকৈ মুঠ ৫জন লোকৰ বানত পৰি মৃত্যু হয়। ইফালে, বজালীত এজন, হোজাইত চাৰিজন, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ আৰু তামুলপুৰত এজনকৈসহ মুঠ আঠজন লোক এতিয়াও সন্ধানহীন হৈ আছে । আনহাতে দিনটোত বজালী জিলাত ১১টা, বাক্সা জিলাত ৬টা, বৰপেটা জিলাত ৪৬টা, বিশ্বনাথ জিলাত ১টা, বঙাইগাঁও জিলাত ২৮টা, কাছাৰ জিলাত ১টা, চিৰাং জিলাত ৮টা, ধেমাজিত ৭টা, ধুবুৰী জিলাত ৩২টা, গোৱালপাৰা জিলাত ৩টা, কামৰূপ জিলাত ১১টা, কামৰূপ মহানগৰ জিলাত ১টা, কোকৰাঝাৰ জিলাত ১টা, লখিমপুৰ জিলাত ৫টা, মাজুলী জিলাত ৩টা, মৰিগাঁও জিলাত ৭টা, নগাঁও জিলাত ১টা, নলবাৰী জিলাত ৩১টা, শোণিতপুৰ জিলাত ৭টা আৰু দক্ষিণ শালমাৰা জিলাত যোৱা ২৪ ঘণ্টাৰ ভিতৰতেই সৰ্বমুঠ ২১৬ টা পথ উটুৱাই নিয়ে। ইয়াৰ ফলত এইবোৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। মুঠতে কাল ৰূপী বানৰ মহাপ্ৰলয়ৰ মাজত সৰ্বস্তৰৰ ৰাইজে সকলো হেৰুৱাই মাথোঁ আৰ্তনাদ কৰিছে। কিন্তু এই দুৰ্যোগত এইসকল লোকক কোনে ৰক্ষা কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here