Home শিৱসাগৰ শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ ঘোষণাত শিৱসাগৰত আনন্দৰ বন্যা

শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ ঘোষণাত শিৱসাগৰত আনন্দৰ বন্যা

48
0

গণবাৰ্তা বিশেষ, শিৱসাগৰ ২১ নৱেম্বৰ: ঐতিহাসিক শিৱসাগৰত ১৯৪৭ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা উজনি অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান শিৱসাগৰ কলেজ । প্ৰতিষ্ঠাপক অধ্যক্ষ ফুলনিৰ কবি পদ্মধৰ চলিহাৰ প্ৰচেষ্টাত  শিৱসাগৰ চহৰৰ কালিপ্ৰসাদ সোঁৱৰণী ভৱনত আৰম্ভ হোৱা আৰু ১৯৫২ চনত ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰলৈ স্থানান্তৰিত হোৱা শিৱসাগৰ কলেজে ভৰি দিছিল প্ৰতিষ্ঠাৰ গৌৰৱময় ৭৫ তম বৰ্ষত ।বৰ্ষজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৬ নৱেম্বৰত ঘোষণা কৰিছিল আগন্তুক তিনি বছৰৰ ভিতৰত শিৱসাগৰ কলেজক উন্নীত কৰা হ’ব বিশ্ববিদ্যালয় পৰ্যায়লৈ ।তাতপৰ্যপূৰ্ণ ভাৱে কেইদিনমানৰ পিছতে শণিবাৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ আন চাৰিখন মহাবিদ্যালয়ৰ সৈতে শিৱসাগৰ কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰাৰ লগেলগে কলেজ চৌহদৰ লগতে সমগ্ৰ শিৱসাগৰতে বিৰাজ কৰে এক আনন্দৰ পৰিবেশ । শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী বৰ্ষতে কলেজৰ মূল খনিকৰ সেউজ কোঁৱৰ পৰাগধৰ চলিহাৰ সপোন বাস্তবায়িত হোৱাত আনন্দিত আত্মহাৰা হৈ পৰিছে কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অধ্যাপক অধ্যাপিকাসহ কলেজ পৰিয়াল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here