Home অসম স্বাধীনতা দিৱস: ৰাজ্যত ১৬.০৭ কোটি টকাৰ পতাকা বিক্ৰী , হৰ ঘৰ তিৰংগা...

স্বাধীনতা দিৱস: ৰাজ্যত ১৬.০৭ কোটি টকাৰ পতাকা বিক্ৰী , হৰ ঘৰ তিৰংগা কাৰ্যসূচীক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ

115
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ আগষ্ট ঃ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উপলক্ষে দেশজুৰি উদ্‌যাপন হ’বলগীয়া ‘হৰ ঘৰ ত্ৰিৰংগা’ অৰ্থাৎ ‘ঘৰে ঘৰে জাতীয়
পতাকা’ কাৰ্যসূচীৰ অংশস্বৰূপে অসমত আজিপৰ্যন্ত ১৬.০৭ কোটি টকা মূল্যৰ জাতীয় পতাকা বিক্ৰী হৈছে৷ উল্লেখ্য যে ‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচীৰ অংশস্বৰূপে ৰাজ্যখনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ অধীনস্থ আত্মসহায়ক গোটসমূহে আজিলৈকে মুঠ ৩৫,৯৫,১৬৭খন জাতীয় পতাকা প্ৰস্তুত কৰি উলিয়াইছে৷ এই ৩৫,৯৫,১৬৭ জাতীয় পতাকাৰ ভিতৰত ৩২,৫৮,১৩৪খন জাতীয় পতাকা ইতিমধ্যে বিক্ৰী হৈছে আৰু ইয়াৰ পৰা মুঠ ১২.৪৭ কোটি টকা আয় হৈছে৷ উল্লেখ্য যে দেশজুৰি ৰূপায়ণ হ’বলগীয়া এই ‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচীৰ অংশস্বৰূপে ৭২২টা ক্লাষ্টাৰ লেভেল ফেডাৰেচনৰ অন্তৰ্গত আত্মসহায়ক গোটৰ ২৩,০০০গৰাকী সদস্য এই জাতীয় পতাকা প্ৰস্তুত প্ৰক্ৰিয়াত জড়িত হৈ আছে৷ এই পতাকাসমূহ বিক্ৰী কৰাৰ বাবে ৰাজ্যজুৰি আত্মসহায়ক গোটৰ মুঠ ১৯,১১০টা বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে৷ আনহাতে, আত্মসহায়ক গোটসমূহে স্থানীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা জাতীয় পতাকাৰ বাহিৰেও ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ক আন ৫০ লাখ জাতীয় পতাকা বিচাৰি আবেদন জনাইছিল৷ ইয়াৰে ৩৯.চ্ছ লাখ জাতীয় পতাকা অসম পাইছেহি৷ এই জাতীয় পতাকাসমূহ ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ ৩৪,০০০খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰাষ্ট˜ীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক সুলভ মূল্যত বিক্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ এনেদৰে প্ৰতিখন পতাকা ১৮ টকা দৰত উপলব্ধ কৰা হৈছে আৰু আজিপৰ্যন্ত প্ৰায় ২০ লাখ জাতীয় পতাকা [৩.৬০ কোটি মূল্যৰ] বিক্ৰী হৈছে৷ উল্লেখ্য যে আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে দেশবাসীক দেশপ্ৰেমৰ ভাবেৰে অধিক উদ্বুদ্ধ কৰি তোলা আৰু দেশবাসীৰ মনত জাতীয় পতাকাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উপলক্ষে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী হাতত লোৱা হৈছে৷ এই কাৰ্যসূচীৰ অধীনত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰতিটো বাসগৃহ, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলন বা প্ৰদৰ্শন কৰিবলৈ চৰকাৰে সকলোৰে প্ৰতি আহ৩ান জনাইছে৷ এই তিনিদিনীয়া কাৰ্যসূচীৰ অধীনত অসমত প্ৰায় ৮০ লাখ জাতীয় পতাকা উত্তোলন বা প্ৰদৰ্শন হ’ব বুলি আশা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here