Home Main Stories ভূটানৰ জলপ্ৰলয়ত বিধ্বস্ত নামনি: ৩৩ জিলাত বিপৰ্যস্ত জনজীৱন ৫১৫০খন গাঁৱত বানত ককবকাইছে...

ভূটানৰ জলপ্ৰলয়ত বিধ্বস্ত নামনি: ৩৩ জিলাত বিপৰ্যস্ত জনজীৱন ৫১৫০খন গাঁৱত বানত ককবকাইছে ৪৩ লাখ জনতাই

58
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ জুন ঃ
ভূটানৰ নদীবান্ধৰ পানীয়ে এতিয়া নামনি অসমত জলপ্ৰলয়ৰ সৃষ্টি কৰিছে৷ নামনি অসমৰ কে’বাখনো জিলাত বান পৰিস্থতি ক্ৰমান্বয়ে জটিল হৈ গৈ আছে৷ বিশেষকৈ কামৰূপ গ্ৰাম্যৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পানী ক্ৰমান্বয়ে বাঢ়ি থকাত আৰু অধিক অঞ্চল বানৰ কবলত পৰাৰ সম্ভাৱনাই দেখা দিছে৷ সম্প্ৰতি ৰাজ্যৰ ৩৩খনকৈ জিলা বানৰ কবলত পৰিছে৷ বৰপেটা, বজালী, বিশ্বনাথ, বঙাইগাঁও, বাক্সা, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, হোজাই, কামৰূপ, কামৰূপ [ম], কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিত বানে তাণ্ডৱ অব্যাহত আছে৷ বিশেষকৈ নামনি অসমত ভূটানৰ নদীবান্ধৰ পানীয়ে এখনৰ পিছত আনখন গাঁও বুৰাই আছে৷ এতিয়াও কে’বাখনো গাঁৱলৈ বান সম্প্ৰসাৰিত হৈ আহিছে৷ ৰাজ্যত ১৩০টা ৰাজহ চক্ৰলৈ বান সম্প্ৰসাৰিত হৈছে৷ উল্লেখ্য যে এতিয়ালৈকে ৰাজ্যত প্ৰায় প্ত,১৫০খন গাঁও বানৰ কবলত পৰিছে৷ বজালী জিলাত ১৭৩, বৰপেটাত, ৬১৪, গোৱালপাৰাত ৩২৭, ধুবুৰীত, ৬৪৫, কামৰূপ [গ্ৰাম্য] ৩২৮, কোকৰাঝাৰত ২৩৫, নলবাৰীত ৩৩১,দদৰংঙত ৩৯৪, নগাঁও ২২৯, ওদালগুৰিত ১৫১, কাছাৰত ৩১৩খন গাঁও জলমগ্ন হৈছে৷ উল্লেখ্য যে ভূটান আৰু মেঘালয়ৰ পানীয়ে বৰপেটা, নলবাৰী, বঙাইগাঁও, কামৰূপ, দৰং, গোৱালপাৰা আৰু ধুবুৰী জিলাত ব্যাপক সংহাৰী ৰূপ লৈছে৷ তুলনামূলকভাৱে বৰষুণ কমিছে যদিও ধলপানীৰ বাবে কামৰূপ, বৰপেটা আৰু নলবাৰী বানৰ প্ৰবলতা বাঢ়িয়ে আছে৷ উল্লেখ্য যে ৰাজ্যত প্ৰলয়ংকৰী বানত এতিয়ালৈ ৪৩ লাখ লোক আক্ৰান্ত হৈছে৷ তদুপৰি ৰলাখ ১০ হাজাৰ ৭০ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে৷ ইপিনে, বানৰ ফলত ২৯ লাখ ২৮ হাজাৰ ৩০টা পশুধন আক্ৰান্ত হৈছে৷ আনহাতে আজি নতুনকৈ ১৩টা মথাউৰি বিভিন্ন স্থানত ছিগিছে৷ ভূটানৰ পৰা অহা পানীয়ে দৰঙত প্তটা মথাউৰি উটুৱাই নিছে৷ একেদৰে কামৰূপত দুটা, ধেমাজিত চ্ছ্ৰটা, বৰপেটাত এটা মথাউৰিছিগি নিছে৷ ইপিনে, বানে অঞ্চলজুৰি বাট-পথৰ বিভিন্ন অংশ ছিগি নিয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ তদুপৰি কে’বাস্থানত আৰচিচি দলং উটুৱাই নিছে৷ ৰাজ্যত নতুনকৈ ২৯৭টা পথ বানে বিভিন্ন অংশত ছিগি নিছে৷ বৰপেটাত চ্ছটা, ধুবুৰীত ৫৯টা, দৰং ৩৩, কোকৰাঝাৰ ৫৪, নলবাৰীত ৫৩টা, নগাঁৱত ২৭ মৰিগাঁও তিনিটা পথ উটুৱাই নিছে৷ ইপিনে, বানৰ ফলত বজালীত দুখন, মৰিগাঁৱত এখন, নলবাৰীত এখন, শোণিতপুৰত এখন দলং ক্ষতিগ্ৰস্ত হৈছে৷ ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ সেনাবাহিনী নিয়োজিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰখা হৈছে৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাজ্যত ৰ,১৪৭টা অস্থায়ী সাহায্য শিবিৰ স্থাপন কৰা হৈছে৷ লক্ষণীয় যে বানৰ বাবে নামনি অসমৰ বিভিন্ন স্থানত বিদ্যালয়সমূহ বন্ধ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here