Home নগাঁও নগাঁৱত চোৰাং গৰুভৰ্তি দুখন ট্ৰাকসহ পাঁচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নগাঁৱত চোৰাং গৰুভৰ্তি দুখন ট্ৰাকসহ পাঁচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

243
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৬ ডিচেম্বৰ: ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাতো চোৰাং গৰু সৰবৰাহ অব্যাহত আছে৷ আজি পুৱাও নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীয়ে বৰঘাট বাইপাছত অভিযান চলাই পাঁচজন চোৰাং গৰু সৰবৰাহকাৰীসহ ৪২টাকৈ গৰু ভৰ্তি দুখন ট্ৰাক আৰু এখন চুইফট ডিজায়াৰ গাড়ী জব্দ কৰে৷ ধৃত চোৰাং গৰু সৰবৰাহকাৰীকেইজন হ’ল-জান বৰা, মোস্তাফা আহমেদ, ৰnস্তম আলী, ভৃগু বাইলুং আৰু আজিবুৰ ৰহমান৷ তেওঁলোকে এ এছ-০১-এন চি-১৮৪৩ আৰু এএছ-০১-এলচি-৫১৫৭ নম্বৰৰ দুখন ট্ৰাকেৰে শিৱসাগৰ জিলাৰ ৰাজমাই বজাৰৰ পৰা ন-খঁটিৰ দিশে যোৱাৰ পথত আৰক্ষীয়ে চোৰাং গৰnসহ ট্ৰাককেইখন জব্দ কৰে৷ আৰক্ষীয়ে গৰু সৰবৰাহকাৰীকেইটাই ব্যৱহাৰ কৰা এএছ -০২-জেট-৬১ৰৰ নম্বৰৰ এখন ছুইফ্‌ট ডিজায়াৰ বাহনখনো জব্দ কৰে৷ উল্লেখ্য যে এই চোৰাং গৰু সৰবৰাহকাৰী চক্ৰটোৰ লগত বৰঘাট আৰক্ষী চকীৰ এজন কনিষ্টবল আৰু এজন হোমগাৰ্ড জড়িত থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here