Home Main Stories ধান ক্ৰয়ৰ ক্ষেত্ৰত খাদ্য নিগমে ৰক্ষা কৰা নাই প্ৰতিশ্ৰুতি ; সদনত কৃষিমন্ত্ৰী...

ধান ক্ৰয়ৰ ক্ষেত্ৰত খাদ্য নিগমে ৰক্ষা কৰা নাই প্ৰতিশ্ৰুতি ; সদনত কৃষিমন্ত্ৰী অতুল বৰাৰ স্বীকাৰোক্তি

195
0

ৰাজ্যৰ কৃষকৰ উৎপাদিত ধান ক্ৰয়ৰ বাবে ব্যৱস্থা লোৱাৰ আশ্বাস

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ জুলাই ঃ অসম বিধানসভাৰ কাৰ্যপালিকাৰ ৩০১ নিয়মানুসৰি আজি পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু বকোৰ বিধায়ক নন্দিতা দাসে চৰকাৰে ধাৰ্য কৰা এমএছপি অনুসৰি ৰাজ্যৰ কৃষকে ধান বিক্ৰী কৰিব নোৱাৰা তথা খাদ্য নিগমে ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় নকৰা সন্দৰ্ভত বিষয়বস্তু উত্থাপন কৰি কৃষি বিভাগে যাতে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আহবান জনায়। ইয়াৰ উত্তৰত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যত পূৰ্বতকৈ ধানৰ উৎপাদন বৃদ্ধি পাইছে। কৃষি বিজ্ঞানীসকলে বানৰ সময়ত ধানৰ উৎপাদন বৃদ্ধি কৰাৰ বাবেও উন্নত জাতৰ সন্ধান কৰিছে। বানৰ ফলত যাতে ধানখেতি নষ্ট নহয় তাৰ বাবে ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১ আদি উন্নত জাতৰ ব্যৱস্থা কৰিছে। যাৰ ফলত ধানৰ উৎপাদন বৃদ্ধি পাইছে। কিন্তু ৰাজ্যৰ কৃষকে ধানৰ উপযুক্ত মূল্য পোৱা নাই। ৰাইজৰ পৰা কিদৰে এফচিআয়ে অধিক পৰিমাণে ধান ক্ৰয় কৰিব পাৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে কৃষি বিভাগে উদ্যোগ লৈছে। ধান ক্ৰয় কৰাৰ বাবে ভাৰতীয় খাদ্য নিগমে ৰাজ্য চৰকাৰক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। সেইবাবে কৃষকে এমএছপি অনুসাৰে মূল্য লাভ কৰা নাই। অৱশ্যে খাদ্য নিগমে ধান ক্ৰয় কৰাৰ উপৰি ৰাজ্যৰ কৃষকৰ ধান যাতে ৰাজ্যৰ খাদ্য আৰু অসামৰিক বিভাগে উপযুক্ত মূল্যত ক্ৰয় কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে ইতিমধ্যে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছে। কৃষকৰ পৰা যাতে ধান ক্ৰয় কৰিব পাৰি তাৰ বাবে মুখ্যমন্ত্ৰীক পৰ্যাপ্ত ধন আবণ্টন কৰাৰ আহবান জনোৱা হৈছে। ৰাজ্যৰ কৃষকে এতিয়া উৎপাদিত কৃষি-সামগ্ৰী বহিঃৰাজ্যৰ লগতে বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। ইপিনে শীতলীকৃত ভঁৰালৰ সমস্যা দূৰ কৰাৰ বাবে ৰাজ্যৰ কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ব্যক্তিগতভাৱে শীতলীকৃত ভঁৰাল নিৰ্মাণ কৰাৰ বাবে ৫০ শতাংশ ছাবিচিডী দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে। ইতিমধ্যে ছয়গাঁৱত এটা ক’ল্ড ষ্ট’ৰেজ নিৰ্মাণ কৰিছে আৰু ইয়াৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হৈছে। আনহাতে ৰাজ্যত সমবায়ভিত্তিক ২৪৬টা গুদাম নিৰ্মাণৰ ব্যৱস্থা লোৱা হৈছে বুলিও কৃষিমন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। বিগত সময়ছোৱাত ৰাজ্যসাহায্যপ্ৰাপ্ত ১৫,১০২খন Îট্ৰক্টৰ কৃষকৰ মাজত বিতৰণ কৰা হৈছে আৰু ৰাজসাহায্যযুক্ত ৩০ হাজাৰ পাৱাৰ টিলাৰ কৃষকক বিতৰণ কৰি গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ চেষ্টা চলোৱা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here