Home অসম যোৰহাটৰ ফ্লৰিনা গগৈয়ে লাভ কৰিলে ছুপাৰ ডান্সাৰ-চাপ্টাৰ ৪ৰ খিতাপ

যোৰহাটৰ ফ্লৰিনা গগৈয়ে লাভ কৰিলে ছুপাৰ ডান্সাৰ-চাপ্টাৰ ৪ৰ খিতাপ

55
0

ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ১০ অক্টোবৰ ঃ প্ৰায় ছমহীয়া যাত্ৰাৰ অন্তত ছনী এন্টাৰটেইনমেন্ট টেলিভিছনে শিশুৰ আটাইতকৈ পচন্দৰ ৰিয়েলিটী শ্ব’ ছুপাৰ ডান্সাৰ— চাপ্টাৰ ৪-এ ঘোষণা কৰিলে এইবাৰৰ ছিজনৰ ‘ডান্স কা কল’ৰ বিজয়ীৰ নাম। নাচপন কা মহা মহোৎসৱ শীৰ্ষক গ্ৰেণ্ড ফিনালেত সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই অসমৰ যোৰহাটৰ ফ্লৰিনা গগৈক এইবাৰৰ ছিজনৰ বিজয়ী হিচাপে ঘোষণা কৰা হয় আৰু ছুপাৰ ডান্সাৰ-চাপ্টাৰ ৪ৰ ট্ৰফী প্ৰদান কৰা হয়। ছনী এন্টাৰটেইনমেন্ট টেলিভিছনৰ তৰফৰ পৰা ফ্লৰিনা গগৈক ১৫ লাখ টকাৰ চেক আৰু ফ্লৰিনাৰ ছুপাৰ গুৰু তুষাৰ শেট্টীক ৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়। ছুপাৰ ৫ ফাইনেলিষ্টৰ পৰা কৰ্নাটকৰ বেলগ’মৰ পৃথ্বীৰাজক দ্বিতীয় ৰানাৰ -আপ, পঞ্জাবৰ সঞ্চিত চনানাক তৃতীয় ৰানাৰ-আপ, এম পিৰ হোছংগাবাদৰ নীৰজা তিৱাৰীক চতুৰ্থ ৰানাৰ-আপ আৰু নতুন দিল্লীৰ ঈশা মিশ্ৰক পঞ্চম ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়।

চাৰিগৰাকী ৰানাৰ-আপলৈ ১ লাখ টকাৰ চেক আগবঢ়োৱা হয়। তদুপৰি ৫গৰাকী ছুপাৰ ফাইনেলিষ্টে  ভ’ল্টাছ বেকো ৰেফ্ৰিজাৰেটৰ আৰু  ভ’ল্টাছ এয়াৰ পিউৰিফায়াৰ, বৰ্নভিটাৰ পৰা আকৰ্ষণীয় পুৰস্কাৰৰ টোপোলা এ ইউ স্মল ফাইনেন্স বেংকৰ পৰা ৫১,০০০ টকাৰ ম্যাদী জমাৰ প্ৰমাণ-পত্ৰও আগবঢ়োৱা হয়। ছুপাৰ ৫ ফাইনেলিষ্ট আৰু ছুপাৰ গুৰুসকলৰ লগতে ৫,০০০ টকাৰ পতঞ্জলি স্বদেশী সমৃদ্ধি আই কাৰ্ড আগবঢ়োৱা হয়। বহুমুখী প্ৰতিভাসম্পন্ন, অনন্য আৰু এনাৰ্জেটিক ফ্লৰিনা গগৈ আৰু তেওঁৰ ছুপাৰ গুৰু তুষাৰ শেট্টীক অনুৰাগীসকলে ‘ফ্লটাছ’ নামেৰে অভিহিত কৰিছিল। প্ৰতিটো সপ্তাহত ফ্লৰিনাই তেওঁৰ অদ্ভুত প্ৰদৰ্শনেৰে মঞ্চ কঁপাই  তোলাৰ লগতে বিচাৰকৰ আসনত থকা তিনিগৰাকী চেলিব্ৰিটিকো মন্ত্ৰমুগ্ধ কৰিছিল। নিজৰ প্ৰতিভাৰে সকলোৰে মন জয় কৰিছে ফ্লৰিনা সঁচায়ে ‘ডান্স কা কল’।

LEAVE A REPLY

Please enter your comment!
Please enter your name here